ETV Bharat / state

এপালিও ভেকচিন লোৱা নাই ৰাজ্যৰ 32 লাখৰো অধিক লোকে

author img

By

Published : Nov 5, 2021, 4:34 PM IST

ৰাজ্যত 18 বছৰৰ উৰ্ধৰ 2,34,66,806 গৰাকী লোকৰ বিপৰীতে এতিয়ালৈকে প্ৰথম পালি ভেকচিন গ্ৰহণ কৰিছে 2,02,60,233 গৰাকী লোকে । সামাজিক দূৰত্ব, মাস্ক পৰিধান আদি নিৰ্দেশনা এতিয়া বাস্তৱত নাই । কোনেও মানি নচলে ক'ভিড(Covid) বিধি । ক্ৰমাৎ বৃদ্ধি পাইছে ক'ভিড সংক্ৰমণ ।

more-than-3-million-people-in-assam-have-not-yet-received-the-vaccine
ৰাজ্যৰ ক’ভিড ভেকচিনৰ তথ্য

গুৱাহাটী, 5 নবেম্বৰ : ৰাজ্যত পুনৰ বৃদ্ধি পাবলৈ ধৰিছে ক’ভিড(Covid)ৰ সংক্ৰমণ । শেহতীয়াকৈ প্ৰতিদিনে ৰাজ্যখনত বহু লোক ক’ভিডত আক্ৰান্ত হৈছে । ৰাজ্য চৰকাৰখনে ক’ভিডৰ সংক্ৰমণ ৰোধৰ প্ৰতি লক্ষ্য ৰাখি ক’ভিড ভেকচিন(Covid Vaccine) প্ৰদানৰ কাম ক্ষীপ্ৰ কৰি তুলিছে । কিন্তু তথাপিও ৰাজ্যখনত এতিয়াও 18 বছৰৰ উৰ্ধৰ প্ৰায় 32,06,576 গৰাকী লোকে এপালিও ভেকচিন গ্ৰহণ কৰা নাই ।

উল্লেখ্য যে, শেহতীয়া বিশেষ সংক্ষিপ্ত সংশোধনীৰ খচৰা ভোটাৰ তালিকা অনুসৰি ৰাজ্যত মূল ভোটাৰৰ সংখ্যা হৈছে 2,34,66,806 গৰাকী । অৰ্থাৎ 18 বছৰৰ উৰ্ধৰ 2,34,66,806 গৰাকী লোকৰ বিপৰীতে এতিয়ালৈকে প্ৰথম পালি ভেকচিন গ্ৰহণ কৰিছে 2,02,60,233 গৰাকী লোকে । এতিয়াও এপালি ভেকচিন গ্ৰহণ নকৰা লোকৰ সংখ্যা হৈছে 32 লাখৰো অধিক । ইমান বৃহৎ সংখ্যক লোকক ভেকচিন দিবলৈ বাকী থকাৰ সময়তে ৰাজ্যখনত পুনৰ ক’ভিডৰ সংক্ৰমণ বৃদ্ধি পোৱাক লৈ উদ্বিগ্ন হৈ পৰিছে সকলো ।

দুৰ্গা পূজাৰ পাচতে ৰাজ্যত অনুষ্ঠিত হৈ গৈছে উপ-নিৰ্বাচন । এনে পৰিস্থিতিত যদি ক’ভিডৰ তৃতীয়টো ঢৌ আহে, তেনেহ’লে অনাগত দিনত ৰাজ্যত ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হ’ব পাৰে । প্ৰণিধানযোগ্য যে, বিশেষকৈ নামনি অসমৰ চৰ অঞ্চলসমূহত ভেকচিন প্ৰদানৰ কাম যথেষ্ট লেহেম গতিত চলি আছে । মন কৰিবলগীয়া কথা যে, ৰাজ্যখনত বিগত কেইদিনত ক'ভিড সংক্ৰমণৰ হাৰ দ্ৰুত গতিত বৃদ্ধি পাইছে । ৰাজধানী চহৰ গুৱাহাটী মহানগৰীত সংক্ৰমণৰ হাৰ সৰ্বাধিক ।

ৰাজ্য চৰকাৰে জাৰি কৰা ক'ভিড সম্পৰ্কীয় নীতি-নিয়মসমূহ পৰ্যায়ক্ৰমে শিথিল কৰাৰ পাছত এতিয়া ৰাজ্যৰ বজাৰে-সমাৰে সকলোতে জনসমাগম বৃদ্ধি পাবলৈ ধৰিছে । পৰিৱেশ স্বাভাৱিক হৈ পৰিছে । সামাজিক দূৰত্ব, মাস্ক পৰিধান আদি নিৰ্দেশনা এতিয়া বাস্তৱত নাই । ইফালে ৰাজ্যখনত 19 অক্টোবৰৰ পৰা সকলো বিদ্যালয়তে পুনৰ পাঠদান আৰম্ভ হৈছে যদিও বহু বিদ্যালয় ক’ভিড সংক্ৰমণৰ বাবে বন্ধ কৰি দিয়া হৈছে ।

উল্লেখ্য যে ৰাজ্যৰ বৃহৎ সংখ্যক লোকে এতিয়াও ভেকচিনৰ পৰা বিৰত থকাৰ প্ৰতি লক্ষ্য ৰাখি শেহতীয়া কেবিনেটত এসপ্তাহজোৰা মেগা ভেকচিন অভিযান গ্ৰহণ কৰা হৈছে । বিগত 24 ঘণ্টাত ৰাজ্যখনত 169 গৰাকী লোক নতুনকৈ ক'ভিডত আক্ৰান্ত হোৱাৰ বিপৰীতে চাৰিগৰাকীৰ মৃত্যু হৈছে ।

শেহতীয়াকৈ ক'ভিড টেষ্টৰ সংখ্যাও যথেষ্ট কমকৈ হৈছে । বিগত 24 ঘণ্টাত মাত্ৰ 16,022 ক'ভিড টেষ্ট কৰা হৈছিল আৰু এই হিচাপত আক্ৰান্তৰ হাৰ 1.05 শতাংশ । ইফালে এতিয়ালৈকে ৰাজ্যৰ মুঠ 2,87,01,642 গৰাকী লোকে ভেকচিন গ্ৰহণ কৰিছে । ইয়াৰে 2,02,60,233 গৰাকী লোকে প্ৰথমপালি আৰু 84,41,409 গৰাকী লোকে দ্বিতীয় পালি ভেকচিন লৈছে । এতিয়াও বহু সংখ্যক লোকে দ্বিতীয়পালি ভেকচিন ল’বলৈ বাকী আছে ।

লগতে পঢ়ক : কানপুৰত জিকা ভাইৰাছত আক্ৰান্তৰ সংখ্যা ৬৬ গৰাকীলৈ বৃদ্ধি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.