ETV Bharat / state

উত্তৰ-পূৱৰ সম্বন্ধ অটুট ৰখাৰ উদ্দেশ্যেৰে অৰুণাচলৰ শিল্পীৰ বিশেষ পদক্ষেপ

author img

By

Published : Sep 15, 2020, 10:10 PM IST

অৰুণাচল প্ৰদেশৰ মনোৰম প্ৰাকৃতিক পৰিৱেশৰ মাজত দৃশ্য গ্ৰহণ কৰা গীতটো সংগীত প্ৰেমীয়ে আঁকোৱালি ল'ব বুলি আশাবাদী গীতটোৰ নিৰ্মাতাৰ লগতে কলা-কুশলীসকল।

New arunachal music video  relese at guwahati
উত্তৰ-পূৱৰ সম্বন্ধ অটুট ৰখাৰ উদ্দেশ্যেৰে অৰুণাচলৰ শিল্পীৰ বিশেষ পদক্ষেপ

গুৱাহাটী,15ছেপ্তেম্বৰঃ অৰুণাচলী কণ্ঠশিল্পীয়ে প্ৰস্তুত কৰিছে অসমীয়া সংগীতৰ ভিডিঅ'। মঙলবাৰে গুৱাহাটী প্ৰেছ ক্লাবত জিগাম প্ৰডাকচনৰ বেনাৰত নিৰ্মিত অসমীয়া ৰোমান্টিক ভিডিঅ' গীত 'নিলাকৈ আকাশে' মুকলি কৰা হয়। জেক টানীয়া বুধৰ পৰিচালনাৰে কৰা এই গীতটোত কণ্ঠদান কৰিছে টকো য়ালাম জেমে। পোনপ্ৰথমবাৰৰ বাবে অৰুণাচল প্ৰদেশৰ সংগীত শিল্পী তথা পৰিচালক আৰু প্ৰযোজকে প্ৰস্তুত কৰি উলিয়াইছে অসমীয়া গীত।

ইফালে এই গীতটিৰ ভিডিঅ'ত অভিনয় কৰিছে অভিনেত্ৰী বৰ্ষাৰাণী বিষয়া আৰু নৱাগত অভিনেতা নীল তামুলীয়ে। অৰুণাচল প্ৰদেশৰ মনোৰম প্ৰাকৃতিক পৰিৱেশৰ মাজত দৃশ্য গ্ৰহণ কৰা গীতটো সংগীত প্ৰেমীয়ে আঁকোৱালি ল'ব বুলি আশাবাদী গীতটোৰ নিৰ্মাতাৰ লগতে কলা-কুশলীসকল। আনহাতে সংস্কৃতিৰ জড়িত প্ৰতিখন ৰাজ্যৰ লগত মিলাপ্ৰীতি অটুট ৰাখিবলৈ কেইবাটাও ন ন পদক্ষেপ হাতত লৈছে অৰুণাচল প্ৰদেশৰ জিগাম প্ৰডাকচনে । অসম আৰু অৰুণাচল প্ৰদেশৰ সম্পৰ্কৰ পুৰণি ইতিহাস সন্দৰ্ভত এখন নতুন ছবি নিৰ্মাণৰ কাম হাতত হৈছে প্ৰডাকচন হাউছটোৱে ।

লগতে পঢ়কঃ বিটিআৰ চুক্তিৰ 6.3 দফা অতিশীঘ্ৰে কাৰ্যকৰী কৰাৰ দাবী এবছুৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.