ETV Bharat / state

NEC has not released funds to Assam:প্ৰকল্প ৰূপায়ণৰ ব্যৰ্থতাৰ বাবেই দুবছৰে অসমলৈ পুঁজি মোকলাই দিয়া নাই উত্তৰ-পূব পৰিষদে - উত্তৰ পূব পৰিষদ চমুকৈ এন ই চি

ডেৰ-দুই বছৰত সম্পূৰ্ণ হ’বলগীয়া ৬৬ টা প্ৰকল্পৰ কাম বিগত দহ-বাৰ বছৰে আধৰুৱা হৈ আছে । সৰু সৰু প্ৰকল্প ৰূপায়ণৰ হেমাহিৰ বাবে এন ই চিয়ে নতুনকৈ অনুমোদিত প্ৰকল্পৰ বাবে পুঁজি মুকলি কৰি দিয়া নাই । বিগত দুবছৰে নতুনকৈ অনুমোদিত মুঠ ৩৭ টা প্ৰকল্পৰ কোনো পুঁজি মোকলাই দিয়া নাই এন ই চিয়ে । আধৰুৱা প্ৰকল্পবোৰ সম্পূৰ্ণ কৰা আৰু ইয়াৰ ধন ব্যয়ৰ ব্যৱহাৰিক প্ৰমাণপত্ৰ দাখিলৰ পিচতহে নতুন প্ৰকল্পৰ পুঁজি মুকলি কৰিব উত্তৰ-পূব পৰিষদে ।

NEC has not released funds to Assam
উত্তৰ পূব পৰিষদ
author img

By

Published : Jun 27, 2023, 4:31 PM IST

গুৱাহাটী, ২৭ জুন : অসম চৰকাৰৰ গাফিলতি তথা হেমাহিৰ বাবেই বিভিন্ন প্ৰকল্প ৰূপায়ণৰ ক্ষেত্ৰত কেন্দ্ৰীয় পুঁজি লাভৰ পৰা বঞ্চিত হৈছে ৰাজ্য । ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগে প্ৰকল্প ৰূপায়ণত কৰা হেমাহিৰ বাবেই উত্তৰ-পূব পৰিষদ চমুকৈ এন ই চিয়ে দুবছৰ ধৰি পুঁজি মোকলাই দিয়া নাই । লক্ষণীয় বিষয় যে, কিছুমান ক্ষুদ্ৰ ক্ষুদ্ৰ প্ৰকল্প ৰাজ্য চৰকাৰে বিগত দহ-বাৰ বছৰে সম্পূর্ণ কৰিব পৰা নাই । সৰু সৰু এনে প্ৰকল্প ৰূপায়ণৰ হেমাহি দেখি এন ই চিয়ে নতুনকৈ অনুমোদিত প্ৰকল্পৰ বাবে পুঁজি মুকলি কৰি দিয়া নাই ।

উল্লেখ্য যে, ২০১১-১২ বিত্তীয় বৰ্ষৰ পৰা বৰ্তমানলৈ এন ই চিৰ পুঁজিৰে ৰূপায়ণ কৰা একৰ পৰা ১৫ কোটি টকাৰ ভিতৰৰ প্ৰকল্পও আজিলৈ সম্পূৰ্ণ কৰিব নোৱৰাত একপ্ৰকাৰ স্তম্ভিত হৈ পৰিছে এন ই চি কর্তৃপক্ষ । তেনে অভিযোগৰ ভিত্তিতে বিগত দুবছৰে নতুনকৈ অনুমোদিত মুঠ ৩৭ টা প্ৰকল্পৰ বিপৰীতে এন ই চিয়ে কোনো পুঁজি মুকলি কৰা নাই । তথ্য অনুসৰি বিগত দহ-বাৰ বছৰে মুঠ ৬৬ টা প্ৰকল্পৰ কাম আধৰুৱা হৈ আছে ।

স্বাস্থ্য, জলসম্পদ, শক্তি আৰু শিক্ষাকে ধৰি বিভিন্ন বিভাগে ৰূপায়ণ কৰা এনেবোৰ প্ৰকল্পৰ বেছি সংখ্যকৰে প্ৰকল্প ব্যয়ৰ বাবে অনুমোদিত পুঁজিৰ পৰিমাণ ১৫ কোটি টকাতকৈ কম । তেনে প্ৰেক্ষাপটত এইসমূহ প্ৰকল্প ৰূপায়ণৰ সময়সীমা ৯ মাহৰ পৰা ১৮ মাহৰ ভিতৰত আছিল যদিও বিভাগীয় বিষয়া-আমোলা তথ‍া ঠিকাদাৰৰ গাফিলতিৰ বাবে প্ৰকল্পসমূহ বছৰৰ পিছত বছৰ ধৰি অসম্পূৰ্ণ হৈ ৰৈছে ।

উল্লেখ্য যে এন ই চিৰ পুঁজিৰে তুলসীবাৰীৰ স্পাইনিং ইউনিটৰ যন্ত্ৰপাতিৰ মেৰামতি তথা উন্নয়নৰ বাবে ৰাজ্য চৰকাৰৰ উদ্যোগ বিভাগক ২০১১ চনৰ নৱেম্বৰ মাহতে ৪.৫৭ কোটি টকাৰ অনুমোদন দিছিল যদিও ইয়াৰ সিংহভাগ ধন মোকলাই দিয়াৰ পিচতো আঁচনিখন সম্পূর্ণ নহ'ল । তেনেদৰে লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ দেউৰী জনজাতীয় সাংস্কৃতিক প্ৰেক্ষাগৃহ স্থাপনৰ নামত ৰাজ্য চৰকাৰক ২০১২ চনৰ ২৫ এপ্ৰিলতে ৪.৯৭ কোটি টকাৰ অনুমোদন জনাইছিল । ইয়াৰে ইমান দিনলৈ মাথোঁ ৩.৩৭ কোটি টকাহে ব্যয় কৰিবলৈ সক্ষম হৈছে সংশ্লিষ্ট বিভাগে ।

২০১৪ চনত ডিব্ৰুগড়ত টাই শৈক্ষিক আৰু সাংস্কৃতিক কেন্দ্ৰ স্থাপনৰ বাবে কেন্দ্ৰীয় চৰকাৰে ৩.৩৩ কোটি টকাৰ আবণ্টন দিছিল যদিও নির্মাণ অস্বাভাৱিকভাৱে লেহেমীয়া হোৱাত এতিয়ালৈকে ৰাজ্য চৰকাৰে এই প্ৰকল্পৰ বাবদ মাথোঁ ২.৯৯ কোটি টকাহে ব্যয় কৰিবলৈ সক্ষম হৈছে । একেটা বছৰতে এন ই চিয়ে তিনিচুকীয়াত এটি টাউন হল আৰু সাংস্কৃতিক কেন্দ্ৰ নিৰ্মাণৰ বাবে ৭.৯৮ কোটি টকাৰ আবণ্টন দিছিল যদিও সেয়া আজিও সম্পূৰ্ণ হোৱা নাই ।

সেইদৰে ২০১৪ চনতে শোণিতপুৰ জিলাৰ বিহুগুৰিত এখন মিনি ষ্টেডিয়াম নিৰ্মাণ কৰিবলৈ ৪.৩২ কোটি টকা আবণ্টন দিছে যদিও আজিপর্যন্ত ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগে ৩.৮৯ কোটি টকাহে ব্যয় কৰিবলৈ সক্ষম হৈছে । লক্ষণীয় বিষয় যে, এনেবোৰ প্ৰকল্প নিৰ্মাণৰ বাবে এন ই চিয়ে এবছৰৰ পৰা ডেৰ বছৰ সময়সীমা বান্ধি দিছিল যদিও দহ বছৰেও সেয়া সম্পূর্ণ নহ’ল । উল্লেখ্য যে, বাক্সা জিলাৰ প’মাৰা নৈৰ গৰাখহনীয়া ৰোধৰ বাবে এন ই চিৰ দ্বাৰা আবণ্টিত ২.২৮ কোটি টকীয়া প্ৰকল্পটো আজিও আধৰুৱা হৈয়ে ৰ’ল ।

সেইদৰে ২০১২ চনতে তেজপুৰত এটা ছেমিনাৰ হল আৰু কম্পিউটাৰ কেন্দ্ৰ নিৰ্মাণৰ বাবে এন ই চিয়ে ২.৩০ কোটি টকাৰ অনুমোদন জনাইছিল যদিও আজি পর্যন্ত এই কাম সম্পূৰ্ণ কৰিব পৰা নাই । এনেদৰে ৰাজ্যখনত মুঠ ৬৬ টা প্ৰকল্প সময়মতে সম্পূৰ্ণ কৰিব পৰা নাই বিভাগীয় কৰ্তৃপক্ষই । যাৰ ফলত বিগত দুটা বছৰত অনুমোদিত প্ৰকল্প ৰূপায়ণৰ ক্ষেত্ৰত সমস্যাই দেখা দিছে । কিয়নো এই প্ৰকল্প তথা আঁচনিসমূহলৈ এন ই চিয়ে পুঁজি মুকলি নকৰাত নিৰ্মাণৰ কাম আৰম্ভ হোৱা নাই ।

বিগত দুটা বৰ্ষত বহু অনুমোদিত প্ৰকল্পৰ বিপৰীতে এন ই চিয়ে পুঁজি মুকলি কৰা নাই । ইয়াৰ ভিতৰত ২০২২ বৰ্ষৰ প্ৰথমতেই বি টি আৰত এটা সংহত মাছৰুম কৃষি প্ৰশিক্ষণ কেন্দ্ৰ নির্মাণ কৰিবলৈ এন ই চিয়ে ৪.৯৯ কোটি টকাৰ অনুমোদন জনাইছিল যদিও এটকাও মুকলি কৰি দিয়া নাই । তেনেদৰে কৃষি বিভাগৰ অধীনত এটা বায় ইনপুট প্লান্ট নিৰ্মাণ কৰিবলৈ ১৪.৯৪ কোটি টকাৰ অনুমোদন জনাইছিল । সেইদৰে কাৰ্বি আংলঙতো চাৰিটা প্ৰকল্প গ্ৰহণ কৰাৰ বিপৰীতে প্ৰায় ১৭ কোটি টকাৰ অনুমোদন জনাইছিল যদিও সেই পুঁজিও বন্ধ কৰি থোৱা হৈছে ।

আনহাতে ডিমা হাচাও জিলাতো ছটা প্ৰকল্পৰ বিপৰীতে ৯ কোটি টকাৰ অনুমোদন দিছিল যদিও পুঁজি মোকলাই দিয়া নাই । চিংফো জনগোষ্ঠীৰ উত্তৰণৰ বাবে গ্ৰহণ কৰা এটা প্ৰকল্পৰ বিপৰীতে ৪.৬২ কোটি টকাত অনুমোদন দিও পুঁজি মুকলি কৰা নাই । তেনেদৰে ৰেংমাসকলৰ বাবেও গ্ৰহণ কৰা এটা প্ৰকল্পৰ বিপৰীতে ৪.৬৯ কোটি টকা মুকলি কৰি দিয়া নাই । ষষ্ঠ অনুসূচীত এলেকাৰ মহিলাৰ সবলীকৰণৰ বাবে গ্ৰহণ কৰা প্ৰকল্প ১.৮৮ কোটি টকাত অনুমোদন দিছিল যদিও পুঁজি মুকলি প্ৰক্ৰিয়া বন্ধ ৰাখিছে ৷

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰ্যটক সেৱা অধিক সুচল কৰি তোলাৰ বাবে এন ই চিয়ে অনুমোদন দিয়া ১৪.৩৩ কোটি টকাৰ এটকাও মোকলাই দিয়া নাই । ঠিক সেইদৰে কামৰূপৰ হাজংবৰীত এটা সাংস্কৃতিক প্ৰকল্প নিৰ্মাণৰ ১৪.১৭ কোটি টকা, গুৱাহাটীত গোৰ্খাসকলৰ আন এক সাংস্কৃতিক প্ৰকল্পৰ বাবে অনুমোদিত ১৪.৪৪ কোটি টকা, ডিমা হাচাওত বনানীকৰণৰ বাবে অনুমোদিত ২.০৪ কোটি টকাৰ এটকাও মুকলি কৰি নিদিয়াত বিভাগসমূহে প্ৰকল্প নিৰ্মাণৰ কাম আৰম্ভই কৰিব পৰা নাই । উল্লেখ্য যে, আধৰুৱা প্ৰকল্পবোৰ সম্পূৰ্ণ কৰা আৰু ইয়াৰ ধন ব্যয়ৰ ব্যৱহাৰিক প্ৰমাণপত্ৰ দাখিলৰ পিচতহে নতুন প্ৰকল্পৰ পুঁজি মুকলি কৰিব উত্তৰ-পূব পৰিষদে । তেনেস্থলত নতুন প্ৰকল্পসমূহৰ কাম কেতিয়া আৰম্ভ তাৰ কোনো নিশ্চয়তা নাই ।

লগতে পঢ়ক : Assam Govt School: শোচনীয় প্ৰদৰ্শনৰ বাবে ৰাজ্যৰ ১৩৯ খন কলেজলৈ কাৰণ দৰ্শোৱাৰ জাননী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.