ETV Bharat / state

বিজেপিক ধুলিস্যাৎ কৰাৰ লক্ষ্যৰে অসমত নতুন আঞ্চলিক দল গঠন

বৰ্তমানৰ চৰকাৰ খনক উৎখাত কৰিবৰ বাবে অসমৰ আঞ্চলিক ৰাজনৈতিক পথাৰত খোজ দিলে এটি নতুন ৰাজনৈতিক দলে ৷ 2015 বৰ্ষত গঠন হোৱা অসম সংগ্ৰামী মঞ্চই খোজ দিলে সক্ৰিয় ৰাজনীতিত ৷

adeep kumar phukan
অদীপ কুমাৰ ফুকন
author img

By

Published : Jan 4, 2020, 8:46 AM IST

গুৱাহাটী, 4 জানুৱাৰীঃ 2020 বৰ্ষৰ পহিলা মাহতে অসমৰ আঞ্চলিক ৰাজনৈতিক পথাৰত খোজ দিলে এটি নতুন ৰাজনৈতিক দলে। বিজেপিক উৎখাত কৰাৰ লক্ষ্য আগত ৰাখি গঠন কৰা হয় এই নতুন আঞ্চলিক ৰাজনৈতিক দলটো । 2015 বৰ্ষত নিৰ্মাণ হোৱা অসম সংগ্ৰামী মঞ্চই এতিয়া খোজ দিলে সক্ৰিয় ৰাজনীতিত এক সংবাদমেল যোগে অসম সংগ্ৰামী মঞ্চৰ কাৰ্যকৰী সভাপতি অদীপ কুমাৰ ফুকনে সক্ৰিয় ৰাজনীতিত খোজ দিয়াৰ কথা ঘোষণা কৰে ।

অসমত নতুন আঞ্চলিক দল গঠন
এই সংবাদমেলতে অদীপ কুমাৰ ফুকনে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক তীব্ৰ সমালোচনা কৰে । হিতেশ্বৰ শইকীয়া আৰু প্ৰফুল্ল মহন্তৰ মন্ত্ৰীত্বতকৈও নিকৃষ্ট আখ্যা দিয়ে সৰ্বানন্দ সোণোৱালক। তেওঁ লগতে কয় যে, অসম চুক্তিৰ মতে চৰকাৰ কৰি এতিয়া অসম চুক্তিক উলংঘা কৰিছে বিজেপি চৰকাৰে, গতিকে এই চৰকাৰ অসমৰ স্বাৰ্থত গঢ় লোৱা চৰকাৰ নহয়। সেইবাবে বিজেপিক প্ৰতিহত কৰিবলৈ আঞ্চলিক ৰাজনৈতিক দল অসম সংগ্ৰামী মঞ্চ গঠন কৰা হৈছে ৷ ইয়াৰোপৰি CAAৰ বিৰুদ্ধে প্ৰতিবাদৰ বাবে ওলাই অহা নিৰীহ কিশোৰক হত্যা কৰাৰ পিচত তদন্ত ঘোষণা নকৰা সন্দৰ্ভত ক্ষোভ প্ৰকাশ কৰে অদীপ কুমাৰ ফুকনে । তদুপৰি ৰাইজৰ হকে মাত মাতি অহা সংগ্ৰামী ব্যক্তি সকলক গ্ৰেপ্তাৰ কৰি দমন কৰা কাৰ্যক গৰিহণা দিয়ে কাৰ্যকৰী সভাপতি গৰাকীয়ে । তেওঁ লগতে কয় যে, বিভিন্ন সময়ত বিকল্প ৰাজনৈতিক দল গঠনৰ কথা চিন্তা চৰ্চা চলি আছে । গতিকে যদি ভৱিষ্যতে শক্তিশালী বিকল্প ৰাজনৈতিক দল গঠন কৰা হয় তেন্তে অসম সংগ্ৰামী মঞ্চ সদায় লগত থাকিব ৷ বিজেপি চৰকাৰক প্ৰতিহত কৰিবৰ বাবে যি পন্থা হাতত ল'ব লাগে তেনে পন্থা গ্ৰহণ কৰিব বুলি স্পষ্ট কৰিলে অসম সংগ্ৰামী মঞ্চৰ কাৰ্যকৰী সভাপতি অদীপ কুমাৰ ফুকনে ৷

লগতে পঢ়ক - তৰুণ গগৈ বিজেপিত আহিব বুলি মই শুনি আছোঃহিমন্ত বিশ্ব শৰ্মা

Intro:
অসম আঞ্চলিক ৰাজনৈতিক পথাৰত খোজ দিলে এটি নতুন ৰাজনৈতিক দলে।
2020 বৰ্ষৰ প্ৰথম ভাগত বিজেপিক উৎখাত কৰাৰ লক্ষ্য আগত ৰাখি নতুন আঞ্চলিক ৰাজনৈতিক দল নিৰ্মাণ।
2015 বৰ্ষত নিৰ্মান হোৱা অসম সংগ্ৰামী মঞ্চই এতিয়া খোজ দিলে সক্ৰিয় ৰাজনীতিত ।
এক সংবাদমেল যোগে অসম সংগ্ৰামী মঞ্চৰ কাৰ্যকৰী সভাপতি অদীপ কুমাৰ ফুকনে ঘোষণা কৰিলে সক্ৰিয় ৰাজনীতিত খোজ দিয়াৰ কথা।

Body:এই সংবাদমেলত অদীপ কুমাৰ ফুকনে সমালোচনা কৰিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক । হিতেশ্বৰ শইকীয়া, প্ৰফুল্ল মহন্তৰ মন্ত্ৰীত্বত কৈ নিকৃষ্ট আখ্যা সৰ্বানন্দ সোণোৱালক। অসম চুক্তিৰ মতেই চৰকাৰ কৰি এতিয়া অসম চুক্তিক উলংঘা কৰিছে এই চৰকাৰে গতিকে এই চৰকাৰ অসমৰ স্বাৰ্থত গঢ় লোৱা চৰকাৰ নহয়। সেইবাবে বিজেপিক প্ৰতিহত কৰিবলৈ আঞ্চলিক ৰাজনৈতিক দল অসম সংগ্ৰামী মঞ্চ গঠন কৰা হৈছে বুলি মন্ত্যব্য অদীপ কুমাৰ ফুকনৰ। কা ৰ বিৰুদ্ধে প্ৰতিবাদৰ বাবে ওলাই অহা নিৰীহ কিশোৰক হত্যা কৰাৰ পিছত তদন্ত ঘোষণা নকৰা সন্দৰ্ভত ক্ষোভ প্ৰকাশ অদীপ কুমাৰ ফুকনৰ।
লগতে ৰাইজৰ হকে মাত মাতি অহা সংগ্ৰামী ব্যক্তি সকলক গ্ৰেপ্তাৰ কৰি দমন কৰা কাৰ্যক গৰিহণা দিয়ে কাৰ্যকৰী সভাপতি গৰাকীয়ে।

Conclusion:আনহাতে বিভিন্ন সময়ত বিকল্প ৰাজনৈতিক দল গঠনৰ কথা চিন্তা চৰ্চা চলি আছে । গতিকে যদি ভৱিষ্যতে শক্তিশালী বিকল্প ৰাজনৈতিক দল গঠন কৰা হয় তেন্তে অসম সংগ্ৰামী মঞ্চ সদায় লগত আছে বুলি জানিবলৈ দিয়ে অদীপ কুমাৰ ফুকনে। বিজেপি চৰকাৰক প্ৰতিহত কৰিবৰ বাবে যি পন্থা হাতত লব লাগে তেনে পন্থা গ্ৰহণ কৰিব আঞ্চলিক ৰাজনৈতিক দলটিয়ে এই কথা স্পষ্ট কৰিলে অসম সংগ্ৰামী মঞ্চৰ কাৰ্যকৰী সভাপতি অদীপ কুমাৰ ফুকনে।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.