ETV Bharat / state

MoU between NRL and IWAI: নুমলীগড় তেল শোধানাগাৰ আৰু ভাৰতৰ জলপথ কৰ্তৃপক্ষৰ লগত বুজাবুজি চুক্তি স্বাক্ষৰিত

নুমলীগড় তেল শোধানাগাৰ লিমিটেডৰ সৈতে ভাৰত চৰকাৰৰ বুজাবুজি চুক্তি ৷ চুক্তিৰ উদ্দেশ্য হৈছে নুমলীগড় তেল শোধানাগাৰত উৎপাদিত সামগ্ৰী বিভিন্ন দেশলৈ ৰপ্তানি কৰা ৷ অনুষ্ঠানত উপস্থিত থাকে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷

author img

By ETV Bharat Assamese Team

Published : Aug 24, 2023, 6:54 PM IST

MoU between NRL and IWAI
MoU between NRL and IWAI
নুমলীগড় তেল শোধানাগাৰ লিমিটেডৰ সৈতে ভাৰত চৰকাৰৰ বুজাবুজি চুক্তি

গুৱাহাটী, 24 আগষ্ট: অসম তথা দেশৰ অৰ্থনীতি বিকাশৰ বাবে অসমৰ নুমলীগড় তেল শোধানাগাৰ লিমিটেডৰ লগত ভাৰতৰ আভ্যন্তৰীণ জলপথ কৰ্তৃপক্ষৰ লগত এখন বুজাবুজি চুক্তি স্বাক্ষৰিত হয় ৷ বৃহস্পতিবাৰে গুৱাহাটীৰ ৰেডিশ্বন ব্লু হোটেলত বন্দৰ, জাহাজ আৰু জলপৰিবহনৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপস্থিতত অনুষ্ঠিত অনুষ্ঠান বুজাবুজি চুক্তি স্বাক্ষৰিত হয় ।

এই চুক্তি সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে এই চুক্তিৰ উদ্দেশ্য হ’ল ভৱিষ্যতে নুমলীগড় তেল শোধানাগাৰ লিমিটেড আৰু ভাৰতৰ আভ্যন্তৰীণ জলপথ কৰ্তৃপক্ষই যৌথভাবে কাম কৰিব । নুমলীগড় তেল শোধানাগাৰত উৎপাদিত সামগ্ৰী ওচৰ চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশৰ লগতে নেপাল, ম্যানমাৰ, থাইলেণ্ড, ভিয়েটনাম, মালয়েচিয়া, ইণ্ডোনেচিয়া আদি দক্ষিণ পূব এছিয়াৰ ৰাষ্ট্ৰসমূহলৈ ৰপ্তানি কৰা হ'ব ।

ইয়াৰ জৰিয়তে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ অৰ্থনৈতিক বিকাশ সম্ভৱ হয় । তেওঁ কয় যে ইতিমধ্যে পশ্চিম বংগৰ হালদিয়াৰ পৰা বিভিন্ন সামগ্ৰী পাঁচখন জাহাজেৰে নুমলীগড় তেল শোধানাগাৰলৈ অনাৰ ব্যৱস্থা কৰা হৈছে । পৰৱৰ্তী সময়ত ১৬ খন জাহাজেৰে হালদিয়াৰ পৰা বিভিন্ন সামগ্ৰী নুমলীগড় তেল শোধানাগাৰলৈ অনাৰ ব্যৱস্থা কৰা হ'ব । ইয়াৰ জৰিয়তে পৰিবহণ ব্যয় বহুত লাঘৱ হ'ব ।

তেওঁ জনায় যে নুমলীগড় তেল শোধানাগাৰে উৎপাদন ৩ মিলিয়ন মেট্ৰিক টনৰ পৰা ৯ মিলিয়ন মেট্ৰিক টনলৈ বৃদ্ধি কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে । অনুষ্ঠানত কেন্দ্ৰীয় (ৰাজ্যিক) মন্ত্ৰী ৰামেশ্বৰ তেলী, অসমৰ পৰিবহন মন্ত্ৰী পৰিমল শুক্লবৈদ্য আৰু উদ্যোগ মন্ত্ৰী বিমল বড়া আদি উপস্থিত থাকে ৷

টুইটযোগে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ধন্যবাদ জ্ঞাপন কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয়, ‘‘মাননীয় প্ৰধানমন্ত্ৰীৰ নেতৃত্বত যোৱা 9 বছৰত ভাৰতে পৰিবহনৰ জৰিয়তে পৰিৱৰ্তনৰ সাক্ষী হৈছে । এই বুজাবুজি চুক্তিয়ে প্ৰধানমন্ত্ৰী #GatiShakti শক্তি প্ৰদান কৰিব আৰু ভাৰতৰ এক্ট ইষ্ট নীতিক উৎসাহিত কৰিব, বৃহত্তৰ এক্সিম বাণিজ্য আৰু উন্নয়নৰ বাবে দিগন্ত মুকলি কৰিব।’’

  • In the last 9 years under Hon'ble PM Shri @narendramodi ji, India has witnessed Transformation through Transportation. This MoU will power PM #GatiShakti and give a boost to India’s Act East Policy, opening horizons for greater EXIM trade & development of the #NorthEast. pic.twitter.com/Y7rklC7IWH

    — Sarbananda Sonowal (@sarbanandsonwal) August 24, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

লগতে পঢ়ক: Opposition Leader Debabrata Saikia : নলবাৰীত বিৰোধী দলপতি দেৱব্ৰত শইকীয়া;মুখ্যমন্ত্ৰীক কটাক্ষ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.