নিউজ ডেস্ক,23 ফেব্ৰুৱাৰী: দুৰ্ধৰ্ষ উগ্ৰপন্থী নেতা সংবিজিতৰ অস্ত্ৰ সম্বৰণ ৷ টেলিভিজনৰ পৰ্দাত পোন প্ৰথমবাৰৰ বাবে আহে সংবিজিত ৷ মঙলবাৰে মুখ্যমন্ত্ৰীৰ ওচৰত অস্ত্ৰ সম্বৰণ কৰি মূল সূতিলৈ উভতে সংবিজিতে ৷ অস্ত্ৰ সম্বৰণৰ পূৰ্বে পিডিচিকে‘ৰ অধ্যক্ষ হিচাপে আছিল সংবিজিত কাথাৰ ৷
গুৱাহাটীৰ কলাক্ষেত্ৰত অনুষ্ঠিত অনুষ্ঠানত সংবিজিতে কৰে আত্মসমৰ্পণ ৷ অসম চৰকাৰৰ গৃহ বিভাগ আৰু অসম আৰক্ষীৰ উদ্যোগত অনুষ্ঠিত হয় এই প্ৰত্যাৱর্তন অনুষ্ঠান ৷ কার্বি আংলঙৰ ৫ টা সন্ত্ৰাসবাদী সংগঠনৰ সদস্যসকলে কৰে অস্ত্ৰ সম্বৰণ ৷ PDCK, KLNLF, KPLT, KLF, UPLAৰ মুঠ 1040 গৰাকী সদস্যই কৰে আত্মসমৰ্পণ ৷ এই অনুষ্ঠানত বিদ্ৰোহী সদস্য সকলে 58 টা এ.কে.- 47, 11 টা এম. 16, 8 টা এল.এম.জি. আৰু 265 অন্যান্য অস্ত্ৰ জমা দিয়ে ৷
উল্লেখ্য যে, মূলসূতিলৈ অহা সদস্যসকলে মাহে ৬ হাজাৰ টকা জলপানি আৰু এককালিন ৪ লাখ টকা অর্থসাহায্য ৩ বছৰৰ অন্তত ভাল ব্যৱহাৰৰ চর্তত লাভ কৰিব ৷
লগতে পঢ়ক: কুইপ’ৰ দুই বিষয়াৰ সন্দৰ্ভত হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া