ETV Bharat / state

Deforestation in Dispur: পাৰ্ক নিৰ্মাণৰ নামত খোদ দিছপুৰতে বৃক্ষ ধ্বংস কাৰ্যসূচী

author img

By

Published : Jul 4, 2023, 8:04 PM IST

চৰকাৰী পৃষ্ঠপোষকতাত দিশপুৰত নিশা গোপনে কাটিলে বহু গছ ৷ জনতা ভৱন নিৰ্মাণৰ নামতো কটা হ’ল বহু গছ ৷

Deforestation in Dispur
জনতা ভৱন নিৰ্মাণৰ নামতো কটা হ’ল বহু গছ

জনতা ভৱন নিৰ্মাণৰ নামতো কটা হ’ল বহু গছ

গুৱাহাটী, ৪ জুলাই: মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ প্ৰতিটো চৰকাৰী অনুষ্ঠানৰ পূৰ্বে গছপুলি ৰোপণৰ পোষকতা কৰিছে ৷ মাত্ৰ দুদিন পূৰ্বে অহা ২ অক্টোবৰত ৩ ঘণ্টাত ৰাজ্য জুৰি ১ কোটি গছ পুলি ৰোৱাৰ পৰিকল্পনা ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ড৹হিমন্ত বিশ্ব শৰ্মাই ৷ কিন্তু মুখ্যমন্ত্ৰীৰ বৃক্ষৰোপণৰ পদক্ষেপক ভ্ৰুকুটি দেখুৱাই খোদ দিছপুৰতে চৰকাৰী পৃষ্ঠপোষকতাত চলোৱা হৈছে বৃক্ষ ধ্বংস কাৰ্যসূচী ৷ প্ৰকাণ্ড গছ কাটি নিৰ্মাণ কৰিব পাৰ্ক ৷

এফালে উন্নয়নৰ দোহাই দি গুৱাহাটী মহানগৰীত ধাৰাবাহিকভাৱে চলিছে সেউজ ধ্বংস যজ্ঞ । নিৰ্মাণ কাৰ্যই ছানি ধৰা গুৱাহাটীত কাটি তহিলং কৰিছে গছ-গছনি । ৰাজপথ আৰু উৰণ সেঁতু নিৰ্মাণৰ বাবে দিছপুৰৰ পথৰ দাঁতিৰ গছবোৰ কাটি নিচ্ছিন্ন কৰা হৈছে ৷ নিৰ্মীয়মান জনতা ভৱন নিৰ্মাণৰ নামতো ৰাজধানী চৰকাৰী পৃষ্ঠপোষকতাত কটা হ’ল বহু গছ ৷ এইবাৰ অসম বিধানসভা সংলগ্ন বিধায়ক আৱাসৰ ভিতৰত থকা গছ কাটি নিঃশেষ কৰা হৈছে চৰকাৰী পৃষ্ঠপোষকতাত ।

দিছপুৰৰ বিধায়ক আবাসত এতিয়া প্ৰায় এবিঘা মাটিৰ অ’ত ত’ত পৰি আছে প্ৰকাণ্ড প্ৰকাণ্ড কাঠৰ কুণ্ডা ৷ সোমবাৰৰ নিশাৰ ঘটনা এয়া ৷ বিধায়ক আবাসত নিশাৰ আন্ধাৰত গোপনে কাটি নিঃশেষ কৰিলে গছ-গছনি ৷ দিনৰ পোহৰত গছ কাটিলে প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ আশংকা কৰি নিশাৰ আন্ধাৰত গোপনে কাটি বগৰাই দিয়া হ’ল বৃহৎ সংখ্যক সৰু-ডাঙৰ গছ-গছনি । নিশাৰ অন্ধকাৰত গোপনে গছ কাটিলে যদিও গোপনে ৰ’ল এই অপকাৰ্য ৷ স্বয়ং শাসকীয় দলৰ বিধায়কেই পোহৰলৈ আনিলে এই অবিবেচকী কাণ্ড ৷

এই বৃক্ষ ধ্বংস কাৰ্য সহ্য কৰিব নোৱাৰি বিজেপিৰ খুমটাইৰ বিধায়ক মৃণাল শইকীয়াই টুইটাৰৰ জৰিয়তে ৰাজহুৱাকৈ এৰি দিয়ে এই দৃশ্য । ভিডিঅ’ সংলগ্ন কৰিলে মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ক ৷ প্ৰত্যক্ষ কৰা মতে, প্ৰায় ৭ ডাল প্ৰকাণ্ড গছ সোমবাৰে নিশা কাটি পেলোৱা হ'ল । ইযাৰ পূৰ্বেও শেহতীয়াভাৱে বিধায়কৰ আৱাসৰ ভিতৰত জনপ্ৰতিনিধিৰ অট্টালিকা নিৰ্মাণৰ বাবেই প্ৰায় এবিঘা মাটিত থকা বহু গছ-গছনি কটা হৈছিল । বগা চন্দন, কৃষ্ণচূড়া আদি এই কটা গছবোৰৰ ভিতৰত আছে ৷

The Silent Invasion- in MLA Hostel Campus , Cutting trees under the cover of darkness as ordered by some singh to build a park (as I m told).#savetrees@CMOfficeAssampic.twitter.com/URGIT4PVyO

— Mrinal Saikia (@Mrinal_MLA) July 3, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

তথ্য অনুসৰি বিধায়ক আৱাসৰ ভিতৰত নিৰ্মাণ কৰা হ'ব এখন পাৰ্ক । এই পাৰ্কখন নিৰ্মাণ কৰিবলৈকে এতিয়া এইদৰে গছবোৰ কাটি পেলোৱা হৈছে । সিং উপাধিৰ এজন ব্যক্তিৰ নেতৃত্বত এই গছসমূহ কাটি পেলোৱা হৈছে বুলি মন্তব্য কৰিছে খুমটাইৰ বিধায়ক মৃণাল শইকীয়াই ৷ বিধায়ক আবাসত চৰকাৰী পৃষ্ঠপোষকতাত গছ-গছনি কাটি তহিলং কৰা ঘটনাই গছ সুৰক্ষা কৰাৰ ক্ষেত্ৰত চৰকাৰ নীতিৰ স্ববিৰোধী কাৰ্যাৱলীকেই প্ৰকট কৰি দেখুৱালে ৷ যি কথা প্ৰমাণ কৰি দেখুৱালে শাসকীয় বিজেপি দলৰ বিধায়কেই ৷

লগতে পঢ়ক:Jagirod police:অৱশেষত আৰক্ষীৰ জালত ভুৱা চৰকাৰী বিষয়া

জনতা ভৱন নিৰ্মাণৰ নামতো কটা হ’ল বহু গছ

গুৱাহাটী, ৪ জুলাই: মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ প্ৰতিটো চৰকাৰী অনুষ্ঠানৰ পূৰ্বে গছপুলি ৰোপণৰ পোষকতা কৰিছে ৷ মাত্ৰ দুদিন পূৰ্বে অহা ২ অক্টোবৰত ৩ ঘণ্টাত ৰাজ্য জুৰি ১ কোটি গছ পুলি ৰোৱাৰ পৰিকল্পনা ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ড৹হিমন্ত বিশ্ব শৰ্মাই ৷ কিন্তু মুখ্যমন্ত্ৰীৰ বৃক্ষৰোপণৰ পদক্ষেপক ভ্ৰুকুটি দেখুৱাই খোদ দিছপুৰতে চৰকাৰী পৃষ্ঠপোষকতাত চলোৱা হৈছে বৃক্ষ ধ্বংস কাৰ্যসূচী ৷ প্ৰকাণ্ড গছ কাটি নিৰ্মাণ কৰিব পাৰ্ক ৷

এফালে উন্নয়নৰ দোহাই দি গুৱাহাটী মহানগৰীত ধাৰাবাহিকভাৱে চলিছে সেউজ ধ্বংস যজ্ঞ । নিৰ্মাণ কাৰ্যই ছানি ধৰা গুৱাহাটীত কাটি তহিলং কৰিছে গছ-গছনি । ৰাজপথ আৰু উৰণ সেঁতু নিৰ্মাণৰ বাবে দিছপুৰৰ পথৰ দাঁতিৰ গছবোৰ কাটি নিচ্ছিন্ন কৰা হৈছে ৷ নিৰ্মীয়মান জনতা ভৱন নিৰ্মাণৰ নামতো ৰাজধানী চৰকাৰী পৃষ্ঠপোষকতাত কটা হ’ল বহু গছ ৷ এইবাৰ অসম বিধানসভা সংলগ্ন বিধায়ক আৱাসৰ ভিতৰত থকা গছ কাটি নিঃশেষ কৰা হৈছে চৰকাৰী পৃষ্ঠপোষকতাত ।

দিছপুৰৰ বিধায়ক আবাসত এতিয়া প্ৰায় এবিঘা মাটিৰ অ’ত ত’ত পৰি আছে প্ৰকাণ্ড প্ৰকাণ্ড কাঠৰ কুণ্ডা ৷ সোমবাৰৰ নিশাৰ ঘটনা এয়া ৷ বিধায়ক আবাসত নিশাৰ আন্ধাৰত গোপনে কাটি নিঃশেষ কৰিলে গছ-গছনি ৷ দিনৰ পোহৰত গছ কাটিলে প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ আশংকা কৰি নিশাৰ আন্ধাৰত গোপনে কাটি বগৰাই দিয়া হ’ল বৃহৎ সংখ্যক সৰু-ডাঙৰ গছ-গছনি । নিশাৰ অন্ধকাৰত গোপনে গছ কাটিলে যদিও গোপনে ৰ’ল এই অপকাৰ্য ৷ স্বয়ং শাসকীয় দলৰ বিধায়কেই পোহৰলৈ আনিলে এই অবিবেচকী কাণ্ড ৷

এই বৃক্ষ ধ্বংস কাৰ্য সহ্য কৰিব নোৱাৰি বিজেপিৰ খুমটাইৰ বিধায়ক মৃণাল শইকীয়াই টুইটাৰৰ জৰিয়তে ৰাজহুৱাকৈ এৰি দিয়ে এই দৃশ্য । ভিডিঅ’ সংলগ্ন কৰিলে মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ক ৷ প্ৰত্যক্ষ কৰা মতে, প্ৰায় ৭ ডাল প্ৰকাণ্ড গছ সোমবাৰে নিশা কাটি পেলোৱা হ'ল । ইযাৰ পূৰ্বেও শেহতীয়াভাৱে বিধায়কৰ আৱাসৰ ভিতৰত জনপ্ৰতিনিধিৰ অট্টালিকা নিৰ্মাণৰ বাবেই প্ৰায় এবিঘা মাটিত থকা বহু গছ-গছনি কটা হৈছিল । বগা চন্দন, কৃষ্ণচূড়া আদি এই কটা গছবোৰৰ ভিতৰত আছে ৷

তথ্য অনুসৰি বিধায়ক আৱাসৰ ভিতৰত নিৰ্মাণ কৰা হ'ব এখন পাৰ্ক । এই পাৰ্কখন নিৰ্মাণ কৰিবলৈকে এতিয়া এইদৰে গছবোৰ কাটি পেলোৱা হৈছে । সিং উপাধিৰ এজন ব্যক্তিৰ নেতৃত্বত এই গছসমূহ কাটি পেলোৱা হৈছে বুলি মন্তব্য কৰিছে খুমটাইৰ বিধায়ক মৃণাল শইকীয়াই ৷ বিধায়ক আবাসত চৰকাৰী পৃষ্ঠপোষকতাত গছ-গছনি কাটি তহিলং কৰা ঘটনাই গছ সুৰক্ষা কৰাৰ ক্ষেত্ৰত চৰকাৰ নীতিৰ স্ববিৰোধী কাৰ্যাৱলীকেই প্ৰকট কৰি দেখুৱালে ৷ যি কথা প্ৰমাণ কৰি দেখুৱালে শাসকীয় বিজেপি দলৰ বিধায়কেই ৷

লগতে পঢ়ক:Jagirod police:অৱশেষত আৰক্ষীৰ জালত ভুৱা চৰকাৰী বিষয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.