গুৱাহাটী, ৪ এপ্ৰিল : প্ৰদেশ কংগ্ৰেছত গাড্ডাৰ কোন বুলি চৰ্চা চলি থকা সময়তে বিজেপি বিধায়ক দিগন্ত কলিতাই তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়াইছে । শেহতীয়াকৈ বিধায়িকা নন্দিতা দাসে কংগ্ৰেছৰ গুৰুত্বপূৰ্ণ সভা চলি থাকোতে কৰা অডিঅ’ ৰেকৰ্ডিঙৰ পাচতে কংগ্ৰেছত গাড্ডাৰৰ প্ৰসংগতো পুনৰ ব্যাপক চৰ্চালৈ আহিছে ।
আনহাতে, বিধানসভাৰ উপৰিও সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছৰ সকলো খবৰ তেওঁ লাভ কৰে বুলি মন্তব্য কৰিছিল । কংগ্ৰেছৰ গুপ্তচৰ তথা গাড্ডাৰৰ প্ৰসংগটো চৰ্চাত থকা সময়তে বিজেপি বিধায়ক দিগন্ত দাসে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাকে গাড্ডাৰ আখ্যা দিলে (MLA Diganta Kalita criticized APCC president Bhupen kumar Borah)।
মঙলবাৰে অসম বিধানসভা চৌহদত ভূপেন বৰাক কঠোৰ ভাষাৰে সমালোচনা কৰি বিধায়ক কলিতাই কয় যে, ভূপেন বৰাই পবিত্ৰ কীৰ্তন-ঘোষাত হাত ৰাখি কওক যে ৰিপুন বৰাৰ নিৰ্বাচনৰ ক্ষেত্ৰত তেওঁ গাড্ডাৰী কৰা নাছিল । যেতিয়ালৈকে ভূপেন বৰা প্ৰদেশ কংগ্ৰেছৰ সভাপতি হৈ থাকিব তেতিয়ালৈকে গাড্ডাৰ চিনাক্ত নহয় বুলি তেওঁ কয় । ভূপেন বৰাই গাড্ডাৰৰ কথাটো ক’ব লাগে কাৰণে কৈ থাকে বুলি অভিযোগ কৰি তেওঁ কয় যে, আচল গাড্ডাৰ ভূপেন বৰা নিজে । ভূপেন বৰাই সকলো কথা জানে বুলি বিজেপি বিধায়ক দিগন্ত কলিতাই মন্তব্য কৰে ।
উল্লেখ্য যে, কংগ্ৰেছৰ কাৰ্যনিৰ্বাহক সভাৰ দৃশ্য ম’বাইলত ৰেকৰ্ডিং কৰি বিতৰ্কত সোমাই পৰিছে বকো কংগ্ৰেছৰ বিধায়িকা নন্দিতা দাস (Boko MLA Nandita Das controversy) ৷ তাৰ পাচতে বিভিন্ন জনে এই সন্দৰ্ভত ব্যক্ত কৰে নিজৰ প্ৰতিক্ৰিয়া ৷ আনকি এই সন্দৰ্ভত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰায়ো ব্যক্ত কৰিছিল নিজৰ প্ৰতিক্ৰিয়া ৷ তাৰ পাচতে এই সন্দৰ্ভত মঙলবাৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰে বিজেপি বিধায়ক দিগন্ত কলিতাই ৷
বিধানসভাৰ মজিয়াৰ লগতে বাহিৰতো কিছুদিন পূৰ্বে কংগ্ৰেছ দল তথা বিধায়িনী দলত খবৰ দিয়া নিজৰ মানুহ থকা বুলি মন্তব্য কৰি চৰ্চালৈ আহিছিল ড৹ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা (CMs spy in congress MLA Nandita Das) ৷ এনে সময়তে কংগ্ৰেছৰ কেবাগৰাকী বিধায়কৰ প্ৰতি উঠিছিল সন্দেহৰ আঙুলি ৷ এই বিধায়কৰ ভিতৰত নাম আছে বিধায়িকা নন্দিতা দাসৰ ৷ তাৰ পিচতেই নন্দিতা দাসৰ লগতে আন কেইবাগৰাকীও বিধায়কৰ ওপৰত কংগ্ৰেছ দলে নজৰ ৰাখিছিল ৷
লগতে পঢ়ক : Boko MLA Nandita Das controversy : কংগ্ৰেছত মুখ্যমন্ত্ৰীৰ গুপ্তচৰ; বিতৰ্কত বিধায়িকা নন্দিতা দাস