গুৱাহাটী, ৫ নৱেম্বৰ : প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই সাংসদ বদৰুদ্দিন আজমলক 'নৰাধম' আখ্যা দিয়াত জাঙুৰ খাই উঠিছে এ আই ইউ ডি এফ দল । দলৰ মুৰব্বীজনক এনেদৰে সমালোচনা কৰাক লৈ ব্যাপক প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে দলটোৰ বিধায়ক আমিনুল ইছলামে ।
উল্লেখ্য যে দেওবাৰে সুধাকণ্ঠ ভূপেন হাজৰিকাৰ সমাধিক্ষেত্ৰত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত ভূপেন বৰাই সাংসদ আজমলক নৰাধম আখ্যা দিছিল । ভূপেন বৰাৰ এই বক্তব্যৰ পাচতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিধায়ক আমিনুল ইছলামে কয় যে নৰাধমৰ অৰ্থ জানি-বুজি যদি কৈছে তেন্তে ভূপেন বৰা অসমৰ একমাত্ৰ নৰাধম ব্যক্তি ।
ভূপেন বৰাই নৰাধম আখ্যা দিয়া আজমলে অসমত ২৪ খন মহাবিদ্যালয় চলাই থকাৰ উপৰি দৰিদ্ৰ শিক্ষাৰ্থীসকলক উচ্চ শিক্ষিত কৰি আগুৱাই যোৱাৰ ব্যৱস্থা কৰি দিছে বুলি মন্তব্য কৰে আমিনুল ইছলামে । আজমলৰ কৰ্মৰাজিৰ গুণানুকীৰ্তন কৰি তেওঁ কয় যে মানৱসেৱাত ব্ৰতী আজমলৰ দৰে ব্যক্তিক ভূপেন বৰাই নৰাধম বুলি কোৱাটো অতি গৰ্হিত কাৰ্য ।
ভূপেন বৰাই ইয়াৰ বাবে অসমবাসীৰ ওচৰত ক্ষমা খুজিব লাগিব বুলি দাবী কৰি বিধায়কগৰাকীয়য়ে কয় যে অন্যথা এ আই ইউ ডি এফ দলে আইনৰ আশ্ৰয় ল'ব ৷ আনহাতে কংগ্ৰেছ দলক নৰাধম আখ্যা দি তেওঁ কয় যে কংগ্ৰেছ দলটো যিমানবাৰ শাসনলৈ আহিছে সিমানবাৰ নিকৃষ্ট ৰাজনীতি কৰি হাজাৰ হাজাৰ সংখ্যালঘু লোকক হত্যা কৰাইছিল ।
কংগ্ৰেছৰ দিনত হোৱা হত্যালীলাৰ সময়ত ভূপেন বৰা কিয় নীৰৱ আছিল বুলি প্ৰশ্ন কৰি তেওঁ কংগ্ৰেছৰ দিনত সংখ্যালঘুৰ ওপৰত চলা আক্ৰমণৰ কেইবাটাও ঘটনা দাঙি ধৰে । তেওঁ কয় যে সেই ঘটনাসমূহৰ সময়ত নীৰৱে থকা কংগ্ৰেছৰ নেতাসকল প্ৰকৃততে নৰাধম ।
লগতে পঢ়ক : Bhupen Borah slams Ajmal: সাংসদ বদৰুদ্দিন আজমলক ‘নৰাধম' আখ্যা ভূপেন বৰাৰ !