ETV Bharat / state

5000 সদস্যও ভৰ্তি কৰিব নোৱাৰে; গৌৰৱ গগৈক প্ৰত্যাহ্বান মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ - Membership campaign of BJP

author img

By ETV Bharat Assamese Team

Published : 2 hours ago

BJP membership drive 2024: ৰাজ্য়জুৰি বিজেপিৰ সদস্য় ভৰ্তি অভিযান চলিছে । এই অভিযানৰ মাজতেই যোৰহাট লোকসভা সমষ্টিত হোৱা সদস্য় ভৰ্তিক লৈ চলিছে চৰ্চা । কংগ্ৰেছৰ মতে যোৰহাটত বিজেপিৰ সদস্য় ভৰ্তিৰ সংখ্য়া কম । তাৰ বিপৰীতে পূৰ্বত কৈ বিজেপিত কিমান বেছি সদস্য় ভৰ্তি হৈছে তাৰ ব্য়াখ্য়া কৰিলে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই ।

Minister Jayanta Mallabaruah
মন্ত্ৰী জয়ন্ত মল্লবৰুৱা (ETV Bharat Assam)

যোৰহাট, ২৪ ছেপ্টেম্বৰ: ‘‘যোৰহাট লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈ থকা বাবেই বিজেপিৰ সদস্য ভৰ্তি সংখ্যা হ্ৰাস পোৱাটো অমূলক ধাৰণাহে মাথো ।’’ বিগত কিছুদিন সমষ্টিটোত বিজেপিৰ সদস্য় ভৰ্তি অভিযান চলি থকাৰ পিচতো দলটোৱে আশা কৰা ধৰণে সদস্য়ৰ সংখ্য়া বৃদ্ধি কৰিব পৰা নাই বুলি চলি থকা চৰ্চাৰ মাজতেই এই সন্দৰ্ভত সাংসদগৰাকীক কটাক্ষ কৰি মন্তব্য় কৰিলে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই । ইপিনে, সাংসদ গৌৰৱ গগৈৰ নেতৃত্বত এই সমষ্টিটোত কংগ্ৰেছে কিমান সদস্য় ভৰ্তি কৰিব পাৰিব সেই কথাও মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই উল্লেখ কৰে ।

  • ৪৫ লাখলৈ বৃদ্ধি পাব সদস্য়

যোৰহাট আৰু গোলাঘাট জিলা দুখনৰ চাহ বাগিচাৰ মালিক, মেনেজাৰ আৰু সেই অঞ্চলৰ সংগঠনৰ লোকসকলৰ সৈতে জল জীৱন আৰু স্বচ্ছ ভাৰত আঁচনি সম্পৰ্কে এক আলোচনাত মিলিত হোৱাৰ সময়ত মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই সাংসদ গৌৰৱ গগৈৰ বিৰুদ্ধে মন্তব্য় কৰে । বিজেপিৰ সদস্য ভৰ্তি সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে কয়, "আগৰ বছৰত বিজেপি সদস্য ভৰ্তিৰ সংখ্যা আছিল ১৮ লাখ । বৰ্তমান ৩৭ লাখ হৈছেগৈ । এই সংখ্যা অতিক্ৰম কৰি ৪০ লাখৰ পৰা ৪৫ লাখলৈ বৃদ্ধি পাব । মানুহৰ মাজত বিজেপিৰ জনপ্ৰিয়তা বৃদ্ধি পাইছে । ফলত সদস্য ভৰ্তি সংখ্যা বাঢ়িছে, কিন্তু হ্ৰাস পোৱা নাই ।"

  • ৫ হাজাৰ সদস্যও কংগ্ৰেছে ভৰ্তি কৰিব

জাতি-মাটি-ভেটিৰ সুৰক্ষাৰ স্বাৰ্থত বিজেপিক আঁকোৱালি ল'বলৈ ৰাইজক আহ্বান জনাই মন্ত্ৰীগৰাকীয়ে কয়, "যোৰহাটৰ নতুন সাংসদগৰাকী থকা বাবে বিজেপিৰ সদস্য ভৰ্তি সংখ্যা কমাটো অমূলক ধাৰণা । গৌৰৱ গগৈৰ নেতৃত্বত ২০০০ হাজাৰৰ পৰা ৫ হাজাৰ সদস্যও কংগ্ৰেছে ভৰ্তি কৰিব নোৱাৰে ।"

  • চাহ বাগিচাত এশ শতাংশ জল জীৱনৰ পানী যোগান ধৰা হ'ব

যোৰহাটৰ কাজিৰঙা বিশ্ববিদ্যালয়ৰ প্ৰেক্ষাগৃহত সোমবাৰে এক পৰ্যালোচনা সভাত অংশগ্ৰহণ কৰে জনস্বাস্থ্য কাৰিকৰী মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই । উক্ত সভাত মন্ত্ৰীগৰাকীয়ে কয়, "চাহ বাগিচাৰ এশ শতাংশ লোকক জল জীৱন আঁচনি অধীনত পানী যোগান ধৰা হ'ব । ইতিমধ্যে এই কামসমূহ শেষ হৈছে আৰু ইয়াৰ দায়িত্ব চাহ বাগিচা পৰিচালনা সমিতিয়ে ল'ব লাগিব ।"

তেওঁ পুনৰ কয়, "চাহ বাগিচা অঞ্চলত যিসকলে শৌচাগাৰ ব্যৱস্থাৰ পৰা বঞ্চিত হৈছে তেওঁলোকৰ বাবে দুই লাখৰো অধিক শৌচাগাৰ নিৰ্মাণ কৰা হ'ব । এই সমূহৰ তথ্য বাগান সমূহে দিব লাগিব, লগতে চাহ শ্ৰমিকসকলে পাত তোলাৰ সময়ছোৱাত তেওঁলোকৰ বাবে ম'বাইল টয়লেটৰ ব্যৱস্থা কৰা হ'ব ।"

বৰ্তমান অসমত ২৯ হাজাৰ আঁচনি চলি আছে বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয়, " ইতিমধ্যে ১৫ হাজাৰ সম্পূৰ্ণ হ’ল, ১৩ হাজাৰ কাৰ্যক্ষম হৈ আছে আৰু বাকীখিনি চলি আছে ।" আনহাতে, ঠিকাদাৰে কাম কৰাৰ বিনিময়ত পইচা নোপোৱা প্ৰসংগৰ আঁত ধৰি মন্ত্ৰীগৰাকীয়ে কয়, "জল জীৱনৰ কাম চলি আছে আৰু ঠিকাদাৰে পইচা লাভ কৰি আছে । লগতে জলমিত্ৰসকলেও পইচা সময় মতে লাভ কৰি আছে আৰু তেওঁলোকৰ দৰমহা বৃদ্ধি প্ৰসংগ আলোচনা চলি আছে ।"

লগতে পঢ়ক:বিজেপিৰ শক্তিশালী মানুহৰ বাধাৰ বাবে ট্ৰেডিং কেলেংকাৰীৰ তদন্ত কৰিব পৰা নাই আৰক্ষীয়ে : গৌৰৱ গগৈ - Gaurav Gogoi slams BJP

লক্ষ্য যুৱপ্ৰজন্ম; অসমত কি দৰে চলিছে বিজেপিৰ সদস্যভৰ্তি অভিযান ? - Membership campaign of BJP

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.