গুৱাহাটী,12 ফেব্ৰুৱাৰীঃ ৰাজ্য চৰকাৰে অসমৰ গৰিয়া-মৰিয়া, দেশী, জলহা মুছলমান সকলক চিনাক্তকৰণ কৰিবলৈ ২০১৯-২০২০ বর্ষৰ ১০০ কোটি টকা ধার্য কৰি নিগম গঠন ঘোষণাৰ পিছতে মঙলবাৰে গৰিয়া-মৰিয়া, দেশী, জলহা মুছলমান সকলক কেইবাটাও দল-সংগঠনৰ লগত এক বৈঠকত মিলিত হয় সংখ্যালঘু উন্নয়ন মন্ত্ৰী ৰঞ্জিত দত্ত । চৰকাৰে অতি শীঘ্ৰে গৰিয়া-মৰিয়া, দেশী, জলহা মুছলমান সকলৰ জৰীপ আৰম্ভ কৰিব আৰু চৰকাৰৰ এই সিদ্ধান্তক ধন্যবাদ জ্ঞাপন কৰিছে জনগোষ্ঠীয় সমন্বয় পৰিষদ তথা অসমৰ মুখ্য আহ্বায়ক চৈয়দ মমিনুল আৱালে।
তেওঁ এক সংবাদমেল অনুষ্ঠিত কৰি কয় "আজিৰ পৰা মই চৈয়দ মমিনুল আৱালে নিজৰ নাম চৈয়দ মমিনুল আৱাল গৰিয়া হিচাপে ঘোষণা কৰিলো আৰু অসমৰ গৰিয়া-মৰিয়া, দেশী, জলহা মুছলমান সকলকো নিজৰ নামৰ পিছত জনগোষ্ঠীয় পৰিচয় লিখিবলৈ অনুৰোধ জনালো। নামৰ পিছত জনগোষ্ঠীয় পৰিচয় লিখিলে ইয়াৰ জৰিয়তে চিনাক্তকৰণ কৰিব পৰা যাব অসমৰ গৰিয়া-মৰিয়া, দেশী, জলহা মুছলমান সকলক।" আনহাতে এ আই ইউ ডি এফৰ বিধায়ক আমিনুল ইছলাম আহোম সকল খিলঞ্জীয়া নহয় বুলি কৰা বিতৰ্কিত মন্তব্যক তীব্ৰ গৰিহণা দি মমিনুল আৱালে কয় "বিধায়ক আমিনুল ইছলামে আহোম সকলক লৈ কৰা এনে মন্তব্য অসমৰ সমাজ জীৱনত আঘাত কৰিছে। এনে বিতৰ্কিত মন্তব্য অসমৰ ইতিহাসক বিকৃত কৰিছে গতিকে চৰকাৰে আমিনুল ইছলামক অতি শীঘ্ৰে আটক কৰিব লাগে। " জনগোষ্ঠীয় সমণ্বয় পৰিষদ, অসমে খিলঞ্জীয়া মুছলমানৰ সলনি নিগমৰ নামকৰণ গৰিয়া-মৰিয়া, দেশী, জলহা মুছলমানৰ নামেৰে কৰিবলৈ অনুৰোধ জনায় মঙলবাৰৰ বৈঠকত। লগতে অসম চৰকাৰৰ ৰাজহ বিভাগক গৰিয়া-মৰিয়া, দেশী, জলহা মুছলমান সকলৰ জৰীপ কৰিবলৈ অনুৰোধ জনোৱা হয়।
লগতে পঢ়কঃচলমান খানক লগ কৰিবলৈ তিনিচুকীয়াৰ পৰা পেদেল মাৰি আহি আছে এজন অনুৰাগী