ETV Bharat / state

গৰিয়া যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত শ্বহীদ মোজাম্মিল হকক স্মৰণ

author img

By

Published : Oct 7, 2020, 8:14 AM IST

১৯৭২ৰ মাধ্যম আন্দোলনৰ কাৰ্যসূচী পালনৰ অৰ্থে ৫ অক্টোবৰৰ দিনা সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান ক্ৰমে মঙলদৈৰ পৰা খাৰুপেটীয়ালৈ ছাত্ৰ-ছাত্ৰীসকলে গৈছিল পিকেটিং কৰিবলৈ আৰু সেই সময়তে একাংশ দুৰ্বৃত্তৰ আক্ৰমণত নিহত হৈছিল ফুলকুমলীয়া মোজাম্মিল হক।

mujamil death anniversary celebration at guwahati
গৰিয়া যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত শ্বহীদ মোজাম্মিল হকক স্মৰণ

গুৱাহাটী,7 অক্টোবৰঃ মাধ্যম আন্দোলনৰ প্ৰথমগৰাকী শ্বহীদ মোজাম্মিল হকৰ মৃত্যুবাৰ্ষিকী উপলক্ষে মঙলবাৰে শ্বহীদ গৰাকীক কৰা হয় স্মৰণ । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে মহানগৰীৰ গাড়ীগাঁৱতো সদৌ অসম গৰিয়া যুৱ ছাত্ৰ পৰিষদে স্মৰণ কৰে মাধ্যম আন্দোলনৰ এইগৰাকী শ্বহীদক । ক'ভিড প্ৰট’কল অনুসৰি অতি কম সংখ্যক লোকৰ উপস্থিতিত অনুষ্ঠিত কৰে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। শ্বহীদ মোজাম্মিল হকক শ্ৰদ্ধা জ্ঞাপন কৰি তেখেতৰ ত্যাগ আৰু অসমী আইৰ হকে থকা শ্ৰদ্ধাক সোঁৱৰণ কৰে সদৌ অসম গৰিয়া যুৱ ছাত্ৰ পৰিষদে।

প্ৰতিবছৰে ৬ অক্টোবৰৰ দিনটোত সংগঠনটোৱে বিশেষ কাৰ্যসূচীৰে অনুষ্ঠান অনুষ্ঠিত কৰি আহিছে যদিও ক’ৰণা অতিমাৰীৰ বাবে এইবেলি বাতিল কৰা হয় সকলো কাৰ্যসূচী। ইফালে ধৰ্মৰ নামত এচামে সমাজত বিষবাষ্প বিয়পাই থকা কাৰ্যত ক্ষোভ প্ৰকাশ কৰি মোজাম্মিল হকৰ ত্যাগৰ কথা দোহাৰিলে সংগঠনটোৰ ভাৰপ্ৰাপ্ত সভাপতি মকবুল হুছেইনে ।

লগতে পঢ়কঃ অইল ইণ্ডিয়াৰ বিৰুদ্ধে তিনিচুকীয়াত কৃষকৰ একক প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.