ETV Bharat / state

নাগালিমৰ পূৰ্বে শেষ পৰ্যায়ৰ আলোচনাৰ বাবে দিল্লীলৈ নাগা নেচনেল পলিটিকেল গ্ৰুপ - এন এছ ছি এন - আই এম ৰ মুৰব্বী থুইংগালে মুইভাই

নাগালিম ঘোষণাৰ আগতে অনুষ্ঠিত হ'বলগীয়া শেষ পৰ্যায়ৰ আলোচনাৰ বাবে দিল্লীত উপস্থিত হৈছে নাগালেণ্ডৰ 'নাগা নেচনেল পলিটিকেল গ্ৰুপ' (এন এন পি জি)ৰ কেইবাগৰাকীও জ্যেষ্ঠ নেতা ৷ কাৰণ বিগত কিছুদিনৰ পৰা অধিক অসুস্থ হৈ এন এছ ছি এন-আই এম ৰ মুৰব্বী থুইংগালে মুইভাই নতুন দিল্লীৰ এখন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে । সেয়ে গুৰুত্বপূৰ্ণ আৰু অন্তিম পৰ্যায়ৰ শান্তি আলোচনাখন অনুষ্ঠিত হ'ব নতুন দিল্লীতে ।

naga national political groups in Delhi
নাগালিমৰ পূৰ্বে শেষ পৰ্যায়ৰ আলোচনাৰ বাবে দিল্লীত নাগা নেচনেল পলিটিকেল গ্ৰুপ
author img

By

Published : Aug 10, 2020, 5:19 PM IST

গুৱাহাটী, 10 আগষ্টঃ বহু প্ৰতীক্ষাৰ অন্ত পেলাই অহা ছেপ্তেম্বৰত ঘোষিত হ'ব নাগালিম । এই ঘোষণাৰ আগতে অনুষ্ঠিত হ'বলগীয়া শেষ পৰ্যায়ৰ আলোচনাৰ বাবে ইতিমধ্যে নতুন দিল্লীত বাহৰ পাতিছে নাগালেণ্ডৰ 'নাগা নেচনেল পলিটিকেল গ্ৰুপ' (এন এন পি জি) ৰ কেইবাগৰাকীও জ্যেষ্ঠ নেতাই। যোৱা কিছু দিনৰ পৰা অধিক অসুস্থ হৈ পৰা এন এছ ছি এন - আই এম ৰ মুৰব্বী থুইংগালে মুইভাই নতুন দিল্লীৰ এখন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে । সাধাৰণতে সংগঠনটোৰ নাগালেণ্ডৰ হেব্ৰনত থকা শিবিৰত থকা মুইভাক স্বাস্থ্যজনিত কাৰণত নতুন দিল্লীলৈ প্ৰেৰণ কৰা হেতু এইবাৰৰ এই গুৰুত্বপূৰ্ণ আৰু অন্তিম পৰ্যায়ৰ শান্তি আলোচনা নতুন দিল্লীতে অনুষ্ঠিত হ'ব । আনহাতে, এই শান্তি চুক্তিৰ আঁত ধৰি অহা মধ্যস্থতাকাৰী তথা আৰ এন ৰবিয়েও এই আলোচনাত উপস্থিত থাকিবলৈ কহিমাৰ পৰা কাইলৈ নতুন দিল্লীলৈ উৰা মাৰিব বুলি এন এন জি পিৰ এক শীৰ্ষ সূত্ৰই ই টি ভি ভাৰতক জানিবলৈ দিছে। জানিব পৰা মতে, অহা 14 আগষ্টত এই চূড়ান্ত পৰ্যায়ৰ বৈঠকখন অনুষ্ঠিত হ'ব আৰু ছেপ্তেম্বৰত চুক্তি সম্পাদন কৰি তাৰ আনুষ্ঠানিক সম্পাদন কৰা হ'ব।

naga national political groups in Delhi
এন এছ ছি এন - আই এম ৰ মুৰব্বী থুইংগালে মুইভাই

উল্লেখনীয় যে, স্বাধীনতাৰ আগৰে পৰাই নগা ভূমিৰ স্বাধীনতাৰ দাবীত ফিজোৰ নেতৃত্বত গঠিত 'নাগা নেচনেল কাউঞ্চিল' এই ভূমিত সশস্ত্ৰ বিদ্ৰোহ আৰম্ভ হৈছিল। আৰু তাৰ পিছৰ পৰাই বিৰতিহীন ভাবে অব্যাহত আছে নগা জনগোষ্ঠীৰ অধিকাৰৰ সংগ্ৰাম । পৰৱৰ্তী সময়ত এন এছ চি এন ৰ দুয়োটা গোট ক্ৰমে আই এম আৰু খাপলাঙে ভাৰত চৰকাৰৰ সৈতে শান্তি আলোচনাৰ পৰ্যায় সমূহ আগবঢ়াই নিয়ে । মন কৰিবলগীয়া যে, এই আলোচনাৰ সফল পৰিসমাপ্তিৰ দিশে আগবঢ়াই অনাৰ বাবে কেইবাটাও সশস্ত্ৰ সংগঠনৰ নেতাক লৈ গঠিত নাগা নেচনেল পলিটিকেল গ্ৰুপৰ অন্যতম সদস্য এন এছ চি এন - আই এমে এতিয়াও প্ৰস্তাৱিত নাগালিমৰ বাবে পৃথক পতাকা আৰু পৃথক সংবিধানৰ কথাত আকোঁৰগোজ হৈ আছে। কিন্তু এনে দাবী কেতিয়াও সম্ভৱ নহ'ব বুলি ইতিমধ্যে স্পষ্ট কৰি দিছে কেন্দ্ৰীয় চৰকাৰে । গতিকে পৰৱৰ্তী বৈঠকত এন এছ চি এনৰ দুয়োটা গোটৰ নেতা কেইজনে কি ভূমিকা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব ৷

লগতে পঢ়কঃআস্থাভোটত অংশ ল'ব মণিপুৰৰ বিধায়কবৰ্গই

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.