গুৱাহাটী,3 ছেপ্তেম্বৰঃ চলিত মাহৰ ৫তাৰিখে মহানগৰীৰ সৰুসজাই খেলপথাৰত অনুষ্ঠিত হ'ব ফিফা বিশ্বকাপৰ যোগ্যতা নিৰ্ণয়কাৰী খেল ৷ উক্ত খেলখনত ঘৰুৱা দল ভাৰতে মুখামুখি হ'ব শক্তিশালী ওমানৰ ৷ ইতিমধ্যেই গুৱাহাটীত আহি উপস্থিত হৈছে দুয়োটা দল ৷ ওমানৰ দলটো হোটেল নভ'টেলত থকাৰ বিপৰীতে ভাৰতীয় দলটোৱে বাহৰ পাতি আছে জালুকবাৰীৰ হোটেল ৰেডিচন ব্লু'ত৷ মঙলবাৰে মহানগৰীৰ হোটেল লেণ্ডমাৰ্কত এক সংবাদমেল সম্বোধন কৰি এই কথা সদৰি কৰে অসম ফুটবল সন্থাৰ সভাপতি তথা মন্ত্ৰীগৰাকীয়ে ৷ অসম চৰকাৰৰ সহযোগত অসম ফুটবল সন্থাই এই আন্তঃৰাষ্ট্ৰীয় খেলখনৰ সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰিছে বুলি সংবাদমেলত জনায় মন্ত্ৰীগৰাকীয়ে ৷ বৰ্তমানলৈ প্ৰায় ১৩হাজাৰ টিকট বিক্ৰী হোৱাৰ কথা সংবাদমেলত উল্লেখ কৰে নৱ দলেই ৷ ইয়াৰ উপৰি বুক মাই শ্ব'ত টিকট উপলব্ধ হোৱাৰ উপৰিও সৰুসজাই ষ্টেডিয়ামৰ টিকট কাউন্টাৰৰ পৰাও দৰ্শকে ক্ৰয় কৰিব পাৰিব টিকট ৷
ফিফা বিশ্বকাপৰ যোগ্যতা নিৰ্ণয়কাৰী খেল সন্দৰ্ভত মন্ত্ৰী নৱ দলেৰ সংবাদমেল - আন্তঃৰাষ্ট্ৰীয় মেচ
ফিফা বিশ্বকাপৰ যোগ্যতা নিৰ্ণয়কাৰী খেল সন্দৰ্ভত মন্ত্ৰী নৱ দলেৰ সংবাদমেল ৷ চলিত মাহৰ ৫তাৰিখে মহানগৰীৰ সৰুসজাই খেলপথাৰত অনুষ্ঠিত হ'ব ফিফা বিশ্বকাপৰ যোগ্যতা নিৰ্ণয়কাৰী খেল
![ফিফা বিশ্বকাপৰ যোগ্যতা নিৰ্ণয়কাৰী খেল সন্দৰ্ভত মন্ত্ৰী নৱ দলেৰ সংবাদমেল](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-4327346-thumbnail-3x2-fifa.jpg?imwidth=3840)
গুৱাহাটী,3 ছেপ্তেম্বৰঃ চলিত মাহৰ ৫তাৰিখে মহানগৰীৰ সৰুসজাই খেলপথাৰত অনুষ্ঠিত হ'ব ফিফা বিশ্বকাপৰ যোগ্যতা নিৰ্ণয়কাৰী খেল ৷ উক্ত খেলখনত ঘৰুৱা দল ভাৰতে মুখামুখি হ'ব শক্তিশালী ওমানৰ ৷ ইতিমধ্যেই গুৱাহাটীত আহি উপস্থিত হৈছে দুয়োটা দল ৷ ওমানৰ দলটো হোটেল নভ'টেলত থকাৰ বিপৰীতে ভাৰতীয় দলটোৱে বাহৰ পাতি আছে জালুকবাৰীৰ হোটেল ৰেডিচন ব্লু'ত৷ মঙলবাৰে মহানগৰীৰ হোটেল লেণ্ডমাৰ্কত এক সংবাদমেল সম্বোধন কৰি এই কথা সদৰি কৰে অসম ফুটবল সন্থাৰ সভাপতি তথা মন্ত্ৰীগৰাকীয়ে ৷ অসম চৰকাৰৰ সহযোগত অসম ফুটবল সন্থাই এই আন্তঃৰাষ্ট্ৰীয় খেলখনৰ সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰিছে বুলি সংবাদমেলত জনায় মন্ত্ৰীগৰাকীয়ে ৷ বৰ্তমানলৈ প্ৰায় ১৩হাজাৰ টিকট বিক্ৰী হোৱাৰ কথা সংবাদমেলত উল্লেখ কৰে নৱ দলেই ৷ ইয়াৰ উপৰি বুক মাই শ্ব'ত টিকট উপলব্ধ হোৱাৰ উপৰিও সৰুসজাই ষ্টেডিয়ামৰ টিকট কাউন্টাৰৰ পৰাও দৰ্শকে ক্ৰয় কৰিব পাৰিব টিকট ৷
Body:মংগলবাৰে মহানগৰীৰ হোটেল লেণ্ডমাৰ্কত এক সংবাদমেল সম্বোধন কৰি এই কথা জনালে অসম ফুটবল সন্থাৰ সভাপতি তথা মন্ত্ৰী নৱ দলে। অসম চৰকাৰৰ সহযোগত অসম ফুটবল সন্থাই এই আন্তঃৰাষ্ট্ৰীয় মেচখনৰ সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰিছে বুলি সংবাদমেলত জনাই মন্ত্ৰীগৰাকীয়ে। ইফালে খেলখনৰ বাবে ২৩হাজাৰ টিকট মুকলি কৰি দিছে সন্থাই। বুক মাই শ্ব'ত টিকট উপলব্ধ হোৱাৰ উপৰিও সৰুসজাই ষ্টেডিয়ামৰ টিকট কাউন্টাৰৰ পৰা ক্ৰয় কৰিব পাৰিব টিকট। বৰ্তমানলৈ প্ৰায় ১৩হাজাৰ টিকট বিক্ৰী হোৱাৰ কথা সংবাদমেলত উল্লেখ কৰে নৱ দলেই। আনহাতে সুনীল চেত্ৰীৰ নেতৃত্বৰ ভাৰতীয় দলটোত অসমৰ বিনিত ৰায়ক দেখিবলৈ পোৱা যাব। মংগলবাৰে সন্ধিয়াৰ ভাগত পৃথকে পৃথকে দুয়োটা দলে অনুশীলন চলাব। এই আন্তঃৰাষ্ট্ৰীয় মেচখনে অসমৰ ক্ৰীড়াজগতলৈ এক ইতিবাচক বাৰ্তা কঢ়িয়াই আনিব বুলি কয় অসম ফুটবল সন্থাৰ সভাপতি তথা মন্ত্ৰী নৱ দলে।
Conclusion:HIRUL HAQUE I GUWAHATI