গুৱাহাটী,৬ ছেপ্টেম্বৰ: চৰকাৰ তথা প্ৰশাসনে শিলসাঁকোত বছৰ বছৰ ধৰি বাস কৰি অহা অসমৰ খিলঞ্জীয়াৰ ওপৰত চলোৱা উচ্ছেদ সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে । শিলসাঁকো সন্দৰ্ভত বিধায়ক অখিল গগৈয়ে কয়,"ৰাইজ দলে সদায় উচ্ছেদৰ বিৰোধ কৰি আহিছো । আনহাতে, শিলসাঁকো উচ্ছেদ বন্ধ কৰিবলৈ চৰকাৰক বাৰম্বাৰ দাবী জনায় আহিছো । " শিলসাঁকোৰ থলুৱা লোকসকলক উচ্ছেদ কৰি ঘৰ মাটি কাঢ়ি নিয়া চৰকাৰখনে সেই মাটি পুনৰ কাক দিব সেয়া স্পষ্ট কৰিবলৈ তেওঁ আহবান জনায় ।
লগতে পঢ়ক:Silsako Beel eviction: শিলসাঁকোৰ উচ্ছেদিত জনতাৰ কাষত ‘জাগ্ৰত প্রহৰী অসম’
আনহাতে, ভূমিৰ অধিকাৰৰ দাবীত শিলসাঁকোত উচ্ছেদ প্ৰতিৰোধী ৰাইজৰ প্ৰতিবাদী কাৰ্যসূচীত ভাগ লোৱা তেওঁৰ পুত্ৰ নচিকেতাৰ সন্দৰ্ভত বিধায়ক গৰাকীয়ে কয় ," শিলসাঁকোৰ প্ৰতিবাদী কাৰ্যসূচীত মোৰ লৰাই ভাগ লোৱা মই দেখিছোঁ। কিন্তু মই মোৰ ল'ৰাই প্ৰতিবাদ কৰাৰ কথাৰ বিষয়ে অৱগত নহও । কিয়নো শিলসাঁকোৰ সেই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ বাবে মোৰ পৰা অনুমতি লোৱা নাছিল পুত্ৰই । পুত্ৰ নচিকেতা আন্দোলনমুখী হোৱাৰ ফলত পুত্ৰৰ শৈক্ষিক জীৱনত কিছু পৰিমাণে হ'লেও ক্ষতি হোৱাৰ আশংকা ব্যক্ত কৰি পিতৃ অখিল গগৈয়ে কয়,"পুত্ৰক উচ্চশিক্ষিত কৰাৰ বাবে পইছা খৰচ কৰি দিল্লীত নামভৰ্তি কৰাইছিলো । কিন্তু সি সেই সিদ্ধান্ত বাতিল কৰি নিজেই অসমত অধ্যয়ন কৰিছে ।"
লগতে পঢ়ক:Paban Singh Ghatowar Reaction: প্ৰতিবাদ কৰা মহিলাক বিজেপিৰ দুস্কৃতিকাৰী আখ্যা কংগ্ৰেছ নেতা ঘাটোৱাৰৰ
উল্লেখ্য় যে হৃদয় ভঙা কান্দোনেও ৰখাব পৰা নাই খিলঞ্জীয়া চৰকাৰৰ অমানবীয় উচ্ছেদ অভিযান । জাতি-মাটি-ভেঁটিৰ শ্ল’গান দি দিছপুৰৰ মজিয়া দখল কৰা বিজেপি চৰকাৰখনে এফালৰ পৰা তচনচ কৰি পেলাইছে থলুৱা লোকৰ ঘৰ মাটি । শিলসাঁকোৰ জনতাৰ প্ৰতিবাদকো নেওচি শিলসাঁকোত অব্যাহত আৰক্ষী-প্ৰশাসনৰ উচ্ছেদ অভিযান ।
লগতে পঢ়ক:Silsako Beel eviction : শিলসাঁকোৰ জনতাৰ প্ৰতিবাদ নস্যাৎ কৰি তৃতীয় দিনাও চলিল প্ৰশাসনৰ বুলড’জাৰ