ETV Bharat / state

Clown MLA: বিধানসভাত 'বহুৱা' বিচাৰি পালে বিধায়ক শ্বেৰমান আলীয়ে

মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী অসম বিধানসভাৰ এক নম্বৰ বহুৱা । শ্বেৰমান আলীৰ বহুৱাৰ তালিকাত দ্বিতীয় স্থানত আছে কংগ্ৰেছৰ বিধায়ক, প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন ।

author img

By

Published : Dec 23, 2022, 7:39 PM IST

Clown in Assembly
বিধানসভাত 'বহুৱা' বিচাৰি পালে বিধায়ক শ্বেৰমান আলীয়ে

গুৱাহাটী,২৩ ডিচেম্বৰ: বিতৰ্কিত মন্তব্যৰে সদায়ে চৰ্চাত থকা কংগ্ৰেছৰ নিলম্বিত বিধায়ক শ্বেৰমান আলীয়ে এইবাৰ বিধাসভাৰ মজিয়াত বিচাৰি পালে 'বহুৱা' (MLA Sherman Ali)। অসম বিধানসভাৰ শীতকালীন অধিৱেশনৰ আজি চতুৰ্থ দিনা সাংবাদিকৰ আগত বিধায়কৰ আচাৰ-ব্যৱহাৰ সন্দৰ্ভত 'বহুৱা'ৰ প্ৰসংগ উত্থাপন কৰে শ্বেৰমান আলীয়ে ।

Clown MLA

১২৬ জন বিধায়কৰ মাজত যদি বহুৱা প্ৰতিযোগিতা পাতে তেন্তে কোনে পাব প্ৰথম স্থান তাৰ ওপৰত তেওঁ আগবঢ়ালে বাখ্যা । বহুৱা বিচাৰকৰ ভূমিকা লোৱা শ্বেৰমান আলীৰ মতে মৰিয়নিৰ বিধায়ক বিধায়ক ৰূপজ্যোতি কুৰ্মী অসম বিধানসভাৰ এক নম্বৰ বহুৱা (MLA Rupjyoti Kurmi)। শ্বেৰমান আলীৰ বহুৱাৰ তালিকাত দ্বিতীয় স্থানত আছে কংগ্ৰেছৰ বিধায়ক, প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন (Ex Minister Rokibul Hussain) । অসম বিধানসভাৰ অধিৱেশন চলি থকাৰ মাজতে সাংবাদিক আগত শ্বেৰমান আলীয়ে বিধায়ক ৰূপজ্যোতি কুৰ্মী সন্দৰ্ভত মন্তব্য কৰিবলৈ গৈ কয় যে ৰূপজ্যোতি কুৰ্মী কেনেকুৱা ধৰণৰ ব্যক্তিত্ব থকা বিধায়ক সেয়া অসমৰ ৰাইজে জানে ।

তেওঁ কয় যে বিধায়কসকলৰ মাজত আটাইতকৈ বেছি বহুৱালি কৰাৰ ক্ষেত্ৰত যদি পুৰস্কাৰ দিব পৰা ব্যৱস্থা থকা হ'লে ৰূপজ্যোতি কুৰ্মীয়ে প্ৰথম পুৰস্কাৰ লাভ কৰিলেহেতেন । উল্লেখ্য যে সদনত আজি বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে নামনি অসমত চৰৰ মানুহৰ বাবেই বেছিকৈ বানপানী হয় বুলি যুক্তি দিছিল । বিধায়ক কুৰ্মীৰ মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি শ্বেৰমান আলীয়ে তেওঁক এক নম্বৰ বহুৱা আখ্যা দি কয় যে চৰৰ মানুহৰ বাবে বানপানী হোৱা বুলি কোৱা কথাষাৰ শুদ্ধ নহয় ।

বানপানীত আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হয় চৰৰ মানুহ । শ্বেৰমান আলীৰ মতে অসম বিধানসভাৰ দ্বিতীয়জন বহুৱা হেনো ৰকিবুল হুছেইন । তেওঁৰ মতে ৰকিবুল হুছেইন এজন ব্লেকমেইলাৰ । বটদ্ৰৱাৰ উচ্ছেদক অসম বিধানসভাত বিৰোধী দলপতি দেবব্ৰত শইকীয়াই সমৰ্থন কৰি মন্তব্য কৰাৰ সমময়ত ৰকিবুল হুছেইনে মৌনতা অৱলম্বন কৰিছিল বুলি তেওঁ কয় । তেওঁ লগতে কয় যে পৰৱৰ্তী সময়ত সেইজন ৰকিবুল হুছেইনেই ছয়-সাতজন বিধায়কক লগত লৈ গৈ বটদ্ৰৱাৰ উচ্ছেদিতৰ কাষত উপস্থিত হৈছিল । তেওঁ ৰকিবুল হুছেইনক ব্লেকমেইলাৰ আখ্যা দি কংগ্ৰেছৰ ভিতৰত কেঞ্চাৰ থকা বুলিও মন্তব্য কৰে ।

লগতে পঢ়ক: Assam assembly winter session: চৰ অঞ্চলৰ লোকৰ বাবে বানপানী হয়: ৰূপজ্যোতি কুৰ্মী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.