ETV Bharat / state

চলিত মাহৰ শেষত কটনত আৰম্ভ হ’ব নামভৰ্তি প্ৰক্ৰিয়া - Cotton college

ইতিমধ্যেই কেইবাখনো শিক্ষানুষ্ঠানত উচ্চত্তৰ মাধ্যমিক শাখাৰ প্ৰথম বাৰ্ষিকৰ বাবে নামভৰ্তি প্ৰক্ৰিয়া সমাপ্ত হোৱাৰ সমান্তৰালকৈ স্নাতক শাখাৰ প্ৰথম ষাণ্মাসিকৰ বাবে আৰম্ভ হৈছে নাম ভৰ্তিৰ প্ৰক্ৰিয়া ৷ উল্লেখ্য যে, কটন মহাবিদ্যালত স্নাতক শাখাৰ প্ৰথম ষাণ্মাসিকৰ নাম ভৰ্তিৰ বাবে এইবেলি মুঠ 6টা শিতানৰ ব্যৱস্থা কৰা হৈছে ৷

New academic year admisson in Cotton colleges
চলিত মাহৰ শেষত কটনত আৰম্ভ হ’ব নামভৰ্তি প্ৰক্ৰিয়া
author img

By

Published : Aug 22, 2020, 7:31 PM IST

গুৱাহাটী, 22 আগষ্টঃ 100 শতাংশ মাচুল ৰেহাইৰে ৰাজ্যৰ প্ৰতিখন উচ্চ শিক্ষা প্ৰতিষ্ঠানত অব্যাহত আছে ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তিৰ প্ৰক্ৰিয়া ৷ ইতিমধ্যেই কেইবাখনো শিক্ষানুষ্ঠানত উচ্চত্তৰ মাধ্যমিক শাখাৰ প্ৰথম বাৰ্ষিকৰ বাবে নামভৰ্তি প্ৰক্ৰিয়া সমাপ্ত হোৱাৰ সমান্তৰালকৈ স্নাতক শাখাৰ প্ৰথম ষাণ্মাসিকৰ বাবে আৰম্ভ হৈছে নাম ভৰ্তিৰ প্ৰক্ৰিয়া ৷

চলিত মাহৰ শেষত কটনত আৰম্ভ হ’ব নামভৰ্তি প্ৰক্ৰিয়া

সমান্তৰালকৈ, ৰাজ্যৰ অন্যতম আগশাৰীৰ শিক্ষানুষ্ঠান কটন মহাবিদ্যালয়তো চলিত মাহৰ শেষৰ পিনে আৰম্ভ কৰা হ’ব নামভৰ্তি প্ৰক্ৰিয়া ৷ শিক্ষানুষ্ঠানখনত উচ্চত্তৰ মাধ্যমিক শাখাৰ প্ৰথম বৰ্ষৰ নাম ভৰ্তি প্ৰক্ৰিয়াৰ অন্ত পৰাৰ লগে লগেই আৰম্ভ হ’ব স্নাতক প্ৰথম ষাণ্মাসিকৰ নামভৰ্তি ৷

উল্লেখ্য যে, স্নাতক শাখাৰ প্ৰথম ষাণ্মাসিকৰ নামভৰ্তিৰ বাবে এইবেলি মুঠ 6টা শিতানৰ ব্যৱস্থা কৰা হৈছে ৷ কলা শাখাত অনাৰ্চ, বিজ্ঞান শাখাত অনাৰ্চ, বি এ ইন লিবাৰেল আৰ্টচ আৰু চেল্ফ ফাইনেঞ্চিঙৰ পাঠ্যক্ৰমৰ ভিতৰত সাংবাদিকতা, বি এচ ছি অনাৰ্চৰ পাঠ্যক্ৰমৰ ভিতৰত বায়’টেকন’লজি আদি শিতানত নামভৰ্তি কৰিব পাৰিব ছাত্ৰ-ছাত্ৰীসকলে ৷ কটন মহাবিদ্যালয়ত উচ্চত্তৰ মাধ্যমিকৰ কলা শাখাৰ ১২০ খন আসনৰ বাবে ৮০ শতাংশ কাট অৱ মাৰ্কচ হোৱাৰ বিপৰীতে বিজ্ঞান শাখাৰ ৩২০ খন আসনৰ বাবে ৮৮ শতাংশ কাট অৱ মাৰ্কচ ৰখা হৈছে ৷

আনহাতে, স্নাতক প্ৰথম ষাণ্মাসিকৰ মুঠ ৬ টা শিতানৰ নামভৰ্তিৰ বাবে বিজ্ঞান শাখাত মুঠ ৪৮০ খন আসন, কলা শাখাত মুঠ ৫৪০ খন আসন, লিবাৰেল আৰ্টচৰ বাবে ৫০ খন আসন আৰু বি চি এৰ বাবে মুঠ ৫০ খন আসনৰ ব্যৱস্থা আছে ৷ স্নাতক শাখাৰ প্ৰথম ষাণ্মাসিকত ৭ শতাংশ আসন অনুসূচিত জাতিৰ শিক্ষাৰ্থীৰ বাবে, 15 শতাংশ আসন অন্যান্য পিছপৰা জাতিৰ শিক্ষাৰ্থীৰ বাবে আৰু ১০ শতাংশ আসন অনুসূচিত জনজাতি(সমতলৰ) আৰু ৫ শতাংশ আসন অনুসূচিত জনজাতি (পাহাৰীয়া)ৰ বাবে সংৰক্ষিত কৰি ৰখা হৈছে ৷

চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া সুবিধাসমূহ লাভ কৰিবলৈ শিক্ষাৰ্থীসকল অসমৰ স্থায়ী বাসিন্দা হোৱাতো বাধ্যতামূলক ৷ অন্যথা পৰৱৰ্তী সময়ত নামভৰ্তিৰ সম্পূৰ্ণ মাচুল শিক্ষানুষ্ঠান কৰ্তৃপক্ষক আদায় দিব লাগিব ৷

লগতে পঢ়ক-সন্মুখত নিৰ্বাচনঃ শিবিৰ বিভক্ত আঞ্চলিকতাবাদে সহায় কৰিব কাক ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.