ETV Bharat / state

জনতা ভৱনত মঙলবাৰৰ দুপৰীয়ালৈকে উৰি থাকিল ৰাষ্ট্ৰীয় পতাকা

author img

By

Published : Aug 16, 2022, 1:34 PM IST

চৰকাৰে পত‍াকা উত্তোলন তথা উৰুৱাই ৰখাত যিমান গুৰুত্ব দিলে সিমান গুৰুত্ব পতাকাখন নমাই ৰখাত নিদিলে । যাৰ পৰিপ্ৰেক্ষিতত ১৬ আগষ্টতো বহু অঞ্চলত উৰি থাকিল জাতীয় পতাকা । আনতো বাদেই, স্বয়ং চৰকাৰৰ ঘৰখনতেই মঙলবাৰেও উৰি থাকিল জাতীয় পতাকা(National flag continued to fly at Janata Bhawan on Tuesday)।

76th Years of Independence
মুখ্যমন্ত্রীৰ আহ্বানৰ পাছতো জনতা ভৱনতে মঙলবাৰেও উৰি থাকিল ৰাষ্ট্ৰীয় পতাকা

গুৱাহাটী, ১৬ আগষ্ট: দেশে উলহ-মালহেৰে উদযাপন কৰিলে ৭৬ সংখ্যক স্বাধীনতা দিৱস(76th Years of Independence)। এইবাৰ স্বাধীনতাৰ অমৃত মহোৎসৱ(Azadi Ka Amrit Mahotsav)উপলক্ষ্যে দেশজুৰি তিনিদিনীয়া কাৰ্যসূচীৰে স্বাধীনতা দিৱস উদযাপন কৰা হয় । অসমতো ব্যাপক উৎসাহ-উদ্দীপনাৰে দেশৰ ৭৬ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰা হয় ।

মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ(CM Dr Himanta Biswa Sarma) আহ্বান ক্ৰমে ৰাজ্যবাসীয়ে ১৩ আগষ্টৰ পৰা ১৫ আগষ্টলৈ ৰাষ্ট্ৰীয় পতাকা উৰুৱাই উদযাপন কৰে স্বাধীনতা দিৱস । এককথাত চৰকাৰৰ ঘৰে ঘৰে ত্ৰিৰংগ(Har Ghar Triranga)পতাকা কাৰ্যসূচীৰ সফল ৰূপায়ণ হয় । চৰকাৰখনে পত‍াকা উত্তোলন তথা উৰুৱাই ৰখাত যিমান গুৰুত্ব দিলে সিমান গুৰুত্ব পতাকাখন নমাই ৰখাত নিদিলে । যাৰ পৰিপ্ৰেক্ষিতত ১৬ আগষ্টতো বহু অঞ্চলত পতাকা উৰি থকা দেখা গ'ল । সাধাৰণ জনতাৰ কথা বাদেই, চৰকাৰৰ ঘৰখনতে মঙলবাৰৰ দুপৰীয়ালৈকে উৰি থাকিল পতাকা ।

76th Years of Independence
মুখ্যমন্ত্রীৰ আহ্বানৰ পাছতো জনতা ভৱনতে মঙলবাৰেও উৰি থাকিল ৰাষ্ট্ৰীয় পতা

লক্ষণীয় বিষয় যে মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাই ১৫ আগষ্টৰ সন্ধিয়া ৰাষ্ট্ৰীয় পতাকা সন্মানজনক ভাবে নমাই অহা বছৰ ব্যৱহাৰ কৰাৰ বাবে সযতনে ৰখাৰ বাবে আহ্বান জনাইছিল । পতাকাখন যাতে য'তে ত'তে পৰি নাথাকে তাৰ বাবে এই আহ্বান জনাইছিল । কিন্তু মুখ্যমন্ত্ৰীৰ এই আহ্বান কাৰ্যকৰী কৰা পৰিলক্ষিত নহ'ল ৰাজধানী দিছপুৰৰ জনতা ভৱনত । মঙলবাৰেও দিনৰ ১২ বজালৈ জনতা ভৱন চৌহদত শাৰী শাৰী কৈ উৰি থাকিল জাতীয় পতাকা । সংবাদ মাধ্যমৰ দৃষ্টি পৰাৰ পাছতেহে দুপৰীয়া ১২ বজাৰ পাছত পতাকাসমূহ নমোৱা হয় । এককথাত ক'বলৈ গ'লে জনতা ভৱনতে মুখ্যমন্ত্রীৰ আহ্বানক আওকাণ কৰা হ'ল ।

নিয়ম মতে ১৫ আগষ্টৰ সন্ধিয়াই পতাকাসমূহ নমাব লাগিছিল । কিন্তু কাৰ ভুলৰ বাবে মঙলবাৰে দুপৰীয়ালৈ জনতা ভৱনতে জাতীয় পতাকাসমূহ উৰি থাকিল সেয়া অতি গুৰুত্বপূৰ্ণ বিষয় । ইফালে, ঘৰে ঘৰে পতাকা লগোৱাৰ ক্ষেত্রত বিশেষ গুৰুত্ব দিয়াৰ পৰিপ্ৰেক্ষিতত সকলোতে পতাকাৰ সমাহাৰ দেখা গ'ল যদিও বহু ঠাইত আজিও উৰি থাকিল পতাকাসমূহ । পতাকাসমূহ সময়মতে নমোৱাৰ বিষয়টোত বিশেষ গুৰুত্ব নিদিয়াত আজিও বহু যান-বাহন, ব্যৱসায়ীক প্ৰতিষ্ঠান, আৱাসগৃহ আদিত উৰি আছে ত্ৰিৰংগ পতাকা ।

লগতে পঢ়ক:জাতীয় পতাকাক অৱহেলা নকৰিবলৈ ৰাইজক অনুৰোধ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.