গুৱাহাটী, 30 মাৰ্চ: এ আই ইউ ডি এফে কংগ্ৰছৰ সভাপতি ছোনিয়া গান্ধীৰ লগত আলোচনা কৰা মতে এ আই ইউ ডি এফৰ বিধায়কে ৰিপুণ বৰাক ভোট দিব । বুধবাৰে বিধানসভাৰ বাহিৰত সাংবাদিকক সম্বোধন কৰি এ আই ইউ ডি এফৰ সাধাৰণ সম্পাদক তথা বিধায়ক আমিনুল ইছলামে এই মন্তব্য কৰে । তেওঁ কয় যে, এ আই ইউ ডি এফৰ বিধায়কে অসম প্ৰদেশ কংগ্ৰেছ কমিটীক লক্ষ্য কৰি ৰিপুন বৰাক ভোট নিদিয়ে । অসম ৰাজ্যিক নিৰ্বাচন আয়োগৰ নিৰ্দেশাৱলী মতেহে এ আই ইউ ডি এফে ৰাজ্য সভাৰ নিৰ্বাচনৰ ভোটগ্ৰহণৰ দিনা এ আই ইউ ডি এফৰ নিৰ্বাচনী এজেণ্ট ৰাখিব (MLA Aminul Islam comments on Rajya Sabha Election)।
উল্লেখ্য যে, বৃহস্পতিবাৰে ৰাজ্যসভাৰ দুখন আসনৰ বাবে নিৰ্বাচনৰ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব । দ্বিতীয়খন আসনৰ বাবে বিৰোধী দলৰ হৈ কংগ্ৰেছৰ ৰিপুন বৰাক প্ৰাৰ্থী হিচাপে থিয় কৰিছে । তেওঁ কয়- "আমি অসম প্ৰদেশ কংগ্ৰেছৰ এজেন্ট লোৱাতো অসম ৰাজ্যিক নিৰ্বাচন আয়োগৰ নিয়মক বিৰোধিতা কৰা । আমি কংগ্ৰেছৰ কথা মতে নিয়ম বিৰোধী কাম নকৰোঁ । তেওঁ কয় যে ৰিপুন বৰাক কংগ্ৰেছৰ ভূপেন বৰা, গৌৰৱ গগৈ আৰু দেৱব্ৰত শইকীয়াই হৰুবাৱ বিচাৰি আছে বাবে এ আই ইউ ডি এফক দোষ দিবলৈ আৰম্ভ কৰিছে ।’’
উল্লেখ্য যে, বুধবাৰে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কৈছিল যে নিৰ্বাচনত বিৰোধী দলৰ হৈ ৰিপুন বৰাক নিৰ্বাচনী এজেণ্ট কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল । কিন্তু এ আই ইউ ডি এফে নিজৰ এজেন্ট ঠিক কৰিছে । এয়া দেখাদেখি বিশ্বঘাটকতা । ভূপেন বৰাক উভতি ধৰি এ আই ইউ ডি এফৰ সাধাৰণ সম্পাদক তথা বিধায়ক আমিনুল ইছলামে কয় যে এ আই ইউ ডি এফ ভূপেন বৰাৰ মতে নচলে । ভূপেন বৰাই একো নাজানে। তেওঁ কয় যে বৃহস্পতিবাৰে এ আই ইউ ডি এফৰ সকলো বিধায়কে বি জে পিৰ বিৰুদ্ধে ৰিপুন বৰাকে ভোট দিব । কোনবাই ভোটদান নকৰিলে দলীয়ভাবে ব্যৱস্থা গ্ৰহণ কৰা হ'ব ।
ইপিনে এ আই ইউ ডি এফৰ এ আই ইউ ডি এফৰ বিধায়ক কৰিমুদ্দিন বৰভূঞাই অভিযোগ কৰি কয় যে কংগ্ৰেছৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক জীতেদ্ৰ সিঙে হিমন্ত বিশ্ব শৰ্মা আৰু বি জে পিত থকা কংগ্ৰেছৰ পুৰণি বিধায়কসকলৰ লগত এতিয়াও গোপনে ফোনত সদায় কথা পাতে । তেওঁ কয় -এই ৰহস্য মই ৰাজহুৱা কৰিম । আচলতে কংগ্ৰেছৰ কিছুমান নেতাই ৰিপুন বৰা জয়ী হোৱাতো বিচৰা নাই । সেয়েহে ভূপেন বৰাই এ আই ইউ ডি এফৰ ওপৰত দোষ জাপি দিব বিচাৰিছে ।
লগতে পঢ়ক: কাইলৈ ৰাজ্যসভা নিৰ্বাচন: জয়ী হোৱাৰ দাবী ৰিপুণ বৰাৰ