ETV Bharat / state

Akhil Gogoi health update: উন্নত চিকিৎসাৰ বাবে বেংগালুৰুলৈ স্থানান্তৰ বিধায়ক অখিল গগৈক

author img

By

Published : Nov 1, 2022, 4:12 PM IST

হৃদযন্ত্রৰ এক ৰোগত আক্ৰান্ত হোৱা অখিল গগৈ চিকিৎসাধীন হৈ আছিল গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত (MLA Akhil Gogoi hospitalized)। উন্নত চিকিৎসাৰ বাবে আজি বিয়লি যাব বেংগালুৰুলৈ । বেংগালুৰুৰ নাৰায়ণা হেল্থ হাস্পতালত অখিল গগৈৰ চিকিৎসা চলিব (Akhil Gogoi shifted to Bengaluru)।

Akhil Gogoi health update
Akhil Gogoi health update

গুৱাহাটী, 1 নৱেম্বৰ: হৃদযন্ত্ৰৰ ছুপ্ৰা ভেণ্টিকুলাৰ টিকিকার্ডিয়া ৰোগত আক্ৰান্ত হৈছে কৃষক নেতা অখিল গগৈ । ইয়াৰ বাবে প্ৰয়োজন হ'ব অস্ত্ৰোপচাৰৰ । হৃদযন্ত্ৰৰ এই অস্ত্রোপচাৰৰ বাবে ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ যাব বেংগালুৰুলৈ (MLA Akhil Gogoi shifted to Bengaluru)। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসা গ্রহণ কৰা অখিল গগৈৰ হৃদযন্ত্ৰৰ উক্ত ৰোগৰ অস্ত্রোপচাৰ অসমত সম্ভৱ নোহোৱাৰ বাবেই বহিঃৰাজ্যৰ উন্নত চিকিৎসালয়ত সম্পন্ন কৰাৰ বাবে পৰামৰ্শ দিছে চিকিৎসকে ।

চিকিৎসকৰ পৰামৰ্শ মানি বেংগালুৰুত অস্ত্ৰোপচাৰৰ সিদ্ধান্ত গ্রহণ কৰিছে বিধায়ক গগৈয়ে (Akhil Gogoi health update)। সোমবাৰে জি এম চি এইচৰ পৰা অব্যাহতি দিয়া হৈছে অখিল গগৈক । আজি বিয়লি বেংগালুৰুলৈ ৰাওনা হ'ব অখিল গগৈয়ে । উল্লেখ যে, বিধায়ক অখিল গগৈয়ে চিকিৎসাৰ বাবে বহিঃৰাজ্যলৈ যাবলগীয়া হোৱা কাৰ্যই ৰাজ্যৰ স্বাস্থ্যখণ্ডৰ প্ৰকৃত স্বৰূপটোক লৈ বিশেষ চৰ্চা হৈছে ।

ৰাজ্যত বিশাল বিশাল বিল্ডিং নির্মাণেৰে এখনৰ পাছত এখনকৈ চিকিৎসা মহাবিদ্যালয় হাস্পতাল স্থাপন কৰা হৈছে যদিও হৃদযন্ত্ৰৰ এটা অস্ত্ৰোপচাৰ সম্ভৱ নোহোৱাত স্বাস্থ্যখণ্ডৰ উন্নয়নক লৈ প্রশ্ন উত্থাপন হৈছে ।

উল্লেখ্য যে, ২৮ অক্টোবৰৰ পৰা গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাৰ বাবে ভৰ্তি হৈ আছিল বিধায়কগৰাকী । চাৰিদিনে জি এম চি এইচত চিকিৎসাধীন হৈ আছিল বিধায়ক অখিল গগৈ । বুকুৰ বিষৰ বাবে চিকিৎসাধীন হৈ থকা অখিল গগৈক উন্নত চিকিৎসাৰ বাবে আজি বিয়লি বেংগালুৰুলৈ যাব । বেংগালুৰুৰ নাৰায়ণা হেল্থ হাস্পতালত অখিল গগৈৰ চিকিৎসা চলিব ।

হৃদৰোগত আক্ৰান্ত অখিল গগৈয়ে ইয়াৰ পূৰ্বে দিল্লীত থকা সময়ত ২৬ অক্টোবৰত অসুস্থ অনুভৱ কৰাত দিল্লীৰ এখন হাস্পতালত চিকিৎসাধীন হৈছিল (MLA Akhil Gogoi Health Condition) । পিছত স্বাস্থ্যৰ উন্নতি হোৱাত তেওঁ ঘৰলৈ ঘূৰি আহিছিল যদিও দিল্লীৰ পৰা উভতি আহিয়েই ২৮ অক্টোবৰত পুনৰ স্বাস্থ্যৰ অৱনতি ঘটাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি হয় বিধায়কগৰাকী(Guwahati medical college and hospital) ।

কিন্তু ৰোগে লগ এৰা দিয়া নাই বিধায়কগৰাকীৰ ৷ উন্নত হোৱা নাই বিধায়ক অখিল গগৈৰ স্বাস্থ্য । ২৮ অক্টোবৰৰ পৰা গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালতে চিকিৎসাৰ বাবে ভৰ্তি হৈ আছে বিধায়কগৰাকী । গুৱাহাটী মেডিকেল কলেজ হাস্পতালত কাৰ্ডিঅ’লজি বিভাগত ভৰ্তি হৈ আছে শিৱসাগৰৰ বিধায়ক অখিল গগৈ ।

লগতে পঢ়ক: Akhil Gogoi Admitted in GMCH: জি এম চি এইচত ভৰ্তি অখিল গগৈক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.