ETV Bharat / state

তৰুণ গল্পকাৰ প্ৰদ্যুম্ন কুমাৰ গগৈলৈ ‘মুনীন বৰকটকী সাহিত্য বঁটা’

author img

By

Published : Nov 15, 2021, 6:33 PM IST

‘চকী আৰু অন্যান্য গল্প’ শীৰ্ষক চুটিগল্প সংকলনৰ বাবে সাংবাদিক তথা তৰুণ গল্পকাৰ প্ৰদ্যুম্ন কুমাৰ গগৈ(Pradyumna Kumar Gogoi)লৈ চলিত বৰ্ষৰ 27 সংখ্যক ‘মুনীন বৰকটকী সাহিত্য বঁটা’(Munin Barkotoki Literary Award) ৷ এই বঁটাত আছে নগদ 50,000,00 টকা, এটা স্মাৰক আৰু এখন প্ৰশস্তি পত্ৰ ৷

munin barkotoki literary award
munin barkotoki literary award

নিউজ ডেস্ক, 15 নৱেম্বৰ : 2021 বৰ্ষৰ মুনীন বৰকটকী সাহিত্য বঁটা(Munin Barkotoki Literary Award) ঘোষণা ৷ চলিত বৰ্ষৰ 27 সংখ্যক ‘মুনীন বৰকটকী সাহিত্য বঁটা’ আগবঢ়োৱা হৈছে অসমীয়া ভাষাৰ প্ৰতিশ্ৰুতিসম্পন্ন তৰুণ গল্পকাৰ তথা সাংবাদিক প্ৰদ্যুম্ন কুমাৰ গগৈ(Pradyumna Kumar Gogoi)লৈ ৷

‘চকী আৰু অন্যান্য গল্প’ শীৰ্ষক চুটিগল্প সংকলনৰ বাবে তেওঁ লাভ কৰিছে এই বঁটা ৷ 1995 চনৰ পৰা অসমীয়া ভাষাৰ ন লেখক-লেখিকাসকলক উদগনি যোগোৱাৰ উদ্দেশ্যে প্ৰদান কৰি অহা এই বঁটাত আছে নগদ 50,000,00 টকা, এটা স্মাৰক আৰু এখন প্ৰশস্তি পত্ৰ ৷

সু-সাহিত্যিক, সমালোচক, সাংবাদিক প্ৰয়াত মুনীন বৰকটকীৰ পূণ্যস্মৃতিত মুনীন বৰকটকী স্মাৰক ন্যাসৰ তৰফৰ পৰা প্ৰতিবছৰে প্ৰদান কৰা হয় এই বঁটা ৷ অসমীয়া ভাষাৰ প্ৰতিভাশালী তৰুণ লেখক-লেখিকাসকলক উদগননি জনাবলৈ এই বঁটা প্ৰদান কৰা হয় ৷

লগতে পঢ়ক : অস্কাৰৰ সাম্ভাব্য তালিকাত অন্তৰ্ভুক্ত অসমীয়া চলচ্চিত্ৰ ‘Bridge’

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.