গুৱাহাটী, 14 নৱেম্বৰ: ৰাজ্য চৰকাৰে সোমবাৰে দিছপুৰৰ জনতা ভৱনত আই আই এম বেংগালুৰুৰ সৈতে এক বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে (MoU signed with IIM Bengaluru) । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ (Assam CM Himanta Biswa Sarma) উপস্থিতত আই আই এম বেংগালুৰুৰ সৈতে এই বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰা হয় । আই আই এম বেংগালুৰুৰ সঞ্চালক অধ্যাপক ঋষিকেশ টি কৃষ্ণন (Director of IIM Bangalore Rishikesh T Krishnan) আৰু মুখ্যমন্ত্ৰীৰ প্ৰধান সচিব সমীৰ কুমাৰ সিনহাই এই বুজাবুজি চুক্তিত স্বাক্ষৰ কৰে ।
অনুষ্ঠানত ভাষণ দি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে এই বুজাবুজি চুক্তিৰ অধীনত পৰম্পৰাগত নিযুক্তি প্ৰক্ৰিয়াৰ বাহিৰত মানসম্পন্ন প্ৰতিভা চিনাক্তকৰণ, উচ্চ দক্ষতাসম্পন্ন লোকসকলক তৃণমূল পৰ্যায়ত ৰাজ্যৰ বিকাশৰ যাত্ৰাত অৰিহণা যোগোৱাৰ সুযোগ প্ৰদানৰ লগতে স্বাস্থ্য আৰু শিক্ষা খণ্ডত বিকাশৰ সুযোগ চিনাক্ত কৰাত চৰকাৰক সহায়ৰ লক্ষ্য নিৰ্ধাৰণ কৰা হ’ব । এয়া ৰাজ্য চৰকাৰৰ প্ৰশাসনিক দিশত যথেষ্ট সহায় কৰিব ।
তেওঁ কয় যে ৰাজ্য চৰকাৰে নিদিষ্ট লক্ষ্য লৈ ৰাজ্যৰ উনয়ন সাধন কৰি আছে। চৰকাৰৰ উদেশ্য হ'ল ৰাজ্যৰ জিলাসূহৰ প্ৰশাসনিক ব্যৱস্থাটো আশধিক শক্তিশালী আৰু তৰাম্বিত কৰা । এই লক্ষ্য লৈ এই বুজাজিৰ চুক্তি স্বাক্ষৰ কৰা হৈছে। অনুষ্ঠানত মুখ্য সচিব শ্রীপৱন বৰঠাকুৰৰ লগতে চৰকাৰৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে ।
লগতে পঢ়ক: Foundation Day of Bodo Literature: বাক্সাৰ কোকলাবাৰী ৰংজালী পথাৰত জিদো নৱেম্বৰ পালন