ETV Bharat / state

ৰাজ্যত এতিয়া ল’ৰা ৰজা আৰু লালুকসোলাৰ অপশাসন চলিছে: প্ৰদ্যুৎ বৰদলৈ

দেওবাৰে এক সংবাদমেল সম্বোধন কৰি বিজেপিৰ বিৰুদ্ধে সৰৱ হৈ পৰে সাংসদ প্ৰদ্যুৎ বৰদলৈ ৷

as_ghy_pradyut-bordoloi-pressmeet_vis_7209319
ৰাজ্যত এতিয়া ল’ৰা ৰজা আৰু লালুকসোলাৰ অপশাসন চলিছে: প্ৰদ্যুৎ বৰদলৈ
author img

By

Published : Jan 24, 2021, 9:00 PM IST

গুৱাহাটী,24 জানুৱাৰী: ৰাজ্যত এতিয়া ল’ৰা ৰজা আৰু লালুকসোলাৰ অপশাসন চলিছে ৷ ল’ৰা ৰজাই যেনেদৰে ৰাজকুমাৰ সকলৰ অংগক্ষত কৰিছিল তেনেকৈ বিজেপি চৰকাৰখনে কংগ্ৰেছৰ যুৱ কৰ্মীসকলক আৰক্ষী বাহিনীৰ দ্বাৰা কৰায়ত্ত কৰি হাৰাশাস্তি কৰিছে ৷ বিজেপিয়ে অসমৰ বুৰঞ্জীৰ পৰা শিক্ষা লোৱা উচিত ৷ দেওবাৰে এক সংবাদমেল সম্বোধন কৰি বিজেপিৰ বিৰুদ্ধে এনেদৰে সৰৱ হৈ পৰিল কংগ্ৰেছ সাংসদ প্ৰদ্যুৎ বৰদলৈ ৷ শনিবাৰে এদিনীয়া ভ্ৰমণসূচীৰে শিৱসাগৰলৈ অহা প্ৰধানমন্ত্ৰী মোদীৰ ভ্ৰমণৰ পিছতেই বিজেপি চৰকাৰখনৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে ৰাজ্যৰ বিভিন্ন দল সংগঠন ৷ ইয়াৰ মাজতে দেওবাৰে এক সংবাদমেল অনুষ্ঠিত কৰে সাংসদ প্ৰদুৎ বৰদলৈয়ে ৷

ৰাজ্যত এতিয়া ল’ৰা ৰজা আৰু লালুকসোলাৰ অপশাসন চলিছে: প্ৰদ্যুৎ বৰদলৈ

এই সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীৰ ভ্ৰমণ সন্দৰ্ভত সাংসদ গৰাকীয়ে কয়, প্ৰধানমন্ত্ৰীয়ে জেৰেঙাত দিয়া ভাষণত তেওঁৰ মিথ্যাচাৰ প্ৰকাশ পাইছে ৷ আনহাতে, বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস সন্দৰ্ভত মন্তব্য কৰি কয়, ৰঞ্জিত দাসৰ ভৰিৰ মাটি নোহোৱা হৈছে ৷ এইবাৰ বিধানসভা নিৰ্বাচনত ৰঞ্জিত দাসে নিজৰ গৃহ সমষ্টিয়ো হেৰুৱাব ৷ ইয়াৰ উপৰিও নৱগঠিত আঞ্চলিক দলসমূহকো সমালোচনা কৰে সাংসদগৰাকীয়ে ৷ বিজেপিৰ ‘বি’ টীম নহ’বলৈ ৰাইজৰ দলক সকিয়নী প্ৰদান কৰে সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে ৷ লগতে বিজেপিক পৰাভূত কৰিবলৈ কংগ্ৰেছৰে ৰাইজৰ দলৰ মিত্ৰতাৰ দুৱাৰ সদায় খোলা আছে বুলি কয় সাংসদ গৰাকীয়ে ৷

আনহাতে, কংগ্ৰেছ-এ আই ইউ ডি এফ-চিপিআই-চিপিআই(এম)-চিপিআইএমএলৰ মহাজোঁট সন্দৰ্ভত মন্তব্য কৰি সাংসদ গৰাকীয়ে কয়, চিপিআই ,চিপিআই(এম), চিপিআইএমএল ৰ বৰ্তমানো গণভিত্তি আছে ৰাজ্যত ৷ এটা সময়ত ৰাজ্যত ১১-১২ খন আসন পাইছিল বাওপন্থীয়ে ৷ বৰ্তমানো প্ৰতিটো সমষ্টিতে ১০-১২ হেজাৰ ভোট লাভ কৰে ৷ এই মহাজোঁটলৈ ভয় খাইছে বিজেপিয়ে যাৰ বাবে এ আই ইউ ডি এফক শিখণ্ডী সজাইছে বিজেপিয়ে ৷

লগতে পঢ়ক-সাংসদ বদৰুদ্দিন আজমলৰ বিৰুদ্ধে ধুবুৰীত বিজেপিৰ সংবাদমেল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.