ETV Bharat / state

Constituency delimitation: অসমীয়া হিন্দু আৰু বঙালী হিন্দুৰ মাজত বিভাজন সৃষ্টি বিজেপিৰ; গৌৰৱ গগৈ

author img

By

Published : Jun 22, 2023, 3:58 PM IST

সদ্য প্ৰকাশিত সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা সন্দৰ্ভত মন্তব্য সাংসদ গৌৰৱ গগৈৰ ৷ নিৰপেক্ষভাৱে ৰাইজৰ মতামত সাপেক্ষে সমষ্টি পুনৰ নিৰ্ধাৰণ হ’লে আদৰণি জনাব কংগ্ৰেছে ৷

MP Gaurab Gogoi reacts to ECI draft
MP Gaurab Gogoi react on delimitation
নিৰ্বাচন আয়োগৰ খচৰা সন্দৰ্ভত সাংসদ গৌৰৱ গগৈৰ প্ৰতিক্ৰিয়া

গুৱাহাটী, ২২ জুন: অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণ বাবে নিৰ্বাচন আয়োগে প্রকাশ কৰা খচৰাক লৈ বিৰোধী ৰাজনৈতিক দলসমূহৰ মাজত অব্যাহত আছে ব্যাপক প্ৰতিক্ৰিয়া । নিৰ্বাচন আয়োগৰ খচৰা অনুসৰি লোকসভা আৰু বিধানসভাত সমষ্টিৰ সংখ্যা একেই ৰখা হৈছে যদিও চাৰিসীমাৰ ব্যাপক পৰিৱৰ্তন কৰা হৈছে । নিৰ্বাচন আয়োগে মঙলবাৰে প্ৰকাশ কৰা খচৰা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কলিয়াবৰৰ কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈয়ে ।

সংবাদ মাধ্যমৰ আগত সাংসদ গৌৰৱ গগৈয়ে কয় যে, সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াটো নিৰপেক্ষভাৱে ৰাইজৰ মতামতৰ ভিত্তিত হ'লে কংগ্ৰেছ দলে সদায় আদৰণি জনাব । কিন্তু বিগত কিছু বছৰৰ পৰা দেখা গৈছে যে, নিৰ্বাচন আয়োগ নিৰপেক্ষ হৈ থকা নাই । যিটো দেশৰ লোকতন্ত্রৰ বাবে অতিকৈ ভয়াৱহ ।

তেওঁ আৰু কয় যে, বিজেপিয়ে আয়কৰ বিভাগ (IT), চি বি আই (CBI), ইডি (ED), নিৰ্বাচন আয়োগ (ECI) আদিক অস্ত্র হিচাপে যিমানেই ব্যৱহাৰ নকৰক কিয় ৰাইজে যদি বিজেপিক নালাগে বুলি এবাৰ সিদ্ধান্ত লয় তেন্তে কোনেও বিজেপিক বচাব নোৱাৰে । কৰ্ণাটকৰ পাচত সমগ্ৰ দেশতে বিজেপি ডুবি আছে বুলি উল্লেখ কৰি তেওঁ কয় যে, এইটো বিজেপিৰ অন্তিম চেষ্টা ।

লগতে পঢ়ক: Constituency delimitation: সৰভোগ সমষ্টি বিলুপ্তকৰণৰ সিদ্ধান্তৰ বিৰুদ্ধে আন্দোলনত নামিব মনোৰঞ্জন তালুকদাৰ

কংগ্ৰেছক পৰাভূত কৰাৰ শক্তি বিজেপিৰ নাই বুলি সদৰী কৰি তেওঁ কয় যে, সমষ্টি পুনৰ নিৰ্ধাৰণ কৰি কিবা এটা কৰিব পাৰি নেকি বুলি বিজেপিয়ে অন্তিম প্ৰয়াস চলাইছে । নিৰ্বাচনী আয়োগক অসমৰ ঐক্য-সম্প্ৰীতিত ব্যাঘাত জন্মোৱা কোনো পদক্ষেপ গ্ৰহণ নকৰাৰ বাবে আহ্বান জনায় সাংসদ গৌৰৱ গগৈয়ে । নিৰ্বাচন আয়োগৰ খচৰা প্ৰকাশৰ পাচতে বিভাজনকামী কথা-বাৰ্তা ৰাইজৰ মাজত চৰ্চা হোৱা বুলি তেওঁ কয় ।

‘‘বিজেপিয়ে অসমীয়া হিন্দু আৰু বঙালী হিন্দুৰ মাজত বিভাজন আনিব বিচাৰিছে । বিভাজন দেখা গৈছে জনজাতি আৰু বঙালীৰ মাজত । সেইদৰে বড়ো আৰু অবড়োৰ মাজত বিভাজন আনিব বিচৰা হৈছে । বিভিন্ন জাতি-জনগোষ্ঠী তথা ভাষা-ধৰ্মৰ লোকৰ মাজত বিভাজন আনিব বিচাৰিছে বিজেপি চৰকাৰে । বিজেপিৰ বিভাজনকামী ৰাজনীতিৰ বাবেই আজি মণিপুৰ জ্বলি উঠিছে ৷’’ এইবুলি বিজেপিৰ বিৰুদ্ধে বহুকেইটা অভিযোগ তোলে সাংসদ গগৈয়ে । তেওঁ লগতে কয় যে, অসমখনক তেওঁ দ্বিতীয় মণিপুৰ হোৱাটো কেতিয়াও নিবিচাৰে । কংগ্ৰেছ দলে ৰাইজৰ পক্ষত থাকি নিজৰ কাম কৰি যাব ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.