দক্ষিণ কামৰূপ,2 ডিচেম্বৰঃ অসমৰ দেহশ্ৰী জগতলৈ সুখবৰ । সুদূৰ ইউৰোপত অনুষ্ঠিত হোৱা দেহশ্ৰী প্ৰতিযোগিতাত ভাৰতৰ হৈ প্ৰতিনিধিত্ব কৰি বিশ্বৰ বুকুত অসমৰ নাম উজলালে অসম সন্তান দীপক গগৈয়ে । 'Mr.Universe Body building Championship'ত ৰূপৰ পদক অৰ্জন কৰি গৃহভূমিত উপস্থিত হয় শিৱসাগৰ ডিমৌৰ সন্তান দীপক গগৈ । ইউৰোপত অনুষ্ঠিত হোৱা মিষ্টাৰ ইউনিভাৰ্ছ শৰীৰ চৰ্চা প্ৰতিযোগিতাত ৪টাকৈ শিতানত ৰূপৰ পদক অৰ্জন কৰি অসমবাসীৰ লগতে ভাৰতবৰ্ষক গৌৰৱান্বিত কৰি তুলিলে অসম সন্তান দীপক গগৈয়ে । ইউৰোপৰ দৰে এখন আগশাৰীৰ দেশত মুঠ ২৭খন দেশে অংশগ্ৰহণ কৰা এই প্ৰতিযোগিতাত ৰূপৰ পদক লাভ কৰি অতিকৈ আনন্দিত হৈ পৰে দীপক গগৈ ।
আনহাতে দীপক গগৈ এই সাফল্যৰ বাবে অতিকৈ আনন্দিত হৈ পৰে শুভাকাংক্ষী তথা অল আচাম বডী বিল্ডিং এছোচিয়েছনৰ কৰ্মকৰ্তা সকল । দীপক গগৈ বিমানবন্দৰত উপস্থিত হোৱাৰ লগে লগে উষ্ম আদৰণি জনায় শুভাকাংক্ষী সকলে ।