গুৱাহাটী, 4 অক্টোবৰ : ঠন ধৰি উঠিছে অসমীয়া বোলছবি জগত ৷ মুক্তি পাইছে ইখনৰ পিচত সিখনকৈ কমাৰ্চিয়েল ছবি ৷ চলিত বৰ্ষত মুক্তি পোৱা ফুল এণ্টাৰটেইনাৰ ছবি ৰঘুপতিয়ে ভংগ কৰিলে বহু অভিলেখ ৷ বৰ্তমানে প্ৰচাৰ চলি আছে ৰাঘৱৰ ৷ 27 অক্টোবৰত ছবিগৃহলৈ আহি আছে ৰাঘৱ ৷ কলা-কুশলীৰ আশা দৰ্শকে ছবিখন আঁকোৱালি ল’ব ৷
আপোনালোকে জানি সুখী হ’ব যে ৰাঘৱৰ পূৰ্বে মুক্তি লাভ কৰিব দুখনকৈ অসমীয়া বোলছবিয়ে ৷ একেদিনাই মুক্তি পাব এই পূৰ্ণদৈৰ্ঘৰ ছবি দুখনে ৷ পৰিচালক ৰুদ্ৰজিৎ মজুমদাৰ পৰিচালিত ছবি "এটি নক্ষত্ৰ" আৰু পৰিচালক নিৰ্মল দাসৰ পৰিচালনাত 6 অক্টোবৰত ছবিগৃহলৈ আহি আছে "মমতাৰ চিঠি"।
![new assamese films](https://etvbharatimages.akamaized.net/etvbharat/prod-images/04-10-2023/newassamesefilm_04102023183216_0410f_1696424536_370.jpg)
হেম বৰুৱাৰ "মমতাৰ চিঠি" কবিতাটি নপঢ়া বা নুশুনা মানুহ হয়তো অসমত নোলাব । হেম বৰুৱাৰ অনন্য সৃষ্টি, 'মমতাৰ চিঠি' শীৰ্ষক হৃদয়স্পৰ্শী কবিতাটিৰ আধাৰত 'মুখা'ৰ বেনাৰত নিৰ্মল দাসে নিৰ্মাণ কৰি উলিয়াছে নতুন অসমীয়া ছবি 'মমতাৰ চিঠি'। আগন্তুক ৬ অক্টোবৰত অসমৰ ৩২ টা ছবিগৃহত 'মমতাৰ চিঠি' য়ে মুক্তি লাভ কৰিব ৷ ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে গুঞ্জন ভৰদ্বাজ আৰু গীতাঞ্জলি শইকীয়াই ৷ ইয়াৰোপৰি ছবিখনত অভিনয় কৰিছে চেতনা দাস, ভাৰ্গৱ কটকী, বিশ্বজিত ওজা, মল্লিকা শৰ্মাৰ আদিকে ধৰি বহু ন-পুৰণি অভিনেতা-অভিনেত্ৰীয়ে । ছবিখনৰ আৱহ সংগীত তৰালী শৰ্মাৰ ৷
![new assamese films](https://etvbharatimages.akamaized.net/etvbharat/prod-images/04-10-2023/newassamesefilm_04102023183216_0410f_1696424536_574.jpg)
আনহাতে আনখন ছবি হ’ল হাইপ এণ্টাৰটেইনমেণ্ট'ৰ বেনাৰত নিৰ্মিত পৰিচালক ৰুদ্ৰজিৎ মজুমদাৰৰ "এটি নক্ষত্ৰ"। 'এটি নক্ষত্ৰ"ৰ বিভিন্ন চৰিত্ৰত অভিনয় কৰিছে ক্ৰমে ৰীণা বৰা, বিষ্ণু খাৰঘৰীয়া, সুৰেণ মহন্ত, ৰুদ্ৰজিৎ মজুমদাৰ, মহেন্দ্ৰ দাস, মিন্টু বৰুৱা, গীতাৱলী ৰাজকুমাৰী, প্ৰতিভা চৌধুৰী, পংকজ পূজাৰী, অৰ্চনা পূজাৰী, লিপিকা বৰা মেধি আদিকে ধৰি বহু ন-পুৰণি অভিনেতা-অভিনেত্ৰীয়ে । ‘অপৰাধীক শাস্তিও বিহা হয়, ক্ষমাও কৰা হয় । অপৰাধীক বস কৰিব পাৰিলে অপৰাধীয়েই নাথাকিব । অপৰাধীক বস কৰিবলৈ কেতিয়াবা জন্ম হয় একো একোটা নক্ষত্ৰৰ’ – এই বিষয়বস্তু লৈ নিৰ্মাণ কৰা হৈছে অসমীয়া ছবি 'এটি নক্ষত্ৰ'। ছবি দুখনক লৈ এতিয়া যথেষ্ট আশাবাদী কলা-কুশলী তথা পৰিচালকদ্বয় ।
লগতে পঢ়ক : Upcoming Assamese film raghav:মুকলি কৰা হ’ল ৰাঘৱ ছবিখনৰ মা অ মা শীৰ্ষক গীতটিৰ ভিডিঅ’