ETV Bharat / state

New Assamese film 2023: অচিৰেই ছবিগৃহলৈ নতুন অসমীয়া ছবি এটি নক্ষত্ৰ

author img

By ETV Bharat Assamese Team

Published : Sep 6, 2023, 8:51 PM IST

অসমীয়া ছবিপ্ৰেমী সকলৰ বাবে ভাল খবৰ । অহা ৬ অক্টোবৰ আহি আছে নতুন অসমীয়া ছবি 'এটি নক্ষত্ৰ' । ৰাজ্য লগতে বহিঃ ৰাজ্যতো মুক্তি দিয়া হ'ব ছবিখন । ছবিখনক লৈ আশাবাদী কলা-কুশলী ।

New Assamese film Ati Nakshatra to hit theatres
অচিৰেই ছবিগৃহলৈ নতুন অসমীয়া ছবি এটি নক্ষত্ৰ

গুৱাহাটী,৬ ছেপ্টেম্বৰ: অহা ৬ অক্টোবৰত ছবিগৃহলৈ আহি আছে এখন নতুন অসমীয়া ছবি 'এটি নক্ষত্ৰ' । অসমৰ লগতেই বহিঃৰাজ্যতো মুক্তি দিয়া হ'ব ছবিখন । বুধবাৰে গুৱাহাটী প্ৰেছ ক্লাবত এক সংবাদমেল সম্বোধন কৰি ছবিখনৰ বিষয়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰাৰ লগতে ছবিখনিৰ ট্ৰেইলাৰ আৰু এটি গীতো প্ৰদৰ্শন কৰা হয় ।

সংবাদমেলখনত উপস্থিত থাকে ছবিখনৰ প্রযোজক-পৰিচালকৰ লগতে কেবাগৰাকীও কলা-কুশলী । 'অপৰাধীক শাস্তিও বিহা হয়, ক্ষমাও কৰা হয় । অপৰাধী বস কৰিব পাৰিলে অপৰাধীয়েই নাথাকিব । অপৰাধীক বস কৰিবলৈ কেতিয়াবা জন্ম হয় একো একোটা নক্ষত্ৰৰ ।' এনে এক সমাজহিতকৰ গধুৰ বিষয়বস্তু লৈ নিৰ্মাণ কৰা হৈছে অসমীয়া ছবি 'এটি নক্ষত্র'।

হাইপ এণ্টাৰটেইনমেণ্ট'ৰ বেনাৰত নিৰ্মিত ছবিখনিৰ প্রযোজনা কৰিছে ৰুদ্ৰজিৎ‍ মজুমদাৰ আৰু দ্বিগ্বিজয় মেধিয়ে । কাহিনী, চিত্রনাট্য আৰু পৰিচালনা ৰুদ্ৰজিৎ মজুমদাৰৰ । মুখ্য সহকাৰী পৰিচালক হিচাপে আছে অমৰদ্বীপ গগৈ আৰু সহকাৰী পৰিচালক কণিকা দাস, চন্দন কুমাৰ আৰু দিব্যজ্যোতি ডেকা । দৃশ্যগ্ৰহণকাৰী প্ৰদীপ দৈমাৰী আৰু সংগীত পৰিচালনা বিকাশ বৰুৱাৰ ।

আনহাতে ছবিখনৰ গীতসমূহত কণ্ঠদান কৰিছে কন্ঠশিল্পী ৰূপম ভূঞা আৰু প্ৰণামিকা গোস্বামীয়ে । 'এটি নক্ষত্র'ৰ বিভিন্ন চৰিত্ৰত অভিনয় কৰিছে ক্ৰমে ৰীণা বৰা, বিষ্ণু খাৰঘৰীয়া, সুৰেণ মহন্ত, ৰুদ্ৰজিৎ মজুমদাৰ, মহেন্দ্র দাস, মিন্টু বৰুৱা, গীতাৱলী ৰাজকুমাৰী, প্ৰতিভা চৌধুৰী, পংকজ পূজাৰী, অৰ্চনা পূজাৰী, লিপিকা বৰা মেধিকে আদি কৰি বহু ন-পুৰণি অভিনেতা-অভিনেত্ৰীয়ে ।

উল্লেখ্য যে, সদ্যমুক্তিপ্ৰাপ্ত ছবিখনৰ ট্ৰেইলৰটোৱে যথেষ্ট জনপ্ৰিয়তা অৰ্জন কৰিছে ছ'চিয়েল মিডিয়াত । গুৱাহাটীৰ লগতে গুৱাহাটীৰ পাৰ্শ্বৱৰ্তী অঞ্চলসমূহত শ্বুটিং কৰা হৈছে ছবিখনৰ । ছবিখনক লৈ আশাবাদী ছবিখনৰ কলা-কুশলী তথা পৰিচালক ।

লগতে পঢ়ক: Road accident in Jonai: জোনাইত ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে দুই যুৱকে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.