গুৱাহাটী, ১৯ মাৰ্চ: যুৱ নেত্ৰী অংকিতা দত্তৰ এক বিস্ফোৰক অভিযোগে কঁপনি তুলিছে কংগ্ৰেছৰ আভ্যন্তৰত (Ankita Dutta accuses IYC President) । কেৱল কংগ্ৰেছতেই নহয়, সমগ্ৰ দেশতে অংকিতা দত্তৰ অভিযোগে ব্যাপক চৰ্চা লাভ কৰা পৰিলক্ষিত হৈছে । সৰ্বভাৰতীয় যুৱ কংগ্ৰেছৰ সভাপতি শ্ৰীনিবাস বিভিৰ বিৰুদ্ধে অংকিতা ছ'চিয়েল মিডিয়াযোগে উত্থাপন কৰা কেতবোৰ বিস্ফোৰক অভিযোগত এতিয়া ৰাজনৈতিক মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে (Ankita Dutta accuses Srinivas BV of harassment) ।
ইয়াৰ পিছতে বিভিন্নজনে প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া । অংকিতা দত্তৰ পক্ষত থাকি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৰাজ্যসভাৰ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাই । বুধবাৰে বশিষ্ঠস্থিত ভাৰতীয় জনতা পাৰ্টীৰ মুখ্য কাৰ্যালয়ত লোকসভাৰ সাংসদগৰাকীয়ে সংবাদমেলযোগে কয় যে, এতিয়া সকলোৱে অংকিতাৰ লগত থিয় দিব লাগে (Pabitra Margherita reaction in support of Ankita Dutta) ।
তেওঁ কয় যে, এগৰাকী নাৰীয়ে অভিযোগ উত্থাপন কৰিলেই পৰম সত্য হ’ব এইটো নহয় । অংকিতা দত্তৰ অভিযোগ চৰম শুদ্ধ হ’ব সেইটো নহয় । সত্য সত্যতা নিৰূপণ নোহোৱালৈকে তেওঁৰ লগত থিয় হোৱাটো উচিত । তেখেত এগৰাকী ভুক্তভোগী অসমৰ জীয়ৰী বা ভাৰতীয় নাৰী হিচাপে তেওঁক মানসিকভাৱে তেখেতৰ ওচৰত থিয় হোৱাটো উচিত ।
সাংসদ মাৰ্ঘেৰিটাই লগতে কয়, ‘‘ৰাজনৈতিকভাৱে তেওঁক সদায় আমি বিৰোধিতা কৰি যাম । এগৰাকী নাৰী হিচাপে তেওঁক আমি সদায় সন্মান কৰি যাম ৷ কংগ্ৰেছে এই ক্ষেত্ৰত ভুল কৰিছে । অংকিতা দত্তৰ অভিযোগ ভুল হ'ব পাৰে । সত্য সত্যতা নিৰূপণ নকৰাকৈয়ে কংগ্ৰেছ নেতৃত্বই তেওঁৰ ওপৰত গোচৰ দিলে ।’’
লগতে মাৰ্ঘেৰিটাই কয় যে, কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কবিতা লিখে, লাগতিয়াল অলাগতিয়াল কথাত মাত মাতে । অসমৰ এজনী জীয়ৰীয়ে অভিযোগ আনিছে কিন্তু কাষত থিয় দিয়া নাই । বিপদৰ সময়ত অসমৰ নাগৰিক থাকে বিজেপি নাগৰিক নাথাকে । বিপদৰ সময়ত কংগ্ৰেছৰ নে বিজেপিৰ আমি খবৰ নকৰো বুলিও উল্লেখ কৰে লোকসভাৰ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাই ।
উল্লেখযোগ্য যে, ৰাজ্যিক যুৱ কংগ্ৰেছৰ সভানেত্ৰী অংকিতা দত্তই মঙলবাৰৰ দিনটোত টুইটযোগে ৰাষ্ট্ৰীয় যুৱ কংগ্ৰেছৰ সভাপতি শ্ৰীনিবাসে বিগত ৬ মাহ ধৰি নিৰ্যাতন চলাই অহাৰ অভিযোগ উত্থাপন কৰিছিল (Ankita Dutta twitted to Priyanka Gandhi) । কংগ্ৰেছ নেতা ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধীৰ ওচৰত শ্ৰীনিবাসে চলোৱা নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰাৰ পিছতো বিষয়টোৰ বিৰুদ্ধে পদক্ষেপ লোৱাত ব্যৰ্থ হয় ।
লগতে পঢ়ক: Heavy storm in Majuli: প্ৰচণ্ড ধুমুহাত মাজুলীৰ লাহলিয়াল গাঁৱত বিস্তৰ ক্ষতি