ETV Bharat / state

সুদক্ষিণা শৰ্মা আৰু হেম বৰুৱালৈ ২০২০ বৰ্ষৰ মঘাই-মোহন কৃষ্টি বিকাশ বঁটা

author img

By

Published : Dec 27, 2020, 7:18 AM IST

Updated : Dec 27, 2020, 7:25 AM IST

ভগৱান চন্দ্ৰ মজুমদাৰ আৰু নাট্য সম্ৰাট চন্দ্ৰ চৌধুৰী সোঁৱৰণী ২০২০ বৰ্ষৰ মঘাই-মোহন কৃষ্টি বিকাশ বঁটা ঘোষণা ৷ মহানগৰীৰ দীঘলীপুখুৰীস্থিত ভাগৱতী প্ৰসাদ বৰুৱা ভৱনত এক সংবাদমেলত প্ৰবীণ কণ্ঠশিল্পী সুদক্ষিণা শৰ্মা আৰু প্ৰবীণ নৃত্যশিল্পী হেম বৰুৱালৈ ২০২০ বৰ্ষৰ মঘাই-মোহন কৃষ্টি বিকাশ বঁটা ঘোষণা কৰে ৷

moghai mohan award
সুদক্ষিণা শৰ্মা আৰু হেম বৰুৱালৈ ২০২০ বৰ্ষৰ মঘাই-মোহন কৃষ্টি বিকাশ বঁটা

গুৱাহাটী, 27 ডিচেম্বৰ : মঘাই-মোহন কৃষ্টি সংঘ অসমে সাংস্কৃতিক জগতত বিশেষ অৰিহণা আগবঢ়োৱা পুৰোধা ব্যক্তিক প্ৰতিবছৰে প্ৰদান কৰি আহিছে মঘাই-মোহন কৃষ্টি বিকাশ বঁটা ৷ ইতিমধ্যে ঘোষণা কৰা হয় ভগৱান চন্দ্ৰ মজুমদাৰ আৰু নাট্য সম্ৰাট চন্দ্ৰ চৌধুৰী সোঁৱৰণত ২০২০ বৰ্ষৰ মঘাই-মোহন কৃষ্টি বিকাশ বঁটা । প্ৰবীণ কণ্ঠশিল্পী সুদক্ষিণা শৰ্মা আৰু প্ৰবীণ নৃত্যশিল্পী হেম বৰুৱা লৈ আগবঢ়োৱা হ'ব এইবৰ্ষৰ মঘাই-মোহন কৃষ্টি বিকাশ বঁটা ৷ শনিবাৰে মহানগৰীৰ দীঘলীপুখুৰীস্থিত ভাগৱতী প্ৰসাদ বৰুৱা ভৱনত এক সংবাদমেল সম্বোধন কৰি এই কথা প্ৰকাশ কৰে মঘাই-মোহন কৃষ্টি সংঘ অসমৰ সম্পাদক কিৰণ তালুকদাৰে ৷

উল্লেখ্য যে, ৬ জানুৱাৰীত গুৱাহাটীৰ চানমাৰি খেলপথাৰত অনুষ্ঠিত হ'বলগীয়া গ্ৰন্থ মেলাৰ বাকৰিত বঁটা প্ৰদান কৰা হ'ব ৷ বঁটাৰ লগত থাকিব নগদ ২৫ হাজাৰ টকা, শৰাই, গামোচা আৰু প্ৰশস্তি পত্ৰ ৷ বঁটা প্ৰদান অনুষ্ঠানৰ পিছতে 'মাটিৰ গান আৰু জাতিৰ মান' শীৰ্ষক এক লোক কৃষ্টিৰ অনুষ্ঠানো গ্ৰন্থ মেলাৰ বাকৰিত অনুষ্ঠিত কৰা হ'ব ।

লগতে পঢ়ক: অসম লোকসেৱা আয়োগৰ পৰীক্ষাত উজলিল চাহ শ্ৰমিকৰ পুত্ৰ

Last Updated : Dec 27, 2020, 7:25 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.