ETV Bharat / state

ন-বিজেপিৰ দৌৰাত্ম: তিনি পুৰণি বিজেপি মন্ত্ৰী বিপদত

author img

By

Published : Feb 25, 2021, 9:32 PM IST

সুদীৰ্ঘ সময় ধৰি বিজেপি বা আৰএছএছৰ সৈতে জড়িত ওঠৰজনীয়া সোণোৱাল মন্ত্ৰীসভাৰ তিনিজনকৈ মন্ত্ৰী এতিয়া একপ্ৰকাৰ ৰাজনৈতিক অস্তিত্বৰ সংকটত ৷

ন-বিজেপিৰ দৌৰাত্ম: তিনি পুৰণি বিজেপি মন্ত্ৰী বিপদত
ন-বিজেপিৰ দৌৰাত্ম: তিনি পুৰণি বিজেপি মন্ত্ৰী বিপদত

গুৱাহাটী,২৫ ফেব্ৰুৱাৰী: বৰ্তমানৰ ওঠৰজনীয়া সোণোৱাল মন্ত্ৰীসভাৰ তিনিজনকৈ মন্ত্ৰী এতিয়া একপ্ৰকাৰ ৰাজনৈতিক অস্তিত্বৰ সংকটত । মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ বৰ্তমানৰ মন্ত্ৰীসভাত থকা মাত্ৰ চাৰিগৰাকী মন্ত্ৰীহে আছে, যিসকল সুদীৰ্ঘ সময় ধৰি বিজেপি বা আৰএছএছৰ সৈতে জড়িত। এই চাৰিগৰাকী মন্ত্ৰী হ'ল পৰিমল শুক্লবৈদ্য, ৰঞ্জিৎ দত্ত, সিদ্ধাৰ্থ ভট্টাচাৰ্য আৰু ভবেশ কলিতা । মিত্ৰদল অগপ আৰু বিপিএফৰ ছয় গৰাকী মন্ত্ৰীক বাদ দি বাকীসকল মন্ত্ৰী বিভিন্ন দলৰ পৰা আহিছে আৰু গেৰুৱা বসন পিন্ধিছে । আনকি স্বয়ং মুখ্যমন্ত্ৰীও অগপৰ পৰা গৈহে গেৰুৱা হৈছে ।

বৰ্তমান আটাইতকৈ মনকৰিবলগীয়া কথাটো হ'ল, বিধানসভা নিৰ্বাচনত এতিয়া এই চাৰিগৰাকী পুৰণি বিজেপি মন্ত্ৰীৰ ভিতৰত তিনিগৰাকীৰ সমূখতেই দেখা দিছে বিপদ। প্ৰাৰ্থিত্বকলৈও টনাটনি হৈছে পৰিমল শুক্লবৈদ্যক বাদ দি বাকী তিনি মন্ত্ৰীৰ । কংগ্ৰেছৰ উদ্যোগত গঠন হোৱা মহাজোটে অংকত আউল লগাইছে মন্ত্ৰী ভবেশ কলিতাৰ। কিয়নো তেওঁৰ গৃহ সমষ্টি ৰঙিয়াত বাঁওদলৰ প্ৰভাৱ সাংঘাতিক। মহাজোটৰ অন্যতম অংশীদাৰ হৈছে বাঁওদল ।

আনহাতে, মন্ত্ৰী ৰঞ্জিৎ দত্ত আৰু সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ বিপদ আহিছে অন্য ধৰণে । সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ সমষ্টি পূৱ গুৱাহাটীত এইবাৰ শক্তিশালী দাবীদাৰ হিচাপে থিয় দিছে মুখ্যমন্ত্ৰীৰ আইন উপদেষ্টা শান্তনু ভড়ালী । মুখ্যমন্ত্ৰীৰ আশীৰ্বাদ লৈয়ে ইতিমধ্যে সমষ্টিত নামি পৰিছে ভড়ালী । ফলত স্বাভাৱিকতে পুণৰ প্ৰাৰ্থিত্ব লাভক লৈ অনিশ্চয়তাত ভূগিবলগীয়া হৈছে মন্ত্ৰী ভট্টাচাৰ্য । ইপিনে সোণোৱাল মন্ত্ৰীসভাৰ আনজন পুৰণি বিজেপি মন্ত্ৰী ৰঞ্জিৎ দত্তক পুণৰ প্ৰাৰ্থিত্ব দিয়াৰ পক্ষপাতী নহয় ড৹ হিমন্ত বিশ্ব শৰ্মা । দত্তৰ পৰিবৰ্তে আন এজন নেতাৰ প্ৰাৰ্থিত্বকলৈহে অধিক আগ্ৰহী মন্ত্ৰী ড৹ শৰ্মা । ফলত এতিয়া নিজৰ দলতেই একপ্ৰকাৰ অস্তিত্বৰ সংকটত ভূগিবলগীয়া হৈছে এই তিনি মন্ত্ৰী ।

লগতে পঢ়ক: গুৱাহাটীৰ চিটি বাছেৰে ভৰি পৰিল অমিত শ্বাহৰ সভা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.