ETV Bharat / state

New song released: নতুন অসমীয়া ছবি ৰাঘৱৰ নতুন গীত মুকলি

author img

By ETV Bharat Assamese Team

Published : Sep 1, 2023, 11:01 PM IST

মুক্তি পালে অসমীয়া ছবি 'ৰাঘৱ'ৰ নতুন গীত 'চিলমিল টোপনিতে' । একবিংশ শতিকাৰ প্ৰথম দশকৰ নষ্টালজিয়া কঢ়িয়াই মুক্তি পালে 'ৰাঘৱ'ৰ 'চিলমিল টোপনিতে' শীৰ্ষক গীতটি । জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গ আৰু মহালক্ষ্মী আয়াৰৰ কণ্ঠত প্ৰাণ পাইছে এই বিশেষ গীতটিয়ে ।

New Assamese film Raghav new song released
নতুন অসমীয়া ছবি ৰাঘৱৰ নতুন গীত মুকলি
নতুন অসমীয়া ছবি ৰাঘৱৰ নতুন গীত মুকলি

গুৱাহাটী,১ ছেপ্টেম্বৰ: শুকুৰবাৰে মুক্তি পালে যতীন বৰাৰ নতুন অসমীয়া ছবি 'ৰাঘৱ'ৰ 'চিলমিল টোপনিতে' শীৰ্ষক গীতটি । ধ্বনি ৰেকৰ্ডচ নামৰ চেনেলটোৰ জৰিয়তে মুক্তি দিয়া হয় গীতটি । 'চিলমিল টোপনিতে' গীতটিৰ শ্বুটিং কৰা হৈছে কাশ্মীৰ- লাডাখত । জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গ আৰু মহালক্ষ্মী আয়াৰৰ কণ্ঠত প্ৰাণ পাই উঠা গীতটিয়ে শ্ৰোতা দৰ্শকৰ মৰম আৰু সঁহাৰি লাভ কৰিব বুলি আশাবাদী 'ৰাঘৱৰ' পৰিচালক তথা কলা-কুশলীসকল ।

  • " class="align-text-top noRightClick twitterSection" data="">

গীতটিৰ মুক্তিৰ পিছতেই গীতটিৰ সন্দৰ্ভ 'ৰাঘৱ' প্ৰযোজক নৱনীতা শৰ্মা বৰাই মন্তব্য কৰি কয় যে গীতটি শ্বুটিং কাশ্মীৰ আৰু লাডাখত কৰা হৈছে । গীতটি শ্বুটিং কৰিবলৈ যাওঁতে তেওঁলোকে বহু কষ্টৰ সন্মুখীন হোৱাৰ কথাও প্ৰকাশ কৰে প্ৰযোজিকাই । প্ৰাকৃতিকভাৱেও তেওঁলোকে বহু বাধাৰ সন্মুখীন হোৱাৰ কথাও উল্লেখ কৰে । বৰফৰ বাবে ৰাস্তাও বন্ধ হৈ যোৱাৰ কথা উল্লেখ কৰি আৱেগিক হৈ পৰে নৱনীতা শৰ্মা বৰুৱা ।

এনেবোৰ বাধাৰ সন্মুখীন হৈয়ো থমকি নোৰোৱা কথা উল্লেখ কৰি তেওঁ কয় যে, ১০ দিনৰ বাবে কাশ্মীৰলৈ গৈছিল যদিও তাত তেওঁলোকে ১৫-১৬ দিন থাকিবলগীয়া হৈছিল আৰু উভতি আহোঁতে বিমানবন্দৰ বন্ধ হৈ যোৱাৰ বাবে তেওঁলোকে গাড়ীৰে দিল্লীলৈ আহিব লগা হৈছিল বুলি সেই সময়ৰ কথা সুৱঁৰে নৱনীতা শৰ্মা বৰুৱাই ।

কিন্তু ইমান কষ্টৰ পিছতো এতিয়া যেতিয়া গীতিটি দৰ্শকে আদৰি লৈছে, তাতেই তেওঁলোকৰ কষ্ট সাৰ্থক হোৱা যেন অনুভৱ হৈছে । গীতটি আদৰি লোৱা বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰে নৱনীতা শৰ্মা বৰাই । উল্লেখ্য যে, চিলমিল টোপনিতে' গীতটিত অভিনয় কৰিছে যতীন বৰা আৰু নিশিতা গোস্বামীয়ে । ৰত্নাকৰৰ সফলতাৰ পিছত এইবাৰ 'ৰাঘৱ'ৰ বাবে সাজু হৈছে JB Production ।

অহা ২৭ অক্টোবৰত অসমৰ প্ৰতিটো ছৱিগৃহত মুক্তি দিয়া হ'ব অসমীয়া ছবি 'ৰাঘৱ'। ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে যতীন বৰাই, আনহাতে 'ৰাঘৱ'ৰ মাতৃৰ ভূমিকাত অভিনয় কৰিছে বিশিষ্ট অভিনেত্ৰী মৃদুলা বৰুৱাই । লগতে ছবিখনত অভিনয় কৰিছে নিশিতা গোস্বামী, হিৰণ্য ডেকা, সিদ্ধাৰ্থ নিপন গোস্বামীকে ধৰি কেইবাগৰাকীও ন-পুৰণি অভিনেতা-অভিনেত্ৰীয়ে । ছবিখনৰ সংগীত পৰিচালনা কৰিছে হাৰ্টথ্ৰৱ জুবিন গাৰ্গে । ছবিখনৰ কাহিনী অভিজিত ভট্টাচাৰ্যৰ ।

লগতে পঢ়ক: AASU protest against price hike: ৰঙিয়াত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰোধিতাৰে আছুৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.