গুৱাহাটী,৯ নৱেম্বৰ: কেন্দ্ৰীয় পথ পৰিবহন মন্ত্ৰী নীতিন গাডকাৰীৰ উপস্থিতত বুধবাৰে অসমত পাঁচটা ঠাইত ৰ'পৱে নিৰ্মাণৰ বাবে গুৱাহাটীত National Highways and Logistics Management Limited (NHLML) আৰু অসমৰ লোক নিৰ্মাণ বিভাগৰ মাজত এখন বুজাবুজি চুক্তি স্বাক্ষৰিত হয়(MoU between PWD and NHLML) । অসমত পাঁচটা স্থানত ৰ'পৱে নিৰ্মাণৰ বাবে ২০০০ কোটি টকা ব্যয়ৰ এই চুক্তি স্বাক্ষৰিত হয়(Ropeway at five places in Assam) ।
এই বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হোৱাৰ সময়ত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় চৰকাৰৰ মুৰব্বী জেনেৰেল ভি.কে.সিঙো উপস্থিত আছিল । উল্লেখ্য যে গুৱাহাটীৰ বৰঝাৰ বিমান বন্দৰ পৰা খানাপাৰলৈ ২৪ কিলোমিটাৰ, গোৱালপাৰা, হাফলং, তেজপুৰ, আৰু কাছাৰত পাঁচটা স্থানত ৰ'পৱে নিৰ্মাণৰ বাবে অনুমোদন দিয়া হৈছে ।
উল্লেখ্য যে তিনিদিনীয়া ভ্ৰমণসূচীৰে উত্তৰ-পূৰ্বাঞ্চললৈ আহিছে কেন্দ্ৰীয় পথ পৰিবহন মন্ত্ৰী নীতিন গাডকাৰী (Union Minister Nitin Gadkari in Assam) ৷ গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত অসম চৰকাৰৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই উষ্ম আদৰণি জনায় । কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে আজি কামাখ্যা মন্দিৰো দৰ্শন কৰে ।
লগতে পঢ়ক: Dhula Teenager Murder Case: আদালতত হাজিৰ কৰোৱা হ’ল ধূলাকাণ্ডৰ অভিযুক্ত চিকিৎসকক