ETV Bharat / state

মাডাৰ বৃদ্ধাবাসত গণৰাজ্য দিৱস পালন

মহানগৰীৰ হাতীগাওঁস্থিত মাডাৰ বৃদ্ধাবাসত ৭২ সংখ্যক গণৰাজ্য দিৱস উদযাপন । ১০৫ বছৰীয়া সুভদ্ৰা দেৱী নামৰ এগৰাকী আইতাই পুৱাই পতাকা উত্তোলন কৰে । গণৰাজ্য দিৱস উপলক্ষে মাডাৰ বৃদ্ধাবাসত সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন ।

author img

By

Published : Jan 26, 2021, 7:26 PM IST

মহানগৰীৰ হাতীগাওঁস্থিত মাডাৰ বৃদ্ধাৱাসত গণৰাজ্য দিৱস পালন

গুৱাহাটী, ২৬ জানুৱাৰী: ১৯৫০ চনৰ আজিৰ দিনটোতে ভাৰতৰ সংবিধানখন গৃহীত হৈছিল । এই দিনটো গণৰাজ্য দিৱস হিচাপে সমগ্ৰ দেশবাসী উলহ-মালহেৰে উদযাপন কৰিছে । এই ক্ষেত্ৰত পিছ পৰি ৰোৱা নাই মাডাৰ বৃদ্ধাবাসৰ আইতাসকলো । মহানগৰীৰ হাতীগাওঁস্থিত মাডাৰ বৃদ্ধাবাসত আজি ৭২ সংখ্যক গণৰাজ্য দিৱস উদযাপন কৰা হয় । পুৱাই পতাকা উত্তোলন কৰে ১০৫ বছৰীয়া সুভদ্ৰা দেৱী নামৰ এগৰাকী আইতাই ।

স্বেচ্ছাসেৱী সংগঠন 'নিঃস্বাৰ্থ'ৰ সহযোগত গণৰাজ্য দিৱসৰ লগত সংগতি ৰাখি সাংস্কৃতিক কাৰ্যসূচীও অনুষ্ঠিত কৰা হয় । এটি বিহু দলে নৃত্য পৰিৱেশন কৰে অনুষ্ঠানত । আইতাসকলেও ঢোলৰ ছেৱে ছেৱে এপাক নাচি আনন্দত আত্মহাৰা হ'ল ৷ লগতে দেশৰ বাবে প্ৰাণ আহুতি দিয়া মুক্তিযোদ্ধাসকলকো স্মৰণ কৰে আইতাসকলে ।

উল্লেখ্য যে, মাডাৰ বৃদ্ধাবাস কৰ্তৃপক্ষই সদায় আইতাসকলক আশ্ৰয় দিয়াৰ লগতে মানসিক আনন্দ দিয়াৰ প্ৰয়াস কৰি আহিছে । বিভিন্ন সময়ত বিভিন্ন অনুষ্ঠান আয়োজন কৰাও পৰিলক্ষিত হৈছে । আপোন ঘৰখনৰ পৰা, পৰিয়ালৰ পৰা আঁতৰি থকাৰ দুখে যাতে আইতাসকলক কষ্ট দিব নোৱাৰে, তাৰ বাবে চেষ্টা কৰি আহিছে ।

লগতে পঢ়ক:গহপুৰত ৭২ সংখ্যক গণৰাজ্য দিৱস উদযাপন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.