ETV Bharat / state

Autumn session of Assam Assembly : ৰাজ্যৰ শোচনীয় অৰ্থনৈতিক অৱস্থাক লৈ সৰৱ বিধায়ক অখিল গগৈ

author img

By ETV Bharat Assamese Team

Published : Sep 13, 2023, 5:50 PM IST

বিধানসভা চৌহদত বুধবাৰে ৰাজ্য চৰকাৰক সমালোচনাৰে থকা-সৰকা কৰে বিধায়ক অখিল গগৈয়ে ৷ ৰাজ্যৰ শোচনীয় অৰ্থনৈতিক অৱস্থাক লৈ চৰকাৰক সমালোচনা বিধায়ক অখিল গগৈৰ ৷

Mla Akhil Gogoi
ৰাজ্যৰ শোচনীয় অৰ্থনৈতিক অৱস্থাক লৈ চৰকাৰক সমালোচনা
চৰকাৰক সমালোচনাৰে থকা-সৰকা বিধায়ক অখিল গগৈৰ

গুৱাহাটী, ১৩ ছেপ্টেম্বৰ : অসম বিধানসভাৰ শৰতকালীন অধিৱেশনৰ বুধবাৰে তৃতীয় দিনা প্ৰতিবাদ নকৰিলেও কিন্তু চৰকাৰক সমালোচনা নকৰাকৈ নাথাকিল শিৱসাগৰৰ বিধায়ক অখিল গগৈ ৷ বিধানসভা চৌহদত বুধবাৰে পুনৰ ৰাজ্য চৰকাৰক সমালোচনাৰে থকা-সৰকা কৰে বিধায়ক অখিল গগৈয়ে ৷

সংবাদ মাধ্যমৰ আগত তেওঁ কয় যে অসমৰ ৰাইজৰ আয় সাংঘাতিক ধৰণে কম হোৱা বাবে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই সকলো সময়তে অৰুণোদয় আঁচনিৰ কথা ক'ব লাগে, প্ৰতিখন কেবিনেটত হিতাধিকাৰী বৃদ্ধি কৰাৰ কথা ঘোষণা কৰে ৷ ৰাজ্যখনৰ শোচনীয় অৱস্থাৰ কথা সদৰী কৰি তেওঁ কয় যে ১,২৫০ টকা মানে ১০ ডলাৰ ৷ আমেৰিকাত এই ১০ ডলাৰৰ যোগেদি মাত্র ১০ কেজি চাউলো ক্ৰয় কৰিব পৰা নাযায় ৷

আজিৰ তাৰিখত অসমৰ মানুহৰ অৱস্থা সাংঘাতিক ধৰণে বেয়া বুলি উল্লেখ কৰি তেওঁ কয় যে বৰ্তমান অসমৰ এজন লোকৰ গড় আয় এবছৰত ১ লাখ ১৮ হাজাৰ টকা ৷ ইয়াৰ বিপৰীতে গোৱাৰ এজন লোকৰ গড় উপাৰ্জন ৪ লাখ ৮৭ হাজাৰ টকা ৷ ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰায় দুই লাখৰ ওচৰত ৷ অসমত গড় হিচাপত এজন লোকে বছৰত উপাৰ্জন কৰে মাত্র এক লাখ ১৮ হাজাৰ টকা ৷ তেওঁ কয় যে চৰকাৰখনে ৰাজ্যখনৰ লোকৰ আয় বৃদ্ধিৰ বাবে কোনো কাম কৰা নাই ৷

সদনত মঙলবাৰে অনা সংকল্প প্ৰস্তাৱৰ প্ৰসংগত তেওঁ কয় যে অসমক বছৰত কমেও তিনিবাৰ খেতি কৰাৰ ৰাজ্যত পৰিণত কৰাৰ কথা কোৱা হৈছিল ৷ জলসিঞ্চনৰ ব্যৱস্থা কৰা আৰু বানপানী-গৰাখহনীয়াৰ পৰা ৰক্ষা কৰি বছৰত তিনিবাৰ খেতি কৰাৰ ব্যৱস্থা কৰাৰ লগতে বজাৰ দখল কৰাৰ কথা কৈছিল ৷ কিন্তু এই বিষয়টোৰ গুৰুত্ব উপলব্ধি নকৰিলে চৰকাৰে ৷ আনহাতে মুখ্যমন্ত্রীৰ হেলিকপ্টাৰ খৰচৰ প্ৰসংগত সৰৱ হৈ তেওঁ কয় যে আন বাহনৰ খৰচ বাদ দিয়ক ৷ মুখ্যমন্ত্রীয়ে হেলিকপ্টাৰত ঘূৰাৰ বাবে দৈনিক প্ৰায় ৯.৫০ লাখ টকা খৰচ কৰে ৷ ইফালে চৰকাৰখনে এটা পৰিয়ালক মাহে দিয়ে ১,২৫০ টকা ৷ বিদ্যুতৰ মাছুল প্ৰতি ইউনিটত লয় ৭.৬০ টকা ৷ এনে পৰিস্থিতিত কিদৰে ৰাজ্যখনৰ মানুহৰ অৰ্থনৈতিক অৱস্থা ভাল হ'ব বুলি তেওঁ প্ৰশ্ন কৰে ৷

লগতে পঢ়ক : DGP GP Singh: শিৱসাগৰত আৰক্ষী সঞ্চালক প্ৰধানৰ আইন-শৃংখলা পৰ্যালোচনা বৈঠক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.