ETV Bharat / state

দুৰ্গা পূজাৰ পাছতে আছুসহ 30 সংগঠনৰ আন্দোলনৰ কাৰ্যসূচী - National education policy

তৃতীয় শ্ৰেণীৰ পৰা গণিত আৰু বিজ্ঞান বিষয়ৰ পাঠদান ইংৰাজী মাধ্যমত কৰাৰ বিৰোধিতাৰে একত্ৰিত হ’ল আছু, অসম সাহিত্য সভা, বড়ো সাহিত্য সভা আৰু এবছু ৷ দুৰ্গা পূজাৰ পাছতে এলানি আন্দোলনৰ কাৰ্যসূচীও গ্ৰহণ কৰিব বুলি জনালে আছুৰ নেতৃত্বই (Protest against decision of Assam govt) ৷

দুৰ্গা পূজাৰ পাছতে আছুসহ 30 সংগঠনৰ আন্দোলনৰ কাৰ্যসূচী

author img

By

Published : Sep 21, 2022, 10:29 PM IST

গুৱাহাটী, 21 ছেপ্টেম্বৰ: অসমৰ চৰকাৰী প্ৰাথমিক বিদ্যালয়ত তৃতীয় শ্ৰেণীৰ পৰা গণিত আৰু বিজ্ঞান বিষয়ৰ পাঠদান(Math and Science in English medium) ইংৰাজী মাধ্যমত কৰাৰ বিৰোধিতা কৰি আহিছে বিভিন্ন দল-সংগঠন, ব্যক্তি বিশেষে ৷ ৰাজ্য চৰকাৰে গ্ৰহণ কৰাৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰাৰ দাবী জনাই আছুকে ধৰি অসম সাহিত্য সভা, বড়ো সাহিত্য সভা আৰু এবছুৱে আন্দোলনৰ কাৰ্য্যসূচী ঘোষণা কৰিছে (Protest against decision of Assam govt)।

সমাগত দূৰ্গা পূজাৰ পাছতে আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰিব বুলি গুৱাহাটীত বুধবাৰে আছুৰ সভাপতি দীপাংক কুমাৰ নাথ আৰু সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই সাংবাদিকৰ আগত সদৰী কৰে । উল্লেখ্য যে এই সন্দৰ্ভত বুধবাৰে আছু, অসম সাহিত্য সভা, বড়ো সাহিত্য সভা আৰু এবছু এক বৈঠকত মিলিত হয় ।

দুৰ্গা পূজাৰ পাছতে আছুসহ 30 সংগঠনৰ আন্দোলনৰ কাৰ্যসূচী

বৈঠকৰ অন্তত আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই(AASU general secretary) জনায় যে অসম সাহিত্য সভা, এবছু, বড়ো সাহিত্য সভা আৰু আছু এই চাৰিটা সংগঠনৰ সংমিলিত বৈঠকত অসমৰ ৩০ টা জনজাতীয় সংগঠন‌ৰ নেতৃবৰ্গ উপস্থিত আছিল । আছুৰ সাধাৰণ সম্পাদকগৰাকীয়ে মুখ্যমন্ত্ৰীক আহ্বান জনাই কয়, ‘‘মুখ্যমন্ত্ৰীয়ে মাতৃভাষা আৰু মাধ্যমত হাত নিদিব । মুখ্যমন্ত্ৰীয়ে মাতৃভাষা ধ্বংস কৰা ষড়যন্ত্ৰ বন্ধ কৰিব লাগে । পূজাৰ পাছত আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰা হ’ব । তাৰ পাছত শৈক্ষিক কাৰ্যসূচী গ্ৰহণ কৰিম’’ ।

শংকৰজ্যোতি বৰুৱাই লগতে কয়, ‘‘এই সন্দৰ্ভত চৰকাৰৰ লগত বৈঠকত আলোচনা কৰা হৈছিল । এমাহৰ ভিতৰত সিদ্ধান্ত গ্ৰহণ কৰি জনাম বুলি চৰকাৰৰ তৰফৰ পৰা কোৱা কৈছিল । কিন্তু চৰকাৰে আঁকোৰগোঁজ মনোভাৱ ত্যাগ নকৰিলে । অহা সময়ত ৰাজ্যৰ তেৰটা শিক্ষক সংগঠনৰ লগত আলোচনা কৰা হ’ব’’।

ইপিনে আছুৰ সভাপতি দীপাংক কুমাৰ নাথে কয়, " অসম চৰকাৰে মাতৃভাষাক ধ্বংস কৰাৰ ষড়যন্ত্ৰ কৰিছে । কোনো কাৰণত চৰকাৰৰ মাতৃভাষাক ধ্বংস কৰাৰ সিদ্ধান্ত কাৰ্য্যকৰী কৰিবলৈ দিয়া নহ’ব । চৰকাৰে আঁকোৰগোঁজ স্থিতি ত্যাগ কৰিব লাগিব । ৰাষ্ট্ৰীয় শিক্ষা নীতিত(National education policy) মাতৃভাষাত শিক্ষা দিয়াৰ কথা উল্লেখ আছে’’ । কাৰ্বি আংলং আৰু ডিমা হাছাও জিলাত যাতে কোনো বিদ্যালয় বন্ধ নহয় তাৰ বাবেও চৰকাৰক সকীয়াই দিয়ে দীপাংক কুমাৰ নাথে ।

স্কুল বন্ধৰ সিদ্ধান্ত হঠকাৰী সিদ্ধান্ত বুলি উল্লেখ কৰি দীপাংক কুমাৰ নাথে কয় যে, কাৰ্বি আংলং আৰু ডিমা হাছাও জিলাত পয্যাপ্ত শিক্ষক নিযুক্তি দিয়াৰ বাবে ব্যৱস্থাৰ এক প্ৰজেক্ট গ্ৰহণ কৰিব লাগে চৰকাৰে৷ আনহাতে আছুৰ মুখ্য উপদেষ্টা ড৹ সমুজ্বল কুমাৰ ভট্টাচাৰ্যই(AASU chief adviser Samujjal Bhattacharya) কয়, ‘‘চৰকাৰে এই বিষয়টো আত্মসন্মানৰ বিষয় হিচাবে ল’ব নালাগে । চৰকাৰে আঁকোৰগোঁজ স্থিতি ত্যাগ কৰিব লাগিব’’ । চৰকাৰক প্ৰাক প্ৰাথমিক বিদ্যালয় মুকলি কৰাৰ বাবে আহ্বান জনাই তেওঁ কয় যে বিদ্যালয়সমূহ উন্নত কৰাৰ বাবে চৰকাৰে কাম কৰক । অসমৰ তিনিখন পাহাৰীয়া জিলাৰ শৈক্ষিক সমস্যা সমাধান কৰাৰ বাবেও দাবী জনায় ড৹ সমুজ্বল কুমাৰ ভট্টাচাৰ্যই । লগতে তেওঁ কয়, ‘‘মাধ্যম আন্দোলনৰ বাবে বহু শ্বহীদ হৈছে । চৰকাৰে এই কথাবোৰ পাহৰিলে নহ’ব’’৷

লগতে পঢ়ক: দিল্লীত প্ৰধানমন্ত্রীক সাক্ষাৎ কৰিলে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.