ETV Bharat / state

Flood in Assam: ভয়াৱহ বানৰ কবলত ৰাজ্যৰ ১৪খন জিলাৰ ৩৩ হাজাৰৰো অধিক লোক

মূষলধাৰ বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈসমূহৰ পানী ফেনে-ফুটুকাৰে উফন্দি উঠাৰ উপৰিও ঠায়ে ঠায়ে বাঢ়নী পানীয়ে মথাউৰি ছিঙি ভয়ংকৰ ৰূপ লৈছে । বানত সৰ্বাধিক ক্ষতিগ্ৰস্ত হৈছে লখিমপুৰ জিলা । জিলাখনৰ ২৫ হাজাৰৰো অধিক লোক বানৰ কবলত ।

author img

By

Published : Jun 18, 2023, 10:54 PM IST

More than 33 thousand people in 14 districts of the state
বানত সৰ্বাধিক ক্ষতিগ্ৰস্ত লখিমপুৰ জিলা

গুৱাহাটী,১৮ জুন: চলিত বাৰিষাৰ প্ৰথমটো বানে ক্ৰমাৎ ভয়াৱহ ৰূপ ধাৰণ কৰিছে । এখনৰ পাছত আনখনকৈ জিলা বানৰ কবলত পৰিছে । প্লাৱিত হৈছে নতুন নতুন অঞ্চল । ৰাজ্যৰ বান পৰিস্থিতিয়ে ক্ৰমাৎ জটিল ৰূপ ধাৰণ কৰিছে । বিগত এসপ্তাহ ধৰি অব্যাহত থকা মূষলধাৰ বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈসমূহৰ পানী ফেনে-ফুটুকাৰে উফন্দি উঠাৰ উপৰি ঠায়ে ঠায়ে বাঢ়নী পানীয়ে মথাউৰি ছিঙি ভয়ংকৰ ৰূপ লৈছে ।

লখিমপুৰত শিঙৰা নৈ বানে নাওবৈচাত মথাউৰিৰ এটা অংশ উটুৱাই নিয়াত ইতিমধ্যে কুৰিখনৰো অধিক গাঁও জলমগ্ন কৰি তুলিছে । অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই জনোৱা মতে এতিয়ালৈকে ৰাজ্যৰ ১৪ খন জিলাৰ ২৫খন ৰাজহ চক্ৰ বানৰ কবলত পৰিছে ।

ৰাজ্যৰ বিশ্বনাথ, কাছাৰ, দৰং, ধেমাজি, ডিব্ৰুগড়, গোল‍ঘাট, হোজাই, লখিমপুৰ, নগাঁও, নলবাৰী, শোণিতপুৰ, তিনিচুকীয়া আৰু ওদালগুৰিৰ বিস্তৰ এলেকা ভয়াৱহ বানৰ কবলত পৰিছে । তথ্য অনুসৰি পুঠিমাৰি, কপিলী আৰু ব্ৰহ্মপুত্র বিভিন্ন স্থানত বিপদ সীমাৰ ওপৰেৰে বৈ গৈছে ।

দেওবাৰে বিয়লিলৈকে ৰাজ্যৰ ১৪ খন জিলাৰ ১৪২ খন গাঁও বানৰ কবলত পৰাৰ লগতে ক্ষতিগ্ৰস্ত হৈছে ৩৩ হাজাৰৰো অধিক লোক । ইয়াৰ ভিতৰত ১৫৪৪৬ জন পুৰুষ, ১৪৭৫১ গৰাকী মহিলা আৰু ৩২১৫ টি শিশু আছে । বানত সৰ্বাধিক ক্ষতিগ্ৰস্ত হৈছে লখিমপুৰ জিলা । জিলাখনৰ ২৫ হাজাৰৰো অধিক লোক বানৰ দ্বাৰা প্ৰভাৱিত হৈছে ।

এতিয়ালৈকে বানাক্ৰান্ত বিশ্বনাথ, লখিমপুৰ আৰু ওদালগুৰিত ১৭টা সাহায্য সামগ্ৰী বিতৰণ শিৱিৰ স্থাপন কৰা হৈছে । ইয়াৰ ভিতৰত এটা আশ্ৰয় শিৱিৰো আছে । আনহাতে বানত এতিয়ালৈকে ১৫১১ হেক্টৰ কৃষিভূমি ক্ষতিগ্ৰস্ত হৈছে । সেইদৰে বানত ৫ খন জিলাৰ ২০ হাজাৰৰো অধিক পশুধন ক্ষতিগ্ৰস্ত হৈছে ।

বানাক্ৰান্ত অঞ্চলত এন ডি আৰ এফ আৰু এছ ডি আৰ এফৰ উদ্ধাৰ অভিযান অব্যাহত আছে । ইফালে ভয়াৱহ বানে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিস্তৰ ক্ষতি সাধন কৰিছে । বিশ্বনাথ আৰু লখিমপুৰত বানে কেইবাটাও মথাউৰি ক্ষতিগ্ৰস্ত কৰাৰ লগতে আন্তঃগাঁথনি ধ্বংস কৰিছে ।

কাছাৰ জিলাত বানে বহু কেইটা পথৰ বিস্তৰ ক্ষতিসাধন কৰাৰ ফলত বহু ঠাইত যোগাযোগ ব্যৱস্থা বিঘ্নিত হৈ পৰিছে । বানাক্ৰান্ত প্ৰতিখন জিলাতে আন্তঃগাঁথনিৰ ব্যাপক ক্ষতিসাধন হৈছে । সেইদৰে বিশ্বনাথ, বঙাইগাঁও, ডিব্ৰুগড়, কোকৰাঝাৰ, লখিমপুৰ, মাজুলী, মৰিগাঁও, নগাঁও, শিৱসাগৰ, শোণিতপুৰ, ওদালগুৰি আৰু দক্ষিণ শালমাৰাত খহনীয়াই ভয়াৱহ ৰূপ ধাৰণ কৰিছে । নদীৰ বুকুত জাহ গৈছে বিস্তৰ এলেকা ।

আনহাতে ডিমা হাচাও আৰু কৰিমগঞ্জত অব্যাহত আছে ভূমিস্ফলনৰ তাণ্ডৱ । ৰাজ্যৰ বৰ্ত্তমানৰ বান পৰিস্থিতিয়ে আগন্তুক সময়ৰ ভয়াৱহ পৰিস্থিতিৰ ইংগিত বহন কৰিছে । আগন্তুক দিনৰ ৰাজ্যৰ বান পৰিস্থিতি আৰু অধিক জটিল আৰু ভয়াৱহ হোৱাৰ সম্ভাৱনা আছে । ইতিমধ্যে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই জিলা উপায়ুক্ত সকলৰ লগতে সংশ্লিষ্ট বিভাগৰ বিষয়াসকলক বান পৰিস্থিতিৰে মোকাবিলা কৰিবৰ বাবে যাৱতীয় সকলো ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিছে । যাতে বানৰ কবলত পৰা ৰাইজে কোনো ধৰণৰ অভাৱ-অভিযোগৰ সন্মুখীন নহয় ।

লগতে পঢ়ক: Sivsagar BJP Meeting: শিৱসাগৰত বিজেপিৰ সভাত খালি চকীৰ সন্মুখত নাড্ডাৰ ভাষণ !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.