গুৱাহাটী, ৩ আগষ্ট: চৰকাৰী বিদ্যালয়ত শিক্ষাৰ গুণগত মান নিশ্চিত কৰাৰ দাবীত মঙলবাৰে শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে দিছপুৰ লাষ্টগেটস্থিত আম্বেদকাৰৰ প্ৰতিমূৰ্তিৰ সমীপত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে (Akhil Gogoi protest in assembly campus) । প্ৰতিবাদ কাৰ্যসূচীৰ জৰিয়তে বিধায়ক অখিল গগৈয়ে শিক্ষাৰ সংস্কাৰৰ নামত চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ তীব্ৰ বিৰোধীতা কৰে (Mathematics and science will be taught in English) ।
তেওঁ চৰকাৰী বিদ্যালয়সমূহত তৃতীয় শ্ৰেণীৰ পৰা বিজ্ঞান আৰু অংক বিষয় ইংৰাজী মাধ্যমত শিক্ষা প্ৰদানৰ সিদ্ধান্তৰ বিৰোধীতা কৰে ( Akhil Gogoi opposes Assam govt decision) । বিধায়ক অখিল গগৈয়ে গণিত আৰু বিজ্ঞান বিষয়ত দ্বি-ভাষী পাঠ্যক্ৰম প্ৰস্তুত কৰাৰ দাবী জনায় ।
আনহাতে অসমীয়া মাধ্যমৰ চৰকাৰী বিদ্যালয়ৰ সমান্তৰালভাৱে ইংৰাজী মাধ্যমত শিক্ষা প্ৰদানৰ সিদ্ধান্তৰ বিৰোধ কৰি তেওঁ মাতৃভাষা মাধ্যমৰ শিক্ষা প্ৰদানৰ ক্ষেত্ৰত এন ই পি ২০২০ৰ ৪.১৪ আৰু ১.১১ নিৰ্দেশনা বাহাল ৰখাৰ দাবী জনায় (New education system Assam) । লগতে তেওঁ কোনো অপ্ৰাদেশীকৃত বিদ্যালয়ক ভৱিষ্যতে প্ৰাদেশিকীৰণ নকৰাৰ সিদ্ধান্ত আৰু অসমৰ চৰকাৰী খণ্ডৰ বিদ্যালয় বন্ধ কৰা তথা সংলগ্ন কৰা ব্যৱস্থা বাতিল কৰাৰ দাবী জনায় ।
প্ৰতিবাদী কাৰ্যসূচীৰ যোগেদি তেওঁ দাবী সম্বলিত এখন স্মাৰক পত্ৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ প্ৰেৰণ কৰাৰ (Akhil Gogoi memorandum sent to CM) লগতে এখন প্ৰতিলিপি শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুলৈ প্ৰেৰণ কৰা কৰে ৷ লগতে তেওঁ চৰকাৰী এই সিদ্ধান্তসমূহ অসমৰ ছাত্ৰ-ছাত্ৰী,শিক্ষক সমাজ, অসমৰ শিক্ষা জগত আৰু অসমৰ জনগণৰ ভৱিষ্যতৰ বাবে ভয়ংকৰ দুৰ্যোগৰূপে চিহ্নিত হ’ব বুলি উল্লেখ কৰে ৷ সেয়েহে চৰকাৰৰ এই চাৰিটা সিদ্ধান্ত অতিশীঘ্ৰে বাতিল কৰিবলৈ দাবী জনায় বিধায়কগৰাকীয়ে ৷
ইয়াৰ লগতে তেওঁ অসমৰ চৰকাৰী বিদ্যালয়সমূহৰ শিক্ষাৰ মান অধোগতি হোৱাৰ অথবা আশাপ্ৰদ নোহোৱাৰ প্ৰধান কাৰণ চৰকাৰী শিক্ষানুষ্ঠানসমূহত গুণগত শিক্ষাৰ অভাৱ বুলি উল্লেখ কৰে ৷ যথোপযুক্ত শিক্ষক নিযুক্তি নিদিয়া, শিক্ষকসকলক সময় উপযোগী প্ৰশিক্ষণৰ ব্যৱস্থা নকৰা, বিদ্যালয়সমূহৰ আন্তঃগাঁথনিৰ মান উন্নত নকৰা, শিক্ষকসকলক অশৈক্ষিক কামত ব্যৱহাৰ কৰা, শিক্ষানুষ্ঠানসমূহৰ শৈক্ষিক পৰিৱেশৰ ওপৰত যথোপযুক্ত তদাৰকীৰ ব্যৱস্থা নকৰা আৰু সঠিক পৰিকল্পনাৰ অভাৱৰ বাবেহে বৰ্তমান সময়ত অসমৰ চৰকাৰী খণ্ডৰ শিক্ষানুষ্ঠানৰ শৈক্ষিক মান নিম্নগামী হৈছে বুলি সদৰি কৰে বিধায়কগৰাকীয়ে ৷
তাৰোপৰি, ভাৰতৰ বাহিৰে পৃথিৱীৰ কোনো দেশতে শিক্ষার্থীক মাতৃভাষাৰ পৰিৱৰ্তে আন এটা ভাষাত শিক্ষা গ্ৰহণ কৰাৰ ব্যৱস্থা দেখা নাযায় বুলি তেওঁ কয় ৷ চৰকাৰে এই সিদ্ধান্ত সমূহ বাতিল নকৰিলে ৰাইজৰ দলে আন্দোলন অব্যাহত ৰাখিব বুলি তেওঁ কয় ।