ETV Bharat / state

গুৱাহাটী জলব’ৰ্ড আৰু ৰাষ্ট্ৰীয় নগৰীয় জীৱিকা অভিযানৰ মাজত বুজাবুজিৰ চুক্তি - আত্মসহায়ক গোটৰ পৰা জল সখী গঠন

গুৱাহাটী জলব’ৰ্ড আৰু দীনদয়াল অন্ত্যোদয়া যোজনা- ৰাষ্ট্ৰীয় নগৰীয় জীৱিকা অভিযান (DAY-NULM) ৰ মাজত স্বাক্ষৰিত হ’ল এক বুজাবুজিৰ চুক্তি (MoU signed between DAY NULM in Guwahati) ৷ এই চুক্তিত স্বাক্ষৰ কৰে কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত তথা গুৱাহাটী জলব’ৰ্ডৰ পৰিচালন সঞ্চালক পল্লৱ গোপাল ঝা আৰু দীনদয়াল অন্ত্যোদয়া নগৰীয় জীৱিকা অভিযানৰ পৰিচালন সঞ্চালক পঞ্চমী চৌধুৰীয়ে ৷

MoU signed between DAY NULM in Guwahati
স্বাক্ষৰিত হ’ল DAY-NULM ৰ মাজত বুজাবুজিৰ চুক্তি
author img

By

Published : Sep 28, 2022, 9:43 PM IST

গুৱাহাটী, 28 ছেপ্টেম্বৰ : বুধবাৰে কামৰূপ মহানগৰ জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত আয়োজন কৰা হয় এক বিশেষ বৈঠকৰ ৷ এই বৈঠকতে গুৱাহাটী জলব’ৰ্ড আৰু দীনদয়াল অন্ত্যোদয়া যোজনা- ৰাষ্ট্ৰীয় নগৰীয় জীৱিকা অভিযান (DAY-NULM) ৰ মাজত এক বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয় (MoU signed between DAY NULM in Guwahati) ।

কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত তথা গুৱাহাটী জলব’ৰ্ডৰ পৰিচালন সঞ্চালক পল্লৱ গোপাল ঝা আৰু দীনদয়াল অন্ত্যোদয়া নগৰীয় জীৱিকা অভিযানৰ পৰিচালন সঞ্চালক পঞ্চমী চৌধুৰীৰ মাজত স্বাক্ষৰিত হয় এই বুজা বুজিৰ চুক্তিৰ ৷ এই চুক্তি অনুসৰি, আত্মসহায়ক গোটৰ পৰা ‘জল সখী’ গঠন কৰি উপযুক্ত প্ৰশিক্ষণ প্ৰদানৰে তেওঁলোকক গুৱাহাটী জলব’ৰ্ডৰ বিভিন্ন কাম-কাজত নিয়োজিত কৰা হ’ব ।

গুৱাহাটী জলব’ৰ্ডৰ মিটাৰ ৰিডিং, বিল সংগ্ৰহ আদি গ্ৰাহকৰ পোনপটীয়া কামবোৰ সম্পন্ন কৰি এই জল সখীসকলে জনসাধাৰণলৈ আগবঢ়োৱা সেৱা প্ৰদানৰ বাবে তেওঁলোকক জলব’ৰ্ডে উপযুক্ত মাননি প্ৰদান কৰিব । মহিলাসকলক কৰ্মমুখী, আত্মনিৰ্ভৰশীল কৰি তোলাৰ উদ্দেশ্যে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত তথা গুৱাহাটী জলব’ৰ্ডৰ পৰিচালন সঞ্চালক পল্লৱ গোপাল ঝাই সদৰী কৰে ।

লগতে তেওঁ কয় যে, সদ্যহতে 27 গৰাকী মহিলাক উপযুক্ত প্ৰশিক্ষণ প্ৰদানেৰে ‘জল সখী’ হিচাপে নিয়োগ কৰা হৈছে । উল্লেখ্য যে, উক্ত অনুষ্ঠানত উপস্থিত থাকে নগৰীয় জীৱিকা অভিযান সহকাৰী আয়ুক্ত অনুৰাগ ৰুদ্ৰ আৰু সংশ্লিষ্ট বিষয়-ববীয়াসকল ৷

লগতে পঢ়ক : চাইবাৰ প্ৰৱঞ্চকৰ পৰা বাচি থকিবলৈ অচিনাকি ফোন কল পৰিহাৰ কৰক : দেৱজিৎ দেউৰী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.