ETV Bharat / state

অহা বছৰলৈ স্থগিত অসম সাহিত্য সভাৰ নাৰায়ণপুৰৰ অধিবেশন - অসম সাহিত্য সভাৰ বৰ্তমানৰ সমিতিৰ কাৰ্যকাল বৃদ্ধি

অসম সাহিত্য সভাৰ গুৰুত্বপূৰ্ণ ঘোষণা । এবছৰলৈ বৃদ্ধি অসম সাহিত্য সভাৰ বৰ্তমানৰ সমিতিৰ কাৰ্যকাল । সময়মতে নিৰ্বাচন অনুষ্ঠিত কৰিব নোৱাৰা সমিতিয়ে এবছৰলৈ পিছুৱালে নাৰায়ণপুৰ অধিৱেশন (Narayanpur convention of Asam Sahitya Sabha adjourned)। সাহিত্য সভাৰ জিলা সমিতিসমূহো বাহাল থাকিব ।

Guwahati
অহা বছৰলৈ স্থগিত অসম সাহিত্য সভাৰ নাৰায়ণপুৰৰ অধিবেশন
author img

By

Published : Feb 3, 2022, 4:23 PM IST

গুৱাহাটী,৩ ফেব্ৰুবাৰী : নেতৃত্ব কেন্দ্ৰিক সংঘাতৰ বাবে এবছৰলৈ বৃদ্ধি অসম সাহিত্য সভাৰ বৰ্তমানৰ সমিতিৰ কাৰ্যকাল (Asam Sahitya Sabha present committee tenure extension)। সভাপতি আসনক লৈ সভাৰ ভিতৰত চলি থকা শীতল যুদ্ধৰ বাবেই নিৰ্ধাৰিত সময়মতে নিৰ্বাচন অনুষ্ঠিত কৰিব নোৱাৰা সমিতিয়ে এবছৰলৈ পিছুৱালে নাৰায়ণপুৰ অধিৱেশন (Narayanpur convention of Asam Sahitya Sabha adjourned)। উল্লেখ্য যে যোৱা ৩১ জানুৱাৰীৰ পৰা নাৰায়ণপুৰ অধিৱেশন হোৱাৰ কথা আছিল । ক'ভিড পৰিস্থিতিৰ বাবে অধিৱেশনখন অহা বছৰ ৩১ জানুৱাৰী পৰা ৪ ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হ'ব বুলি সংবাদমেলত সভাপতি ডঃ কুলধৰ শইকীয়াই কয় ।

বুধবাৰে অসম সাহিত্য সভাৰ গুৱাহাটী কাৰ্যালয়ত অনুষ্ঠিত হোৱা প্ৰতিনিধি সভাত হোৱা সিদ্ধান্ত মৰ্মে নাৰায়ণপুৰৰ অধিৱেশন নোহোৱা পৰ্যন্ত বৰ্তমানৰ সমিতিখনৰ কাৰ্যাকাল বাহাল থাকিব বুলি সিদ্ধান্ত লোৱা হয় । একেদৰে সাহিত্য সভাৰ জিলা সমিতিসমূহো বাহাল থাকিব । প্ৰতিনিধি সভাত নাৰায়ণপুৰ আদৰণি সমিতিয়ে অধিৱেশনখন চলিত বৰ্ষত অনুষ্ঠিত কৰিব নোৱাৰা কথা লিখিত আকাৰে প্ৰতিবেদন দাখিল কৰা বুলিও সভাপতি শইকীয়াই উল্লেখ কৰে ।

সাহিত্য সভাৰ কাৰ্যনিৰ্বাহকসকলৰ উপৰিও বিভিন্ন জিলা প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰা প্ৰতিনিধি সভাত গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি বৰ্তমানৰ সমিতিখনৰ কাৰ্যকাল ২০২৩ বৰ্ষৰ ৪ ফেব্ৰুৱাৰীতকৈ অধিক হ'ব নোৱাৰিব বুলিও সিদ্ধান্ত গ্ৰহণ কৰা হয় । সভাৰ সংবিধানমৰ্মে এই সিদ্ধান্ত লোৱা বুলিও সভাপতিগৰাকীয়ে সংবাদমেলত উল্লেখ কৰে ।

ক'ভিড সৃষ্টি পৰিৱেশৰ বাবেই যোৱা নৱেম্বৰত সভা নিৰ্বাচন অনুষ্ঠিত কৰিব নোৱাৰা বুলি উল্লেখ কৰে শইকীয়াই । নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে গঠন কৰিব লগা নিৰ্বাচনী কমিটি গঠনৰ অসুবিধা বাবেই মূলত নিৰ্বাচন অনুষ্ঠিত কৰিব পৰা নগ'ল বুলি তেওঁ স্পষ্ট কৰি দিয়ে । আনহাতে সাহিত্য সভাৰ কৰ্মচাৰীৰ বন্ধ হৈ থকা দৰমহা প্ৰদানৰ সন্দৰ্ভতো প্ৰতিনিধি সভাত আলোচনা হোৱা বুলি সংবাদমেলত অৱগত কৰে সভাপতি ডঃ কুলধৰ শইকীয়াই ।

লগতে পঢ়ক :CMs review meeting: ৫০ কোটি টকাৰ ওপৰৰ সকলো প্ৰকল্প হ'ব পি এম চিৰ জৰিয়তে

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.