ETV Bharat / state

ৰাজ্যৰ ৬৬ লাখ লোকে এতিয়াও লোৱা নাই প্ৰথম পালি ক'ভিড ভেকচিন

author img

By

Published : Sep 16, 2021, 10:09 PM IST

ৰাজ্যখনত এতিয়াও ১৮ বছৰৰ উৰ্দ্ধৰ প্ৰায় ২৯ শতাংশ লোকে এপালিও ভেকচিন লাভ কৰা নাই । আনহাতে দুটা পালি ভেকচিন লাভ কৰা লোক সংখ্যা হৈছে ৰাজ্যখনত মাত্ৰ ১৬ শতাংশ । ভোটৰ তালিকা অনুসৰি ৰাজ্যখনত থকা ১৮ বছৰৰ উৰ্দ্ধৰ লোক সংখ্যা হৈছে ২ কোটি ৩৩ লাখ ৭৪ হাজাৰ ০৮৭ জন । এতিয়ালৈকে প্ৰথম পালি ভেকচিন লাভ কৰিছে ১,৬৮,২৮,০৭৫ জনে । দ্বিতীয় পালি ভেকচিন লাভ কৰা লোকৰ সংখ্যা হৈছে ৩৯,১১,১৯৮ জন ।

ৰাজ্যৰ ৬৬ লাখ লোকে এতিয়াও লোৱা নাই প্ৰথম পালি ক'ভিড ভেকচিন
ৰাজ্যৰ ৬৬ লাখ লোকে এতিয়াও লোৱা নাই প্ৰথম পালি ক'ভিড ভেকচিন

গুৱাহাটী,১৬ ছেপ্তেম্বৰঃ ৰাজ্য চৰকাৰে দুৰ্গা পূজাৰ পূৰ্বে সকলো লোককে প্ৰথম পালি ক'ভিড ভেকচিন প্ৰদানৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে । কিন্তু এই লক্ষ্যৰ বিপৰীতে ৰাজ্যখনত এতিয়াও ১৮ বছৰৰ উৰ্দ্ধৰ প্ৰায় ২৯ শতাংশ লোকে এপালিও ভেকচিন লাভ কৰা নাই । আনহাতে দুটা পালি ভেকচিন লাভ কৰা লোকৰ সংখ্যা হৈছে ৰাজ্যখনত মাত্ৰ ১৬ শতাংশ ।

ৰাজ্য চৰকাৰে ভেকচিন প্ৰদানৰ বাবে শেহতীয়াকৈ ৰাজ্যজুৰি বৃহৎ অভিযান আৰম্ভ কৰিছে যদিও পূজাৰ পূৱে সকলো লোককে প্ৰথমপালি ভেকচিন প্ৰদান কৰাটো যে সম্ভব নহয়, সেয়া লাহে লাহে স্পষ্ট হৈ পৰিছে ।

কিয়নো শাৰদীয় দুর্গা পূজালৈ মাজত আৰু এটা মাহো নাই । অথচ এতিয়াও ৰাজ্যৰ প্ৰায় ৬৬ লাখ লোকে এটা পালিও ভেকচিন লোৱা নাই । উল্লেখযোগ্য যে, শেহতীয়া ভোটৰ তালিকা অনুসৰি ৰাজ্যখনত থকা ১৮ বছৰৰ উৰ্দ্ধৰ লোকৰ সংখ্যা হৈছে ২ কোটি ৩৩ লাখ ৭৪ হাজাৰ ০৮৭ জন ।

এতিয়ালৈকে প্ৰথম পালি ভেকচিন লাভ কৰিছে ১,৬৮,২৮,০৭৫ জনে । অর্থাৎ ৰাজ্যখনৰ প্ৰায় ৭০ শতাংশ লোকেহে এতিয়ালৈকে প্ৰথম পালি ভেকচিন লাভ কৰিছে আৰু ভেকচিন লাভ নকৰাকৈ আছে ৬৫,৪৮,০১২ জন লোক ।

লগতে পঢ়কঃ নিয়তিৰ কি নিষ্ঠুৰ পৰিহাস: একেলগে মৃত্যু পিতা-পুত্ৰৰ

আনহাতে দ্বিতীয় পালি ভেকচিন লাভ কৰা লোকৰ সংখ্যা হৈছে মাত্ৰ ৩৯,১১,১৯৮ জন । অর্থাৎ মাত্ৰ ১৭ শতাংশ লোকেহে দ্বিতীয় পালি ভেকচিন লাভ কৰিবলৈ সক্ষম হৈছে । ইফালে ৰাজ্যখনৰ কিছুমান জিলা ভেকচিন প্ৰদানৰ ক্ষেত্ৰত এতিয়াও বহু পিছপৰি আছে । সেই অনুসৰি কৰিমগঞ্জ জিলাত এতিয়ালৈকে ৫১ শতাংশ লোকে প্ৰথম পালি আৰু ১০ শতাংশ লোকে দ্বিতীয় পালি ভেকচিন লাভ কৰিছে ।

একেদৰে পশ্চিম কাৰ্বি আংলং জিলাত ৩৮ শতাংশ লোকে প্ৰথম পালি আৰু মাত্ৰ ৭ শতাংশ লোকে দ্বিতীয় পালি, কাৰ্বি আংলঙত ৪৬ শতাংশ লোকে প্ৰথম পালি আৰু মাত্ৰ ১ শতাংশ লোকে দ্বিতীয় পালি, ধুবুৰীত ৫২ শতাংশ লোক প্ৰথম পালি আৰু মাত্ৰ ৮ শতাংশ লোকে দ্বিতীয় পালি, ওদালগুৰিত ৫৯ শতাংশ লোকে প্ৰথম পালি আৰু মাত্ৰ ১০ শতাংশ লোকে দ্বিতীয় পালি, কাছাৰত ৫৭ শতাংশ লোকে প্ৰথম পালি আৰু মাত্ৰ ৮ শতাংশ লোকেহে দ্বিতীয় পালি ভেকচিন লাভ কৰিবলৈ সক্ষম হৈছে ।

লগতে পঢ়কঃ ক'ভিড পৰিস্থিতিৰ মাজতে গুৱাহাটীৰ বিশ্বকৰ্মা মন্দিৰত পূজাৰ আয়োজন

ইফালে প্ৰথম পালি ভেকচিন লোৱা বহুসংখ্যক লোকে দ্বিতীয় পালি ভেকচিন নির্ধাৰিত সময়ৰ ভিতৰত নোলোৱাৰ বহু ঘটনা পোহৰলৈ আহিছে । এতিয়ালৈকে ৰাজ্যখনত এনে প্ৰায় পাঁচ লাখ লোক ওলাইছে যি প্ৰথম পালি ভেকচিন ল'লে যদিও নির্ধাৰিত সময়ৰ ভিতৰত কিন্তু দ্বিতীয় পালি ভেকচিন লোৱা নাই । মন কৰিবলগীয়া কথা যে, চলিত বর্ষৰ ১৬ জানুবাৰীত ৰাজ্যখনত ক'ভিড-১৯ ৰ ভেকচিন প্ৰদানৰ কাম আৰম্ভ কৰা হৈছিল ।

কিন্তু প্ৰথম অৱস্থাত জনসাধাৰণে ভেকচিন লোৱাৰ ক্ষেত্ৰত বিশেষ আগ্ৰহ প্ৰকাশ কৰা নাছিল যদিও মে' মাহৰ পৰা কৰ'ণাৰ সংক্ৰমণ বৃদ্ধি পোৱাত ভেকচিন লোৱাৰ বাবে দলে-বলে লোক ওলাই আহিছিল । ইফালে সেই সময়ত ৰাজ্যত ভেকচিনৰ ব্যাপক নাটনিয়ে দেখা দিয়াৰ ফলত মহা সমস্যাৰ সৃষ্টি হৈছিল। কিন্তু শেহতীয়াকৈ ৰাজ্যখনত ভেকচিনৰ অভাৱ দূৰ হৈছে ।

ৰাজ্য চৰকাৰখনেও ভেকচিন প্ৰদান ক্ষেত্ৰত জনতাক আগ্ৰহী কৰি তুলিবলৈ ব্যাপক প্ৰচাৰ অভিযান আৰম্ভ কৰিছে । কিন্তু এনে পৰিস্থিতিৰ মাজতো আজিও ৰাজ্যখনৰ বৃহৎসংখ্যক লোকে এটা পালিও ভেকচিন আজিলৈকে লাভ কৰা নাই । ইফালে ভেকচিন লোৱাৰ বাবে ৰাজ্যৰ সকলা সকলোকে আগবাঢ়ি আহিবলৈ বাৰম্বাৰ আহ্বান জনাই আহিছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ।

লগতে পঢ়কঃ APDCL ৰ পৰীক্ষাত খেলিমেলি সন্দৰ্ভত গুৱাহাটী বিশ্ববিদ্যালয়ত তদন্তকাৰী দল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.