ETV Bharat / state

Cinnamara weekly market : চিনামৰাৰ বজাৰত গ্ৰাহকৰ ৰূপত সাংসদ কামাখ্যা প্ৰসাদ তাছা

author img

By

Published : Nov 14, 2022, 9:36 PM IST

যোৰহাট চিনামৰাৰ সপ্তাহিক বজাৰত এইবাৰ গ্ৰাহকৰ ৰূপত ৰাজ্যসভা সাংসদ কামাখ্যা প্ৰসাদ তাছা (Kamakhya Prasad Tasa visits Cinnamara) ৷ সাংসদগৰাকীয়ে এই বজাৰত পাচলি ব্যৱসায়ৰ লগতে অন্য ব্যৱসায়ীসকলৰ অভাৱ-অভিযোগ বুজ লোৱাৰ লগতে তেওঁলোকৰ সৈতে মত বিনিময়ো কৰে ৷

Cinnamara weekly market
চিনামৰাত গ্ৰাহকৰ ৰূপত সাংসদ কামাখ্যা প্ৰসাদ তাছা

যোৰহাট, 14 নৱেম্বৰ : গ্ৰাহকৰ ৰূপত আজি সাংসদ কামাখ্যা প্ৰসাদ তাছা ৷ সোমবাৰে যোৰহাট চিনামৰাস্থিত সাপ্তাহিক বজাৰত হঠাৎ উপস্থিত হয় ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা (MP Kamakhya Prasad Tasa at Cinnamara) । বজাৰখনত উপস্থিত হৈ বিভিন্ন সামগ্ৰী ক্ৰয় কৰে সাংসদজনে (Cinnamara weekly market) ৷

লগতে সাংসদগৰাকীয়ে যোৰহাট চিনামৰাৰ সপ্তাহিক বজাৰৰ শাক পাচলি, কাপোৰ, দা-কটাৰীৰ আদি ব্যৱসায়ীসকলৰ সৈতেও মত বিনিময় কৰি ব্যৱসায়ীৰসকলৰ অভাৱ অভিযোগ সম্পৰ্কেও বুজ লয় ৷ উল্লেখ্য যে, এশ এবুৰি সমস্যাৰে ভাৰাক্ৰান্ত চিনামৰাস্থিত সাপ্তাহিক বজাৰৰ ব্যৱসায়ীসকল ৷

কিন্তু সেই সমস্যাৰ মাজতো পৰিয়াল পোহপাল দিয়াৰ লগতে ব্যৱসায়ীসকলে নিজৰ সন্তানক পাৰ্যমানে উচ্চ শিক্ষা গ্ৰহণ বাবে সুবিধা কৰি দিছে ৷ এইক্ষেত্ৰত ক্ষুদ্ৰ ব্যৱসায়ীসকল শলাগৰ পাত্ৰ ৷ সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰে সাংসদ কামাখ্যা প্ৰসাদ তাছাই ।

লগতে সাংসদগৰাকীয়ে কয় যে, ক্ষুদ্ৰ ব্যৱসায়ীয়ে নিজৰ উৎপাদিত সামগ্ৰীৰ উচিত মূল্য লাভ কৰাৰ বঞ্চিত হৈ আছিল ৷ ইয়াৰ মূল কাৰণ হৈছে মধ্যভোগী বা দালাল ৷ ফলত ক্ষুদ্ৰ ব্যৱসায়ীসকলে উৎপাদিত সামগ্ৰীৰ উচিত মূল্য হেৰুৱাব লগীয়া হয় ৷

আনকি কোনো কোনো ক্ষেত্ৰত উৎপাদিত সামগ্ৰীসমূহ বিক্ৰী বাবে উপযুক্ত স্থানৰ অভাৱৰ ফলতো উৎপাদিত সামগ্ৰী নষ্ট হৈ যায় । ফলত বহু লোকচানৰ সন্মুখীন হ’ব লগাত পৰে ব্যৱসায়ীসকল ৷ এনে পৰিস্থিতিৰ ফলতো ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ জীৱনৰ পথ কণ্টকময় হৈ পৰে ৷

সেয়ে এই ক্ষুদ্ৰ ব্যৱসায়ীসকলক কিদৰে উদ্ধাৰ কৰিব পাৰে, সেইসমূহ বিষয়বস্তু ওপৰত উক্ত ব্যৱসায়ীসকলৰ সৈতে মত বিনিময় কৰে সাংসদ কামাখ্যা প্ৰসাদ তাছাই । লগতে মধ্যভোগী দালালৰ কবলত পৰি যিসকল ক্ষুদ্ৰ ব্যৱসায়ীয়ে লোকচানৰ সন্মুখীন হৈছে, সেইসকল ব্যৱসায়ীৰ প্ৰতি কৃষি বিভাগৰ বহু কৰণীয় আছে বুলি মন্তব্য কৰে সাংসদগৰাকীয়ে ৷

Cinnamara weekly market
গ্ৰাহকৰ ৰূপত সাংসদ কামাখ্যা প্ৰসাদ তাছা

অৱশ্যে এই ক্ষেত্ৰত কৃষি বিভাগৰ তৰফৰ পৰা এনে ক্ষুদ্ৰ ব্যৱসায়ী তথা কৃষকৰ হিতৰ বাবে কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰো অভিযোগ তৰিছে সাংসদ কামাখ্যা প্ৰসাদ তাছাই ।

লগতে পঢ়ক : Majuli red bao rice exports : বিশ্বৰ বজাৰলৈ ৰপ্তানি মাজুলীৰ ৰঙা বাও চাউল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.