গুৱাহাটী, ১৯ নৱেম্বৰ : শুকুৰবাৰে কেন্দ্ৰীয় ক্ষুদ্ৰ, লঘূ আৰু মধ্যমীয়া উদ্যোগ (এম এছ এম ই) মন্ত্ৰী নাৰায়ণ টাতু ৰাণেয়ে গুৱাহাটীৰ মণিৰাম দেৱান বাণিজ্য কেন্দ্ৰত সেৱা খণ্ডৰ বাবে বিশেষ ঋণ সংযোজিত মূলধন সাহাৰ্য আঁচনি মুকলি কৰে । আঁচনিখনৰ শুভাৰম্ভ কৰি কেন্দ্ৰীয় মন্ত্ৰী ৰাণেয়ে কয় যে, উত্তৰ-পূৰ্বাঞ্চলৰ উদ্যোগীসকলে ভাৰতক আত্মনিৰ্ভৰশীল কৰাৰ দৃষ্টিভংগী পূৰণত অৱদান আৰু সমৰ্থন অগবঢ়োৱাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে । তেওঁ সকলোকে উদ্যোগৰ জৰিয়তে আত্মনিৰ্ভৰশীল হ'বলৈ আহ্বান জনায় ।
যাৰ দ্বাৰা অঞ্চলটোত নিবনুৱা সমস্যা হ্ৰাস কৰাত অধিক পৰিমাণে সহায়ক হ'ব । মন্ত্ৰীগৰাকীয়ে লগতে কয় যে, এম এছ এম ইৰ সামগ্ৰীৰ উৎপাদন আৰু বিপণন বৃদ্ধিয়ে দেশৰ ৰপ্তানি বৃদ্ধিত সহায় কৰিব । উদ্যোগীসকলে তেওঁলোকৰ উৎপাদন বৃদ্ধিৰ বাবে অধিক পৰিশ্ৰম কৰা উচিত আৰু এম এছ এম ই মন্ত্ৰালয়ে তেওঁলোকক সমৰ্থন আগবঢ়াবলৈ সদায়ে প্ৰস্তুত থাকে বুলি তেওঁ কয় ।
![Special Credit Linked Capital Subsidy Scheme](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-ghy-06-union-minister-narayan-tatu-rane-launches-special-credit-linked-capital-subsidy-scheme-7209925_19112021200430_1911f_1637332470_196.jpg)
মন্ত্ৰীগৰাকীয়ে আশ্বাস দি কয় যে, সফল উদ্যোগী হোৱাৰ যাত্ৰাত এম এছ এম ই মন্ত্ৰালয়ে কোনো ধৰণৰ বাধাৰ সৃষ্টি হ’বলৈ নিদিয়ে । এম এছ এম ই মন্ত্ৰালয়ৰ দ্বাৰা সমৰ্থিত প্ৰদৰ্শনী কেন্দ্ৰৰ উদ্যোগী ষ্টলসমূহৰ বিষয়ে উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে, এনে কাৰ্যকলাপে এম এছ এম ই উদ্যোগীসকলক তেওঁলোকৰ দক্ষতা আৰু সামগ্ৰী প্ৰদৰ্শন কৰাৰ আৰু বিকাশৰ বাবে নতুন সুযোগ সৃষ্টি কৰাৰ তথা আত্মনিৰ্ভৰশীলতা লাভ কৰাৰ সুযোগ প্ৰদান কৰে ।
![Special Credit Linked Capital Subsidy Scheme](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-ghy-06-union-minister-narayan-tatu-rane-launches-special-credit-linked-capital-subsidy-scheme-7209925_19112021200430_1911f_1637332470_465.jpg)
মন্ত্ৰীগৰাকীয়ে শুকুৰবাৰে অনুষ্ঠানত উত্তৰ-পূৰ্বাঞ্চলৰ অনুসূচীত জাতি-জনজাতি উদ্যোগীসকলক সম্বৰ্ধনা জ্ঞাপন কৰে । তেওঁ গুৱাহাটীৰ এন এছ আই চি প্ৰশিক্ষণ কেন্দ্ৰৰ সফল প্ৰশিক্ষাৰ্থীসকলক ডিষ্টিংচনৰ প্ৰমাণপত্ৰও প্ৰদান কৰে ।
লগতে পঢ়ক : 83's Assam Movement: ৰজাঘৰে পাহৰিলে নেকি চাচনীৰ জেউতি শইকীয়াক ?