গুৱাহাটী, 21 জুন: বিজেপি চৰকাৰৰ পৰিকল্পনা অনুসৰি নিৰ্বাচন আয়োগে সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা প্ৰস্তুত কৰিছে ৷ এই অভিযোগ এ আই ইউ ডি এফৰ সভাপতি তথা ধুবুৰীৰ সাংসদ বদৰুদ্দিন আজমলৰ ৷ অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণ সন্দৰ্ভত মঙলবাৰে নিৰ্বাচন আয়োগে প্ৰকাশ কৰা খচৰাৰ পাছতে বুধবাৰে সংবাদ মাধ্যমৰ আগত এইদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে সাংসদ আজমলে ৷
তেওঁ কয় যে 15 দিন মান পূৰ্বে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মাজত এক দীঘলীয়া আলোচনা হৈছিল ৷ তেওঁ সন্দেহ প্ৰকাশ কৰি কয় যে সমষ্টি পুনৰ নিৰ্ধাৰণৰ বাবে নিৰ্বাচন আয়োগে প্ৰকাশ কৰা খচৰা সেই আলোচনা ৰ্মমেই হৈছে ৷ নিৰ্বাচন আয়োগে গৃহ বিভাগৰ অধীনত কাম কৰে ৷ এই খচৰাখন বিজেপিৰ পৰিকল্পনা মতেই কৰা হৈছে বুলি কয় তেওঁ ৷
সাংসদজনে লগতে কয় যে, ইয়াৰ পৰা এইটো কথা স্পষ্ট যে বিজেপিয়ে এ আই ইউ ডি এফ অসমৰ পৰা নোহোৱা হৈ যোৱাটো বিচাৰে ৷ বিজেপি আৰু কংগ্ৰেছ মিলি অসমত থাকিব লাগে ৷ ইয়াৰ যোগেদি বিধানসভাত 12ৰ পৰা 15 খন আসন কংগ্ৰেছৰ বাঢ়িব বুলি উল্লেখ কৰি তেওঁ কয় যে ইয়াৰ দ্বাৰা এইটো কথা স্পষ্ট হৈ পৰিল যে কংগ্ৰেছ বিজেপিৰ 'এ প্লাছ' টিম ৷ যাৰ বাবে কংগ্ৰেছে ইয়াৰ সমৰ্থন কৰিছে ৷
এ আই ইউ ডি এফ দলে ইয়াৰ বিৰোধীতা কৰিব বুলি উল্লেখ কৰি তেওঁ কয় যে দিল্লীত গৈ নিৰ্বাচন আয়োগক সাক্ষাৎ কৰি ইয়াৰ বিৰোধীতা কৰা হ'ব ৷ তেওঁ লগতে কয় যে বদৰুদ্দিন আজমলক ভয় খাই বিজেপিয়ে দলটোক নিঃশেষ কৰিব বিচাৰিছে ৷ আজমল আগবাঢ়ি যোৱাক লৈ বিজেপি শংকিত হৈ পৰিছে বুলিও মন্তব্য কৰে ধুবুৰীৰ সাংসদগৰাকীয়ে ৷ বিজেপিৰ উদ্দেশ্য বেয়া বুলি উল্লেখ কৰি তেওঁ কয় যে ইয়াক কোনো কাৰণতে মানি ল'ব নোৱাৰি ৷