নিউজ ডেস্ক, 21 ডিচেম্বৰ : জাগ্ৰত হৈছে অসমৰ নাৰী শক্তি৷ লাচিতৰ দেশৰ প্ৰতিগৰাকী মহিলাই মূলাগাভাৰুৰ ৰূপ লৈছে ৷ শদিয়াৰ পৰা ধুবুৰীলৈ, গাঁৱে-গাঁৱে, চহৰে-নগৰে একত্ৰিত হৈ ওলাই আহিল নাৰী শক্তি ৷ যিকোনো মূল্যৰ বিনিময়ত জাতিৰ অস্তিত্ব ৰক্ষা কৰিবলৈ বদ্ধপৰিকৰ এইসকল প্ৰতিবাদী মহিলা ৷ সকলোৰে এটাই দাবী বাতিল হ'ব লাগিব 'নাগৰিত্ব সংশোধনী আইন'৷ সদৌ অসম ছাত্ৰ সন্থাৰ সহযোগত আয়োজিত প্ৰতিবাদী অনুষ্ঠানত হাজাৰ- হাজাৰ মহিলা প্ৰতিবাদকাৰীক জনতাক সন্মুখৰ পৰা নেতৃত্ব দিলে গৰিমা গাৰ্গে ৷ লতাশিলৰ প্ৰতিবাদস্থলীত উপস্থিত থাকি আছুৰ উপদেষ্টা ড৹ সমুজ্জল কুমাৰ ভট্টাচাৰ্যই ক'লে, প্ৰতিবাদৰ বাবে এনেদৰে মহিলা ওলাই অহাতো জাতিৰ বাবে শুভ লক্ষণ ৷
কামৰূপৰ হাজো, ৰঙিয়া, নলবাৰী, বৰপেটা, পাঠশালা আদি চহৰতো জাতিটোক ভাল পোৱা শ-শ মহিলা একত্ৰিত হৈ সমস্বৰে চিঞৰিলে, আহ ঐ আহ অলাই আহ, জয় আই অসম ৷ নগাঁও, লখিমপুৰ, গোলাঘাট, ধেমাজি, জোনাই, মৰিগাঁৱতো নাগৰিত্ব সংশোধনী আইনৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিল শতাধিক মহিলা ৷ জাতিৰ অস্তিত্ব ৰক্ষাৰ স্বাৰ্থত, ভৱিষ্যৎ প্ৰজন্মৰ সুৰক্ষাৰ স্বাৰ্থত এনেদৰে ৰাজপথলৈ ওলাই আহিল শ-শ প্ৰতিবাদী মহিলা ৷ নাৰহকটীয়াতো অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বিশাল গণ সমাৱেশ ৷ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ নাহৰকটীয়া আঞ্চলিক সমিতিৰ উদ্যোগত তথা 30 টাকৈ জাতীয় সংগঠনৰ সহযোগত নাহৰকটীয়াৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত বিশাল গণ সমাবেশ কাৰ্যসূচী ৰূপায়ন কৰে । এনেদৰেই সমগ্ৰ ৰাজ্যজুৰি শনিবাৰৰ দিনটোত সংশোধিত নাগৰিকত্ব আইনৰ বিৰুদ্ধেপ্ৰতিবাদ সাব্যস্ত কৰিলে কনকলতা-মূলাগাভৰুৰ দেশৰ নাৰী শক্তিয়ে ৷
লগতে পঢ়ক : সংবিধান সংশোধন কৰি হ'লেও সুৰক্ষা দিয়া হ'ব অসমীয়া ভাষাক