গুৱাহাটী, 19 জুন: সাৱধান ! অসমৰ ঠায়ে ঠায়ে হ’ব পাৰে ধুমুহা, বিজুলী-ঢেৰেকনিসহ ধাৰাষাৰ বৰষুণ ৷ অসমৰ অধিকাংশ অঞ্চলৰ লোক বানত কবকাই থকাৰ সময়তে বতৰ বিজ্ঞান বিভাগৰ আগলি বতৰাই সতৰ্কতা জাৰি কৰিছে ৰাজ্যখনত । সোমবাৰে বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই অসমত ৰেড এলাৰ্ট জাৰি কৰিছে । অহা ২৪ ঘন্টাত ৰাজ্যৰ অধিকাংশ ঠাইত প্ৰবলৰ পৰা অতি প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই সদৰী কৰিছে । আকৌ অহা পাঁচদিনলৈ ৰাজ্যখনত প্ৰবলৰপৰা অতি প্ৰবল বৰষুণ অব্যাহত থাকিব বুলি বতৰ বিজ্ঞান বিভাগে আগজাননী দিছে ।
-
Observed Rainfall Over NE India #Rain #Monsoon2023 pic.twitter.com/Gifpw8iXXk
— RWFC Guwahati (@GuwahatiRmc) June 19, 2023 " class="align-text-top noRightClick twitterSection" data="
">Observed Rainfall Over NE India #Rain #Monsoon2023 pic.twitter.com/Gifpw8iXXk
— RWFC Guwahati (@GuwahatiRmc) June 19, 2023Observed Rainfall Over NE India #Rain #Monsoon2023 pic.twitter.com/Gifpw8iXXk
— RWFC Guwahati (@GuwahatiRmc) June 19, 2023
গুৱাহাটীৰ বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই জনোৱা মতে, ২২ জুন পর্যন্ত অসমত ধুমুহা আৰু বিজুলী-ঢেৰেকনিৰে সৈতে মুষলধাৰ বৰষুণ অব্যাহত থাকিব । ধুমুহা-বিজুলী-ঢেৰেকনিসহ অতিপাত বৰষুণ হোৱাৰ পূৰ্ণ সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি অহা দুদিনৰ বাবে নামনি অসমৰ পাঁচখন জিলাত ‘ৰেড ৱাৰ্ণিং’ জাৰি কৰা হৈছে । কোকৰাঝাৰ, চিৰাং, বাক্সা, বৰপেটা আৰু বঙাইগাঁও জিলাত ২০ জুন পর্যন্ত ‘ৰেড ৱাৰ্ণিং’ জাৰি কৰা হৈছে ৷ জিলাকেইখনত সৰ্বাধিক সতর্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ কোৱা হৈছে ।
আনহাতে, ধুমুহা আৰু বিজুলী-ঢেৰেকনিৰে প্ৰবলৰ পৰা অতি প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনা থকা সাতখন জিলা ক্ৰমে ধুবুৰী, কামৰূপ, কামৰূপ মহানগৰ, নলবাৰী, ডিমা হাছাও, কাছাৰ আৰু কৰিমগঞ্জ জিলাৰ বাবে ‘অৰেঞ্জ ৱাৰ্ণিং’ জাৰি কৰা হৈছে । আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই জনোৱা মতে, বংগোপ সাগৰৰপৰা প্ৰচুৰ জলীয় বাষ্প কঢ়িয়াই অনা দক্ষিণ আৰু দক্ষিণ-পশ্চিম দিশৰপৰা উত্তৰ-পূৰ্বাঞ্চললৈ বলা বতাহ আগন্তুক পাঁচদিনলৈ বলি থাকিব ।
ইয়াৰ প্ৰভাৱতে অহা পাঁচদিন অসমত প্ৰবলৰ পৰা অতি প্ৰবল বৰষুণ আৰু ধুমুহা ঢেৰেকনি অব্যাহত থাকিব । ইতিমধ্যে জাক জাক বৰষুণে কৃত্ৰিম বানৰ সৃষ্টি কৰা গুৱাহাটী মহানগৰীতো ২০ জুন পর্যন্ত প্ৰবল বৰষুণ অব্যাহত থাকিব । এই সময়ছোৱাত গুৱাহাটীত ২৪ ঘণ্টাত গড়ে 7 পৰা ১১ চেণ্টিমিটাৰ বৰষুণ হ’ব বুলি আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে । গুৱাহাটীৰ অৰ্থাৎ কামৰূপ মহানগৰ জিলাৰ ক্ষেত্ৰত ‘অৰেঞ্জ ৱাৰ্ণিং’ জাৰি কৰা হৈছে ।
লগতে পঢ়ক: Hajo Ghy Road Block : প্ৰকাণ্ড গছ বাগৰি ব্যাহত হাজো গুৱাহাটী পথ, নিৰ্লিপ্ত ভূমিকাত প্ৰশাসন