গুৱাহাটী, ১৯জুন: বৰ্ধিত বিদ্যুৎ মাচুল, স্মাৰ্ট মিটাৰৰ আসোৱাহ আৰু পানী যোগানৰ পাইপ বিস্ফোৰণৰ ঘটনা উচ্চ পৰ্যায়ৰ তদদন্তৰ দাবীত প্ৰতিবাদ । গুৱাহাটী মহানগৰ জিলা এন চি পিৰ উদ্যোগত সোমবাৰে লক্ষীধৰ বৰা ক্ষেত্ৰত অৱস্থান ধৰ্মঘট কৰে । প্ৰতিবাদকাৰী সকলে হাতে হাতে প্লে-কাৰ্ড লৈ গুৱাহাটীত খোৱাপানীৰ সমস্যা সমাধান কৰক, বৰ্ধিত বিদ্যুত মাচুল হ্ৰাস কৰক, বিদ্যুতৰ গ্ৰাস কৰি জনসাধাৰণক সকাহ দিয় আদি শ্ল'গান দি হাতে হাতে প্লেকাৰ্ড লৈ সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ ।
দলৰ ৰাজ্যিক সাধাৰণ সম্পাদক পৰেশ বৰুৱাই কয় মহানগৰীখনত এশ এবুৰি সমস্যা আছেই । তাৰ ভিতৰত গুৱাহাটীৰ মূল সমস্যা কেইটা সমাধানত গুৰুত্ব দিয়ক । বিদ্যুতৰ মাচুল হ্ৰাস কৰক আৰু স্মাৰ্ট মিটাৰ যি বিসংগতি তাৰ সমাধান কৰক । যি সময়ত অন্য ৰাজ্যই ৫-৬ টকাত প্ৰতি ইউনিট বিদ্যুৎ ক্ৰয় কৰে । সেই সময়ত অসমে ৭-১০ টকা প্ৰতি ইউনিট বিদ্যুৎ ক্ৰয় কৰে।
বহিৰাজ্যৰ কোম্পানীৰ পৰা অত্যাধিক হাৰত বিদ্যুৎ ক্ৰয় কৰিবলগীয়া হোৱা বিদ্যুতৰ বোজা সৰ্বসাধাৰণৰ মুৰত চৰকাৰে জাপি দিছে বুলি মন্তব্য কৰে । ইয়াৰ উপৰিও পানীৰ সমস্যাত মহানগৰবাসীয়ে হাহাকাৰ কৰি থকাৰ সময়তে গুৱাহাটীৰ বিভিন্ন প্ৰান্তত জলবোৰ্ডৰ পাইপ বিস্ফোৰণ হোৱা প্ৰসংগতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰে NPC ৰ কৰ্মকৰ্তাসকলে । ইয়াৰোপৰি প্ৰতিবাদকাৰীসকলে জিলা উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰে এখন স্মাৰক পত্ৰ ।
তিনিদফীয়া দাবীৰে মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰা স্মাৰক পত্ৰত উল্লেখ কৰে যে, যি সময়ত দিল্লী, পঞ্জাৱ আদি ৰাজ্যত নুন্যতম হাৰত বিদ্যুৎ যোগান ধৰি সৰ্বসাধাৰণ ৰাইজক সকাহ দিছে, ঠিক একে সময়তে অসমত অত্যাধিক হাৰত বিদ্যুৎ মাচুল বৃদ্ধি কৰি ৰাইজক ৰাম টাঙোন সোধাইছে । লগতে স্মাৰ্ট মিটাৰৰ বিসংগতি দূৰ কৰি সৰ্বসাধাৰণ ৰাইজক আৰ্থিক বোজাৰ পৰা মুক্ত কৰাৰ আহ্বান জনাই ।
ইয়াৰোপৰি পানী যোগানৰ নামত কেৱল ঠিকাদাৰৰ লুণ্ঠনৰাজ চলিছে বুলি অভিযোগ উত্থাপন কৰে ৰাষ্ট্ৰীয় কংগ্ৰেছ পাৰ্টীৰ প্ৰতিবাদকাৰীসকলে । জনসাধাৰণৰ জীৱনক লৈ হেতালি খেলি অতি নিম্নমানৰ প্ৰকাণ্ড পাইপ পোতাৰ ফলতে জনসাধাৰণে প্ৰাণ হেৰুৱাবলগীয়া হৈছে । গতিকে এই ক্ষেত্ৰত এক উচিত তদন্তৰ দাবী কৰে প্ৰতিবাদকাৰীসকলে ।
লগতে পঢ়ক: Ambubachi Mela: ২২ জুনৰ পৰা শক্তিপীঠ কামাখ্যাত আৰম্ভ হ’ব অম্বুবাচী মেলা