ETV Bharat / state

Indrani Tahbildar case: ইন্দ্ৰাণীৰ ভাইৰেল ফটো: সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ ক্ষোভ, বাজপেয়ী ভৱনত জোকাৰণি - সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ ক্ষোভ

ইন্দ্ৰাণীৰ ফটো ভাইৰেল কৰিলে কোনে ? ইন্দ্ৰাণীৰ আত্মহত্যাই আউল লগাইছে সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ চৰাজনৈতিক ভাৱমূৰ্তিত । বাজপেয়ী ভৱনত উপস্থিত হৈ ঘটালে ক্ষোভৰ উদগীৰণ । ক'লে-নেতৃত্ব দিব নোৱাৰিলে দায়িত্ব ল'ব নালাগে ।

MLA Siddhartha Bhattacharya react on Indrani Tahbildar case
ইন্দ্ৰাণীৰ ভাইৰেল ফটো প্ৰসংগত মুখ খুলিলে সিদ্ধাৰ্থ ভট্টাচাৰ্যই
author img

By

Published : Aug 16, 2023, 7:56 PM IST

ইন্দ্ৰাণীৰ ভাইৰেল ফটো প্ৰসংগত মুখ খুলিলে সিদ্ধাৰ্থ ভট্টাচাৰ্যই

গুৱাহাটী,১৬ আগষ্ট: বিজেপি নেত্ৰী ইন্দ্ৰাণী তহবিলদাৰে আত্মহত্যা কৰাৰ পিছতে ৰাজ্যিক বিজেপিৰ ভিতৰ চৰাত কঁপনিৰ সৃষ্টি হৈছে । এই ঘটনাৰ সৈতে জড়িত নাম সাঙোৰ খাই পৰিছে বহু BJP নেতা-পালিনেতাৰ । নাম সাঙোৰ খাইছে জ্যেষ্ঠ BJP নেতা তথা প্ৰাক্তন মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰো । পূব গুৱাহাটী সমষ্টিৰ বিধায়কগৰাকীৰ ম'বাইললৈ অহা নেত্ৰীগৰাকীৰ এখন আপত্তিজনক ফটোক কেন্দ্ৰ কৰি সাঙোৰ খাইছে বিধায়কগৰাকীৰ নাম ।

ইন্দ্ৰানী তহবিলদাৰ, ৰিয়া মাজনী নামৰ এগৰাকী বিজেপি কৰ্মী আৰু SI কেলেংকাৰীত অভিযুক্ত দ্বিবন ডেকাৰ টেলিফ'নিক বাৰ্তালাপে আউল লগাইছে সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ ৰাজনৈতিক ভাৱমূৰ্তিত । ইন্দ্ৰানী তহবিলদাৰৰ আত্মহত্য়াৰ প্ৰসংগক কেন্দ্ৰ কৰি বুধবাৰে বাজপেয়ী ভৱনত ৮ টাকৈ মৰ্চাৰ অনুশাসনমূলক এখন জৰুৰী বৈঠক অনুষ্ঠিত কৰিবলৈ বাধ্য হয় ৰাজ্যিক BJP । বুধবাৰে বাজপেয়ী ভৱনত দেখা গ'ল বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্যকো । সাক্ষাৎ কৰিলে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাক ।

সাক্ষাতৰ পাছতেই ভট্টাচাৰ্যই ক্ষোভ আৰু অসন্তুষ্টি প্ৰকাশ কৰি বিস্ফোৰণ ঘটালে সংবাদমাধ্যমৰ সন্মুখত । বিধায়কগৰাকীয়ে ক্ষোভ প্ৰকাশ কৰি কয় যে, তেওঁৰ মূৰত কঁঠাল ভঙাৰ চেষ্টা চলোৱা হৈছে । এয়া যে এক পৰিকল্পিত অডিঅ' সেয়া অডিঅ' ক্লিপটো ভালকৈ শুনিলেই বুজিব পৰা যায় । নিজৰ আত্মসন্মানত আঘাত লগা বুলি উল্লেখ কৰি তেওঁ কয় যে, কেইদিনমান পূৰ্বে দললৈ অহা পাবত গজা নেতাই এনেবোৰ কাম কৰিছে ।

লগতে তেওঁ নাম প্ৰকাশ নকৰাকৈয়ে ৰিয়া মাজনীৰ প্ৰসংগত কয়, এগৰাকী মহিলাই এই অভিযোগ আনিছে । সেইগৰাকী মহিলাক বিচাৰি আনি ব্যৱস্থা লওক । এসময়ত বিজেপি চৰকাৰৰ বিৰুদ্ধে যিগৰাকী মহিলাই মুণ্ডন কৰিছিল সেই মহিলাগৰাকীয়ে এনে কাম কৰিছে বুলি অভিযোগ উত্থাপন কৰে সিদ্ধাৰ্থ ভট্টাচাৰ্যই । ইয়াৰোপৰি বিধায়ক ভট্টাচাৰ্যই কয় যে, বৰ্তমান সময়ত দলটোলৈ এনে একাংশ মানুহ আহিছে যিসকলে দলৰ সা-সন্মান সকলো শেষ কৰিছে ।

এইখন চৰকাৰৰ দিনত এটকা নিদিয়াকৈ চাকৰি হৈছে, কিন্তু তেওঁলোকে টকা তুলি বিপদত পৰিল, প্ৰেচাৰত পৰিল বুলি কয় ভট্টাচাৰ্যই । দলৰ সভাপতি হৈ থকাৰ সময়ত ভবেশ কলিতা, দ্বীপলু ৰঞ্জন, পুলক গোহাঁই ইত্যাদি লোকসকলক BJP লৈ আনিছিলো । এতিয়া দলে তেওঁক দীৰ্ঘদিন ধৰি কোনো বিশেষ দায়িত্ব নিদিয়া বুলিও মন্তব্য কৰি এই ক্ষেত্ৰত তেওঁৰ কোনো আক্ষেপ নাই বুলি স্পষ্ট কৰে ।

ইন্দ্ৰানী তহবিলদাৰৰ আত্মহত্যাৰ সৈতে তেওঁৰ নাম সাঙোৰ খোৱা প্ৰসংগত স্পষ্টীকৰণ দি তেওঁ কয় যে, মে' মাহৰ ৮ তাৰিখে কেইজনমান ব্যক্তি তেওঁৰ ওচৰলৈ আহিছিল । তেওঁলোকৰ লগত এজন দলৰ পুৰণি কৰ্মীও আহিছিল । তেওঁ বিধায়কগৰাকীক কৈছিল যে, দ্বিবন ডেকাই ফোন কৰি আছে আপুনি কিয় ধৰা নাই ? তাৰ পিছত দ্বিবন ডেকাই তেওঁলৈ ফোন কৰি তেওঁলৈ এখন ফটো পঠিওৱাৰ কথাই জনাই বুলি উল্লেখ কৰে সিদ্ধাৰ্থ ভট্টাচাৰ্যই ।

ফটোখন চাই বিধায়ক ভট্টাচাৰ্যই দ্বিবন ডেকাক মহিলাগৰাকীক চিনি পোৱাৰ বিপৰীতে লগত থকাজনক চিনি নোপোৱাৰ কথা জনাই বুলি উল্লেখ কৰে । লগতে দ্বিবন ডেকালৈ ফটোখন কেনেকৈ আহিল সেই কথাও সোধা বুলি সংবাদ মাধ্যমক জনাই ভট্টাচাৰ্যই । ১১ মে'ত দ্বিবন ডেকাই তেওঁলৈ পুনৰ ফোন কৰাত ৰাজ্যিক সভাপতিক জনাবলৈ পৰামৰ্শ দিয়ে ভট্টাচাৰ্যই । এনে পৰিপ্ৰেক্ষিতত তেওঁ কেনেকৈ ফটো ভাইৰেল কৰা কাৰ্যত জড়িত হ'ল বুলি প্ৰশ্ন উত্থাপন কৰে ।

আনহাতে আক্ষেপ প্ৰকাশ কৰি বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্যই কয় যে তেওঁৰ যি অভিজ্ঞতা সেয়া সংগ্ৰামময় অভিজ্ঞতা । চৰকাৰ অহাৰ পাছত এনে একাংশ মানুহ আহিল যিসকলক কেৱল সুবিধা লাগে বুলি দুৰ্ভাগ্যজনকভাৱে উপলব্ধি কৰাৰ কথা উল্লেখ কৰে । বাজেপেয়ীৰ ফটো গচকা মানুহ এতিয়া BJP ৰ ডাঙৰ পদবীত থকাৰ কথা কৈ তেওঁ লগতে কয় যে, হোৱা ভাতত ৰান্ধনী বহুত ওলায় ।

ৰাজনীতি আৰু সময় চক্ৰ একেলগে নচলে । কংগ্ৰেছত যোগদান কৰা হ'লে দুবাৰ কেবিনেট মন্ত্ৰী হ'ব পাৰিলোঁহেতেন । কোনোবা কিবা পদত থাকিলে পদৰ মৰ্যাদা ৰাখিব লাগে । লগতে দ্বিবন ডেকালৈকে ফটো ভাইৰেল কৰাৰ দায় এৰিলে সিদ্ধাৰ্থ ভট্টাচাৰ্যই । নেতৃত্ব দিব নোৱাৰিলে দায়িত্ব ল'ব নালাগে বুলি ক্ষোভ প্ৰকাশ কৰি বিধায়কগৰাকীয়ে শেষত কয় যে দ্বিবন ডেকাই কেৱল তেওঁলৈকে নহয় আন বহুতলৈকে প্ৰেৰণ কৰিছিল ফটোখন ।

লগতে পঢ়ক: Assam sok divas observed in Dhemaji:ধেমাজিত শোক দিৱস পালন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.