ETV Bharat / state

৮ জানুৱাৰীত চকা বন্ধৰ আহ্বান মটৰ শ্ৰমিক সংগঠনৰ - অসমৰ মটৰ শ্ৰমিক সংগঠন

মটৰ ভেহিক'ল আইন খন সংশোধন কৰি পৰিৱহন খণ্ডত কৰ্পৰেট গোষ্ঠীক গটোৱাৰ ষড়যন্ত্ৰ ৰচিছে চৰকাৰে । এই অভিযোগ অসমৰ মটৰ শ্ৰমিক সংগঠন সমূহৰ যৌথ মঞ্চৰ ।

মটৰ শ্ৰমিক সংগঠন
৮ জানুৱাৰীত চকা বন্ধৰ আহ্বান মটৰ শ্ৰমিক সংগঠনৰ!
author img

By

Published : Dec 26, 2019, 9:11 PM IST

গুৱাহাটী, 26 ডিচেম্বৰঃ কেন্দ্ৰীয় চৰকাৰে মটৰ শ্ৰমিক সকলৰ ভৱিষ্যৎ নিৰাপত্তা প্ৰদানৰ ক্ষেত্ৰত গ্ৰহণ কৰিছে চূড়ান্ত স্বৈৰাচাৰী নীতি । মটৰ ভেহিক'ল আইন খন সংশোধন কৰি পৰিবহন খণ্ডত কৰ্পৰেট গোষ্ঠীক গটোৱাৰ ষড়যন্ত্ৰ ৰচিছে চৰকাৰে । এই অভিযোগ অসমৰ মটৰ শ্ৰমিক সংগঠন সমূহৰ যৌথ মঞ্চৰ । বৃহস্পতিবাৰে দিছপুৰ প্ৰেছ ক্লাবত এক সংবাদমেল আয়োজন কৰি এই অভিযোগ তোলে সংগঠনটোৱে । সংবাদমেলত তেওঁলোকে কয় যে, চৰকাৰে গ্ৰহণ কৰা স্বৈৰাচাৰী সিদ্ধান্তক কোনো কাৰণতে মানি নলয় । লগতে সংবাদমেলত নাগৰিকত্ব সংশোধনী আইনখনৰো বিৰোধিতা কৰে যৌথ মঞ্চই ।

৮ জানুৱাৰীত চকা বন্ধৰ আহ্বান মটৰ শ্ৰমিক সংগঠনৰ!

এই আইন খনৰ বিৰুদ্ধে অসমৰ লগতে বিশ্বৰ ভিন্ন প্ৰান্তত প্ৰতিবাদ হৈছে । কিন্তু চৰকাৰে আন্দোলনকাৰীৰহে ভুল বিচাৰ কৰি সমগ্ৰ ব্যৱস্থাটোক অন্য দিশলৈ লৈ যাব খুজিছে বুলি অভিযোগ তোলে সংগঠনটোৱে । সেয়েহে এই দুইখন জন বিৰোধী আইনৰ বিৰোধিতা কৰি আগন্তুক ৮ জানুৱাৰীত সৰ্বভাৰতীয় ধৰ্মঘট সমৰ্থনত অসমতো চকাবন্ধ কাৰ্যসূচী ঘোষণা কৰিছে যৌথ মঞ্চই ।

আৰু পঢ়কঃ অগণতান্ত্ৰিক পন্থাৰ আন্দোলন চৰকাৰে কোনো কাৰণত মানি নলয়!

Intro:অহা ৮ জানুৱাৰীত সৰ্বভাৰতীয় ধৰ্মঘটৰ সমৰ্থনত অসমতো চকা বন্ধ কাৰ্যসূচী ঘোষণা কৰিছে মটৰ শ্ৰমিক সংগঠন সমূহৰ যৌথ মঞ্চ ই ।

Body:কেন্দ্ৰীয় চৰকাৰে মটৰ শ্ৰমিক সকলৰ ভৱিষ্যৎ নিৰাপত্তা প্ৰদানৰ ক্ষেত্ৰত গ্ৰহণ কৰিছে চূড়ান্ত স্বৈৰাচাৰী নীতি । মটৰ ভেহিক'ল আইন খন সংশোধন কৰি পৰিবহন খণ্ড টোত কৰ্পৰেট গোষ্ঠীক গটোৱাৰ ষড়যন্ত্ৰ ৰচিছে চৰকাৰে । এই গুৰুতৰ অভিযোগ অসমৰ মটৰ শ্ৰমিক সংগঠন সমূহৰ যৌথ মঞ্চৰ ।বৃহস্পতিবাৰে দিচপুৰ প্ৰেছ ক্লাবত এক সংবাদমেল আয়োজন কৰি এই অভিযোগ তোলে সংগঠনটোৱে । সংবাদমেলত তেওঁ লোকে কয় যে চৰকাৰে গ্ৰহণ কৰা স্বৈৰাচাৰী সিদ্ধান্ত ক কোনো কাৰনতে মানি নলয় । লগতে সংবাদমেলত জাতিধ্বংসী আইন খনৰো বিৰোধিতা কৰে যৌথ মঞ্চ ই ।তেওঁ লোকে কয় যে এই আইন খনৰ বিৰূদ্ধে অসমৰ লগতে বিশ্বৰ ভিন্ন প্ৰান্তত প্ৰতিবাদ হৈছে । কিন্তু চৰকাৰে আন্দোলনকাৰীৰ হে ভুল বিচাৰ কৰি সমগ্র ব্যৱস্থাটোক অন্য দিশলৈ লৈ যাব খুজিছে বুলি অভিযোগ তোলে । সেয়েহে এই দুইখন জন বিৰোধী আইনৰ বিৰোধিতা কৰি অহা ৮ জানুৱাৰীত সৰ্বভাৰতীয় ধৰ্মঘট সমৰ্থনত অসমতো চকাবন্ধ কাৰ্যসূচী ঘোষণা কৰিছে যৌথ মঞ্চ ই ।

Conclusion:লিপিকা ডেকা, গুৱাহাটী
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.