ETV Bharat / state

মৃত্যুৰ ওচৰত হাৰ মানিলে ভূপেন উজীৰে - musician bhupen uzir

Bhupen Uzir Death : মৃত্যুৰ ওচৰত হাৰ মানিলে বিশিষ্ট সংগীত শিল্পী তথা অসমৰ প্ৰবীণ শব্দযন্ত্ৰী ভূপেন উজীৰে ৷ মঙলবাৰে নিশা প্ৰায় 10 বজাত বিশিষ্ট শিল্পীগৰাকীয়ে শেষ নিস্বাস ত্যাগ কৰে ৷

Bhupen Uzir passes away
মৃত্যুৰ ওচৰত হাৰ মানিলে ভূপেন উজীৰে
author img

By ETV Bharat Assamese Team

Published : Jan 9, 2024, 11:02 PM IST

নিউজ ডেস্ক, 9 জানুৱাৰী: অৱশেষত মৃত্যুৰ ওচৰত হাৰ মানিলে বিশিষ্ট সংগীত শিল্পী তথা অসমৰ প্ৰবীণ শব্দযন্ত্ৰী ভূপেন উজীৰে ৷ মঙলবাৰে নিশা প্ৰায় 10 বজাত বিশিষ্ট শিল্পীগৰাকীয়ে শেষ নিস্বাস ত্যাগ কৰে ৷

বিগত এক জানুৱাৰীৰ পৰা গুৱাহাটীৰ নেমকেয়াৰ হাস্পতালত চিকিৎসাধীন হৈ আছিল ভূপেন উজীৰ ৷ শেহতীয়াকৈ কেবামাহৰে পৰা শ্বাস-প্ৰশ্বাসজনিত আৰু বৃক্কৰ ৰোগত ভুগি থকা শিল্পীগৰাকীক সময়ে-সময়ে চিকিৎসা আগবঢ়াই থকা হৈছিল যদিও এক জানুৱাৰীত তেওঁৰ স্বাস্থ্যৰ গুৰুতৰ অৱনতি ঘটাত সেইদিনাই ততাতৈয়াকৈ নেমকেয়াৰ হাস্পতালত ভৰ্তি কৰোৱা হয় ৷

বিশেষজ্ঞ চিকিৎসকৰ দলে শিল্পীগৰাকীৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি সেইদিনাৰে পৰা তেওঁক আই চি ইউত ভৰ্তি কৰি চিকিৎসা অব্যাহত ৰাখিছিল ৷ অৱশ্যে যোৱা দেওবাৰৰ পৰা পূৰ্বতকৈও অধিক অৱনতি ঘটে শিল্পীগৰাকীৰ স্বাস্থ্যৰ আৰু অৱশেষত আজি নিশা অজান্তিমুলুকলৈ গতি কৰে শিল্পী ভূপেন উজীৰে ৷

উল্লেখ্য যে 80 দশকৰে পৰা এগৰাকী সুদক্ষ সংগীত পৰিচালকৰূপেই নহয়, ৰাজ্যৰ এগৰাকী আগশাৰীৰ শব্দযন্ত্ৰী হিচাবেও পৰিচিত আছিল ভূপেন উজীৰ ৷ গায়িকা পত্নী শান্তা উজীৰৰ সৈতে ভূপেন উজীৰৰ এই যুটী অসমীয়া সংগীত জগতত এক আদৰ্শ যুটী বুলিব পাৰি ৷ বহুকেইখন অসমীয়া কথাছবিৰ সংগীত পৰিচালকো আছিল এইগৰাকী বিশিষ্ট শিল্পী ৷

ভূপেন উজীৰৰ মৃত্যুত অসমীয়া সংগীত জগত শোকত স্তব্ধ হৈ পৰিছে ৷ প্ৰথিতযশা গায়ক পুলক বেনাৰ্জীয়ে কয়, ‘‘ মই মোৰ ঘনিষ্ঠ বন্ধুজনক আজি হেৰুৱালোঁ ৷ ভূপেন মোৰ কেৱল বন্ধুৱেই নাছিল, তেওঁ আছিল মোৰ সংগীত যাত্ৰাৰ এজন অন্যতম সহযাত্ৰী ৷’’

উল্লেখ্য যে যিসময়ত অসমত চাউণ্ড ৰেকৰ্ডিং ষ্টুডিঅ’ৰ অভাৱ আছিল, সেই সময়তেই ভূপেন উজীৰে তেওঁৰ একক প্ৰচেষ্টাৰে গুৱাহাটীত গঢ়ি তুলিছিল ষ্টুডিঅ’ অ’ডিটেক ৷

লগতে পঢ়ক: জ্যেষ্ঠ শিল্পী ভূপেন উজীৰ ICU ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.