গুৱাহাটী,15 আগষ্টঃঅসম তথা উত্তৰ পূৰ্বাঞ্চল বিভিন্ন প্ৰজাতিৰ পখিলাৰ বাসস্থান যদিও জলবায়ু পৰিৱৰ্তন আৰু প্ৰদূষণৰ ফলত কেইবাটাও প্ৰজাতিৰ পখিলা সম্পূৰ্ণৰূপে বিলুপ্ত হৈছে অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ পৰা । ডনবস্ক' বিশ্ববিদ্যালয়ে পখিলাৰ বাবে নিৰ্মাণ কৰিবলৈ লোৱা এই পদক্ষেপৰ জৰিয়তে বাগিচাখনে পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰত এক বিশেষ ভূমিকা গ্ৰহণ কৰিব ।
পখিলা আহিব বিশ্ববিদ্যালয়লৈ - DONBOSCO UNIVERSITY NEWS
মহানগৰীৰ আজাৰাস্থিত ডনবস্ক' বিশ্ববিদ্যালয়ে লৈছে বিশেষ পদক্ষেপ ৷ ভিন্নৰঙী পখিলাক আশ্ৰয় প্ৰদান কৰিব ডনবস্ক' বিশ্ববিদ্যালয়ে ৷
পখিলা আহিব বিশ্ববিদ্যালয়লৈ
গুৱাহাটী,15 আগষ্টঃঅসম তথা উত্তৰ পূৰ্বাঞ্চল বিভিন্ন প্ৰজাতিৰ পখিলাৰ বাসস্থান যদিও জলবায়ু পৰিৱৰ্তন আৰু প্ৰদূষণৰ ফলত কেইবাটাও প্ৰজাতিৰ পখিলা সম্পূৰ্ণৰূপে বিলুপ্ত হৈছে অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ পৰা । ডনবস্ক' বিশ্ববিদ্যালয়ে পখিলাৰ বাবে নিৰ্মাণ কৰিবলৈ লোৱা এই পদক্ষেপৰ জৰিয়তে বাগিচাখনে পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰত এক বিশেষ ভূমিকা গ্ৰহণ কৰিব ।
Intro:পখিলা আহিব মহানগৰীৰ এখন বিশ্ববিদ্যালয়ৰ প্ৰাংগণত। ৰঙা, নীলা, হালধীয়া, বিভিন্ন ৰঙৰ পখিলাক বিশ্ববিদ্যালয়খনৰ প্ৰাংগণত আশ্ৰয়স্থলী প্ৰদানৰ উদ্দেশ্যে বিশ্ববিদ্যালয়খনৰ কৰ্তৃপক্ষই হাতত লৈছে এক বিশেষ পদক্ষেপ। দেখিলে সাধাৰণ যেন লগা এই পদক্ষেপৰ অন্তৰালত আছে এক মহান উদ্দেশ্য।
Body:মহানগৰীৰ এখন বিশ্ববিদ্যালয়ত এই মহিলা সকল ব্যস্ত গছপুলি ৰোপণত। গছপুলি ৰোপণ কৰা এই মহিলা সকলে বিশ্ববিদ্যালয়খনত সাজি উলিয়াব এখন বিশেষ বাগিচা। এই বিশেষ বাগিচাখন তৈয়াৰ কৰা হৈ আছে বিভিন্ন প্ৰজাতিৰ পখিলাৰ বাবে। বিশ্ববিদ্যালয়খনৰ শিক্ষাৰ্থী সকল যাতে এক সুন্দৰ পৰিবেশৰ মাজত থাকি অধ্যয়ন কৰাৰ লগতে পখিলা সকলেও এক নিৰাপদ আশ্ৰয়স্থলী লাভ কৰিব পাৰে ইয়াৰ ওপৰত গুৰুত্ব প্ৰদান কৰি এই বাগিচাখন তৈয়াৰ কৰাৰ চেষ্টা কৰিছে বিশ্ববিদ্যালয়খনৰ কৰ্তৃপক্ষই।
বাইট ১: মনোৰঞ্জন কলিতা, ডনবস্ক' বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষ
মহানগৰীৰ আজাৰাস্থিত ডনবস্ক' বিশ্ববিদ্যালয়ত এই বিশেষ বাগিচাখন সাজি উলিওৱাৰ দায়িত্ব অৰ্পণ কৰা হৈছে সংগ্ৰাম নেওগ নামৰ এগৰাকী পখিলা বিশেষজ্ঞৰ হাতত। পখিলা বিশেষজ্ঞ সংগ্ৰাম নেওগ এই বাগিচাখনলৈ কেনেকৈ আনিব পখিলা? ডনবস্ক' বিশ্ববিদ্যালয়ৰ প্ৰাংগণত নিৰ্মাণ কাৰ্য চলি থকা এই বাগিচাখনত পখিলা বিশেষজ্ঞ সংগ্ৰাম নেওগে ৰোপণ কৰিছে পখিলাই কণী পাৰি পোৱালি জগাব পৰা বিভিন্ন প্ৰজাতিৰ প্ৰায় ৩০ বিধ গছপুলি। অসম তথা উত্তৰ পূৰ্বাঞ্চল বিভিন্ন প্ৰজাতিৰ পখিলাৰ বাসস্থান যদিও জলবায়ু পৰিৱৰ্তন আৰু প্ৰদূষণৰ ফলত কেইবাটাও প্ৰজাতিৰ পখিলা সম্পূৰ্ণৰূপে বিলুপ্ত হৈছে অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ পৰা। ডনবস্ক' বিশ্ববিদ্যালয়ে পখিলাৰ বাবে নিৰ্মাণ কৰিবলৈ লোৱা এই বাগিচাখন পৰিবেশ সংৰক্ষণৰ ক্ষেত্ৰত এক বিশেষ ভূমিকা গ্ৰহণ কৰিব। ডনবস্ক' বিশ্ববিদ্যালয়ৰ এই পদক্ষেপ অন্যান্য শিক্ষা অনুষ্ঠান সমূহেও গ্ৰহণ কৰি পৰিবেশ সংৰক্ষণৰ বাবে ওলাই আহিব লাগে বুলি মন্তব্য কৰে পখিলা বিশেষজ্ঞ গৰাকীয়ে। চৰকাৰী-বেচৰকাৰী সন্থাই বিভিন্ন বন্যপ্ৰাণী সংৰক্ষণৰ ওপৰত গুৰুত্ব প্ৰদান কৰা দেখিবলৈ পোৱা যায় যদিও ইয়াৰ মাজত পখিলা কৰবাত হেৰাই থাকে।
বাইট ২ : সংগ্ৰাম নেওগ, পখিলা বিশেষজ্ঞ
Conclusion:ডনবস্ক' বিশ্ববিদ্যালয়ে পখিলা সংৰক্ষণৰ বাবে আগুৱাই অহাটো সচাকৈ শলাগ ল'ব লগা। এতিয়া সকলোৰে আশা এই বাগিচাখনত সম্পূৰ্ণ হোৱাৰ পিছত ইয়াত যাতে দেখিবলৈ পোৱা যায় বিভিন্ন প্ৰজাতিৰ পখিলা। (End PTC)